Logo
image

নাৰ্কো টেষ্টত আফতাবৰ স্বীকাৰোক্তি : খঙত হত্যা কৰিছিল শ্ৰদ্ধাক

ডিজিটেল ডেস্ক : শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাই নাৰ্কো টেষ্টত শ্ৰদ্ধাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে৷ সুত্ৰই জনোৱা অনুসৰি, আফতাবে এইটোও স্বীকাৰ কৰিছে যে খঙৰ কাৰণেহে হত্য়া কৰিলে শ্ৰদ্ধাক৷ ইয়াৰ পূৰ্বে পলিগ্ৰাফ টেষ্টতো লিভ-ইন সঙ্গী শ্ৰদ্ধাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে আফতাবে৷ শ্ৰদ্ধাক হত্যা কৰি অনুতপ্ত নহয় বুলিও কৈছে আফতাবে৷

শ্ৰদ্ধাক হত্যাৰ পিছত নিজৰ মোবাইল ফোন OLXৰ জৰিয়তে বিক্ৰী কৰিছিল আফতাবে৷  আৰক্ষীয়ে আফতাবৰ মোবাইল ফোন ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে৷ দিল্লীৰ এজন যুৱকে OLXৰ জৰিয়তে আফতাবৰ মোবাইল ফোন ক্ৰয় কৰিছিল৷ যুৱকজনে আৰক্ষীক জনোৱা অনুসৰি আফতাবে মোবাইল ফোনটো ফৰ্মেট মাৰি বিক্ৰী কৰিছিল৷ উল্লেখ্য যে শীঘ্ৰে ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব আফতাবৰ মোবাইল ফোনটো৷ 

ইফালে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে শ্ৰদ্ধাক হত্যাৰ পিছত আফতাবৰ জীৱনলৈ আহিছিল নতুন প্ৰেমিকা৷ আৰক্ষীৰ জেৰাত বহু চাঞ্চল্যকৰ কথা স্বীকাৰ কৰিছে আফতাবৰ নতুন প্ৰেমিকাই৷ আৰক্ষীৰ সুত্ৰই জনোৱা অনুসৰি আফতাবৰ নতুন প্ৰেমিকাই আৰক্ষীক জনাইছে যে শ্ৰদ্ধা হত্যাকাণ্ডৰ বিষয়ে তেওঁ জ্ঞাত নাছিল৷ এই হত্যাকাণ্ডৰ বিষয়ে জনাৰ পিছত তেওঁ হতবাক হৈ পৰিছিল৷ আফতাৰ নতুন প্ৰেমিকাই আৰক্ষীক দিয়া মন্তব্য অনুসৰি তেওঁ এই বিষয়ে জ্ঞাত নাছিল যে যিটো ফ্লেটত তেওঁ আফতাবৰ সৈতে আছিল সেই ফ্লেটত শ্ৰদ্ধাৰ শৰীৰৰ কটা টুকুৰাবোৰ ৰখা হৈছিল৷ লগতে তেওঁ আৰক্ষীক কয় যে আফতাবে তেওঁক ১২ অক্টোবৰত এটা আঙুঠি উপহাৰ দিছিল, যিটো শ্ৰদ্ধাৰ আছিল৷