Logo
image

পুনৰ ২০ হাজাৰ চাকৰি ঘোষণা মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক : ৰাজ্যত এক লাখ নিবনুৱাক চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি কেতিয়া পূৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? এবছৰৰ ভিতৰত ১ লাখ নিবনুৱাক গণি গণি চৰকাৰী চাকৰি দিম বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰীয়ে এবছৰৰ ভিতৰত প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হ’লেও লক্ষ্য পূৰণ কৰাৰ বাবে চেষ্টাৰ ত্ৰুটি কৰা নাই৷ মুখ্যমন্ত্ৰী শৰ্মাৰ ডেৰ বছৰীয়া কাৰ্যকালত এতিয়ালৈ চৰকাৰে মাত্ৰ ৩৮ হাজাৰ ৯৭৩টা পদত নিযুক্তি দিবলৈ সক্ষম হোৱাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আন ২৬ হাজাৰ ৪৪১টা পদৰ পৰীক্ষা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ অৰ্থাৎ চৰকাৰী তথ্য মতে বৰ্তমানলৈ   নিযুক্তি সম্পন্ন হোৱা আৰু পৰীক্ষা অব্যাহত থকা মুঠ পদৰ সংখ্যা হৈছে ৬৫,৪১৪টা৷ অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈ ৰ লাখ পদৰ লক্ষ্যৰ বিপৰীতে ৮০ হাজাৰ পদত নিযুক্তি সম্পন্ন হোৱা বুলি দাবী কৰিছে৷ মুখ্যমন্ত্ৰীয়ে লগতে বাকী ২০ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া ৩-৪ মাহৰ ভিতৰত সম্পন্ন হ’ব বুলিও সদৰী কৰিছে৷ শুকুৰবাৰে কামাখ্যাত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই এক লাখ চাকৰিৰ সন্দৰ্ভত কয়– ‘আমি ডিচেম্বৰৰ ভিতৰত ১০ হাজাৰ পদৰ বিজ্ঞাপন দিয়াৰ কথা ভাবিছিলোঁ যদিও সেই বিজ্ঞাপন জানুৱাৰীতহে প্ৰকাশ কৰিব পাৰিম৷ আমাক ৰ লাখ চাকৰি সম্পূৰ্ণ হ’বলৈ আৰু ২০ হাজাৰ বাকী আছে৷ এতিয়ালৈ ৮০ হাজাৰৰ চাকৰি হৈ গৈছে৷ সেয়েহে নতুনকৈ ১০ হাজাৰ পদ ১০-১৫ জানুৱাৰীৰ ভিতৰত প্ৰকাশ পাব৷ বাকী যি ১০ হাজাৰ পদ থাকিব তাৰ বাবে নতুনকৈ বন সুৰক্ষা বাহিনী গঠন কৰি বিজ্ঞাপন প্ৰকাশ কৰা হ’ব৷ মই আশা কৰিছোঁ আগন্তুক ৩-৪ মাহৰ ভিতৰত এক লাখ চাকৰিৰ লক্ষ্যত উপনীত হ’ব পাৰিম৷’