Logo
image

লোকনিৰ্মাণত সৰু মাছক গিলিছে ডাঙৰ মাছে!

ডিজিটেল ডেস্ক : ৰাজ্যত ঠিকাৰ কামৰ নামত এতিয়া শিয়ালৰ ৰাজত্ব চলিছে৷ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত যেন সৰু মাছক গিলিছে ডাঙৰ মাছে৷ এসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকনিৰ্মাণ বিভাগত নতুনকৈ পাঁচ শতাধিক  যুৱ ঠিকাদাৰৰ সংস্থাপনৰ বাট মুকলি কৰিব বুলি ঘোষণা কৰিছিল যদিও এতিয়া লোকনিৰ্মাণ বিভাগতেই সৰু সৰু ঠিকাদাৰৰ অস্তিত্ব নোহোৱা হৈ পৰিছে৷ এককথাত লোকনিৰ্মাণ বিভাগৰ কামত ডাঙৰ ডাঙৰ পুঁজিপতি ৰাজনৈতিক আশিসধন্য ঠিকাদাৰৰ ৰাজত্ব চলিছে৷– অৱশ্যে এই অভিযোগ আমাৰ নহয়৷ কোনো ঠিকাদাৰ সংস্থাই সংবাদমেলত কৰা অভিযোগো নহয়৷ লোকনিৰ্মাণ বিভাগৰ ঠিকা আৱণ্টনৰ নীতিক লৈ চৰকাৰক এইদৰে যেন মুকলিকৈ সমালোচনা কৰিছে খোদ বিজেপি বিধায়ক মৃণাল শইকীয়াই৷ খুমটাই সমষ্টিৰ বিধায়কজনৰ এই অসন্তুষ্টিক লৈ দিছপুৰৰ বাহিৰে-ভিতৰে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ খুমটাই সমষ্টিৰ বাট-পথ নিৰ্মাণ সন্দৰ্ভত লোক নিৰ্মাণ বিভাগৰ কেইটামান নিবিদাৰ বিজ্ঞাপন সামাজিক মাধ্যমত প্ৰচাৰ কৰি নিজৰ দলৰ চৰকাৰৰ কাৰ্যক ৰাজহুৱাকৈ সমালোচনা কৰিলে শাসকীয় বিধায়কজনে৷ বিভিন্ন বিভাগৰ ঠিকাৰ নিবিদা বৃহৎ পেকেট হিচাপে আবণ্টন দি সৰু ঠিকাদাৰসকলক পেটে-ভাতে মৰাৰ দিছপুৰীয়া চক্ৰান্তত খৰ্গহস্ত হৈ পৰিছে বিধায়কজন৷ ফলত চৰকাৰক সমালোচনাৰ বাবে অৱশেষত সহায় ল’লে টুইটাৰৰ৷ মৃণাল শইকীয়াৰ এই টুইটক লৈ বিজেপি দলৰ মজিয়াতো চৰ্চা আৰম্ভ হৈছে৷ লোকনিৰ্মাণ বিভাগৰ নিবিদাৰ প্ৰতিলিপি আপলোড কৰি এটা টুইটত বিধায়ক মৃণাল শইকীয়াই লিখিছে যে– লোকনিৰ্মাণ বিভাগত শিয়ালৰ ৰাজত্ব চলিছে৷ নিজৰ ভাগ্য বনাবলৈ চেষ্টা কৰা সৰু সৰু ঠিকাদাৰসকলক বিদায়৷ ডাঙৰ শিয়ালৰূপী ঠিকাদাৰসকলহে পি ডব্লিউ ডি বিভাগলৈ স্বাগতম৷ বিধায়ক শইকীয়াই লগতে সকলো বিভাগকে ডাঙৰ পেকেজৰ ঠিকাৰ কামৰ বাবে সাঁজু হ’বলৈও সতৰ্ক কৰি দিছে৷ মুঠৰ ওপৰত বিজেপি বিধায়কজনে লোকনিৰ্মাণ বিভাগত সৰু সৰু ঠিকাদাৰসকলৰ কামক চৰকাৰী পৃষ্ঠপোষকতাতে ডাঙৰ ডাঙৰ ঠিকাদাৰসকলে কাঢ়ি নিয়াৰ সুযোগ দিয়া বুলিও ক্ষোভ ব্যক্ত কৰিছে৷ বিধায়কজনে লোকনিৰ্মাণ বিভাগৰ ৭টা ঠিকা কামৰ উদাহৰণ দাঙি ধৰিছে৷ ৭টা কাম কোনোটোৱেই লাখ টকাৰ বাজেটৰ ভিতৰত নহয়৷ প্ৰতিটো ঠিকাই কোটি টকাৰ ওপৰত৷ কোনোবাটো কাম যদি নূন্যতম ১ কোটি ৪০ লাখ টকা, আন কোনোবাটো সৰ্বাধিক ৪ কোটি ৫৬ লাখ টকা বাজেটৰ৷ আনকি টুইট কৰি ক্ষোভ প্ৰকাশ কৰাতে ক্ষান্ত নাথাকি বিধায়ক মৃণাল শইকীয়াই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এতিয়া সৰু সৰু ঠিকাদাৰসকলক ঠিকাৰ কাম কৰাৰ আশা বাদ দি আন ব্যৱসায়ত মনোনিৱেশ কৰিবলৈও পৰামৰ্শ দিয়ে৷ উল্লেখ্য, শেহতীয়াকৈ ৰাজ্যৰ প্ৰতিটো বিভাগতে কেইবাটাও প্ৰকল্পক একলগ কৰি একোটা নিবিদা প্ৰকাশ কৰি ঠিকাৰ বাজেট ৰ কোটি টকাৰ ওপৰত ধাৰ্য কৰে৷ কোটিটকীয়া কাম কৰিবলৈ থলুৱা ঠিকাদাৰসকলৰ পুঁজিৰ অভাৱ হোৱাত পুঁজিপতি ঠিকাদাৰসকলে কাম হস্তগত কৰা বুলিও অভিযোগ দীৰ্ঘদিনীয়া৷ তদুপৰি পুঁজিপতি বিশেষ ঠিকাদাৰক কাম আৱণ্টন দিয়াৰ স্বাৰ্থত বিভাগসমূহে নিবিদাত কঠোৰ চৰ্ত আৰোপ কৰাৰো অভিযোগ কৰিছে একাংশ ঠিকাদাৰে৷ ঠিকাদাৰসকলৰ এনে অসন্তুষ্টিৰ মাজতে শাসকীয় বিধায়ক মৃণাল শইকীয়াৰ টুইটে এতিয়া স্বাভাৱিকভাৱেই খলকনিৰ সৃষ্টি কৰিছে৷ অৱশ্যে বিধায়ক মৃণাল শইকীয়াৰ বক্তব্যৰ বিৰোধিতা কৰি বিজেপিৰে লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– ঠিকাদাৰ সদায় ঠিকাদাৰেই, থলুৱা ঠিকাদাৰ থাকে নেকি? সৰু-ডাঙৰ বুলি ঠিকাদাৰ নাথাকে? আজিকালি পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ হয়৷ কিন্তু বহু ঠিকাদাৰৰ প্ৰযুক্তিগত সা-সৰঞ্জাম নাথাকে? সেই কাৰণে ভাল ঠিকাদাৰক কাম দিয়া হয়৷ চৰকাৰী ব্যৱস্থাৰ মতে ঠিকাদাৰে কাম লাভ কৰে৷ শিয়াল এটা জীৱ হয়৷ পৃথিৱীত শিয়াল থাকিব লাগিব৷

এয়া বিজেপিৰ কমিচনৰ অংক! ভূপেন বৰা

খুমটাইত আজি পাঁচ সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণেৰে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণি পৰে৷ পুৱা সাংসদ গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰাণা গোস্বামী, বিধায়িকা শিৱামণি বৰাসহ কংগ্ৰেছৰ এটি দল কমাৰগাঁৱৰ পানীদিহিঙীয়াৰ শিল্পী আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰাহলয়ত উপস্থিত হৈ শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন,আৱক্ষমূৰ্ত্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে শিল্পীগৰাকী সংগ্ৰহালয়ত উপস্থিত হৈ আইদেউ সন্দিকৈ ভতিজা বোৱাৰী ৰুণু সন্দিকৈক সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক বিধানসভাত শিল্পী আইদেউ সন্দিকৈ আৰু শিল্পী মোহিনী ৰাজকুমাৰী ক্ষুদ্ৰ সংগ্ৰাহলয়কেইটা চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰি আটকধুনীয়াকৈ নিৰ্মাণ কৰি পৰ্যটনৰ এক সম্বল হিচাপে গঢ়ি তুলিবলৈ চৰকাৰক দাবী জনাব বুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আশ্বাস প্ৰদান কৰে৷ ইয়াৰ পাছতেই কমাৰগাঁও নাট্যমন্দিৰত এখন সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ দলটিয়ে কমাৰগাঁৱৰ পৰা খুমটাইলৈ প্ৰায় ১০ কিঃমিঃ পথ সহস্ৰাধিক সমৰ্থকৰ সৈতে পদযাত্ৰা কৰে৷ আনহাতে, খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই টুইটাৰৰ জৰিয়তে অসমত শিয়ালৰ ৰাজত্ব চলি থকা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ গৌৰৱ গগৈয়ে৷ ইফালে কংগ্ৰেছৰ তিনিজন নেতাই খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই টুইটাৰত কৰা মন্তব্য কটাক্ষ কৰি সাংসদ গগৈ আৰু বিৰোধী দলপতিজনে কয় খোদ চৰকাৰী বিধায়কয়েই এনে মন্তব্য কৰা বিষয়টোৱে চৰকাৰৰ ভিতৰচ’ৰাৰ পুতৌলগা দিশটোক প্ৰতিফলিত কৰিছে৷ বিধায়ক শইকীয়াই কৰা বক্তব্য কংগ্ৰেছ দলে কেতিয়াবাই কৰিছিল আৰু আজি চৰকাৰী পক্ষৰ বিধায়কে তাৰ প্ৰতিফলন কৰিছে৷ আনহাতে, দলটোৰ সভাপতি ভূপেন বৰাই বিধায়াক শইকীয়াই টুইটাৰৰ মন্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, ডাঙৰ কমিচনৰ অংকৰ বাবে লোকনিৰ্মাণ বিভাগৰ ঠিকা ডাঙৰ ঠিকাদাৰক দিছে এইয়া বিজেপিৰ কমিচনৰ অংক, বিধায়ক মৃণাল শইকীয়াই টোপনিতে হওক বা হাৰ পায়েই হওক সঁচা কথা কৈছে বুলি কটাক্ষ কৰে৷ আনহাতে, অখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে দিয়া পত্ৰৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, মোলৈ এখন পত্ৰ আহিছে যিসকলে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা নাই৷ যিসকলে দলত থাকি মূৰপুলুকা মাৰি আছে সেইসকলৰ বিৰুদ্ধে মই পত্ৰৰ জৰিয়তে নাম তালিকা উল্লেখ কৰি ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিম বুলি সভাপতি বৰাই কৌশলপূৰ্ণ মন্তব্য প্ৰদান কৰে৷  আজি ভাৰত জোড়ো যাত্ৰা অংশগ্ৰহণ কৰি বিধায়িকা শিৱামণি বৰা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোলাপ শইকীয়াই বিজেপি বিধায়ক মৃণাল শইকীয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে খুমটাইত কংগ্ৰেছ শূন্য বুলি কোৱা বিধায়কে আজি চাই লওক৷ কাৰণ আজি চৰকাৰৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তঃভাৱে ৰাইজ ওলাই আহিছে৷ ইয়াৰ পৰাই প্ৰমাণ যে, খুমটাইত কংগ্ৰেছ শক্তিশালী হৈ আছে৷ ইফালে খুমটাইত ভাৰত জোড়ো কাৰ্যসূচীত অংশ লৈ সাংসদ গৌৰৱ গগৈয়ে প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞাৰ সোঁৱৰণত সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ পৰা দহ লাখ টকা আৰু চৈয়দ আব্দুল মালিকৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে দহ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা সাংসদজনে সংবাদ মাধ্যমযোগে ঘোষণা কৰে ৷ আজি এই যাত্ৰাত নিখিল ভাৰত কংগ্ৰছ কমিটীৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়,তিতাবৰ বিধায়ক ভাস্কৰ বৰুৱা, কংগ্ৰেছ নেতা অপূৰ্ব ভটাচাৰ্য, প্ৰাক্তন বিধায়ক ৰমেন বৰঠাকুৰ, প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কি, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈকে আদি কৰি বহুসংখ্যক কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে৷