Logo
image

মাৰাডোনাক চেৰ পেলালে মেছিয়ে

ডিজিটেল ডেস্ক :  কাতাৰ বিশ্বকাপত বুধবাৰে পোলেণ্ডক ২-০ গ’লত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে আৰ্জেণ্টিনাই৷ খেলখনত গ’ল কৰিবলৈ সক্ষম নহ’ল তাৰকা খেলুৱৈ লিঅ’নেল মেছি৷ পেনাল্টীএটা কাৰ্যকৰী কৰাটো ব্যৰ্থ হৈছিল মেছি৷ গ’ল কৰাত ব্যৰ্থ হ’লেও মেছি খেলখনত এটা কৃতিত্বৰ অধিকাৰী হয়৷ কেৰিয়াৰৰ ৯৯৯ সংখ্যক খেলত [ক্লাব আৰু দেশৰ হৈ] ভাগ লোৱা মেছিৰ বিশ্বকাপত সেয়া আছিল ২২ সংখ্যক খেল৷ এইদৰে তেওঁ অতিক্ৰমী যায় ডিয়েগো মাৰাডোনাক৷ বিশ্বকাপত সৰ্বাধিক খেলত ভাগ লোৱা খেলুৱৈৰ তালিকাত মেছি আছে চতুৰ্থ স্থানত৷ শীৰ্ষৰ তিনিটা স্থানত আছে ক্ৰমে জাৰ্মানীৰ লোথাৰ মাথাউছ [২৫], মিৰ’শ্লাভ ক্ল’জ [২৪] আৰু ইটালীৰ পাওলো মালডিনি [২৩]৷