Logo
image

জেবি কলেজৰ ১২ ছাত্ৰৰ বিৰুদ্ধে অধ্যক্ষৰ গোচৰ

ডিজিটেল ডেস্ক : যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় [স্বতন্ত্ৰ]-ৰ ছাত্ৰাবাসত সংঘটিত ৰেগিং কাণ্ড সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ উৎপলজ্যোতি মহন্তই যোৰহাট সদৰ থানাত ১২জন ছাত্ৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷ এই সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৪১, ৩২৫, ৫০৬, ৩৪ ধাৰা আৰু অসম ৰেগিং নিষিদ্ধকৰণ অধিনিয়ম-১৯৯৮ ৰ অধীনত এটা গোচৰ পঞ্জীভুক্ত কৰিছে৷    অভিযোগ মতে, মহাবিদ্যালয়খনৰ চৈয়দ আব্দুল মালিক ছাত্ৰাৱাসত এই বছৰ প্ৰণৱজ্যোতি চেতিয়া নামৰ এজন ছাত্ৰ আৱাসী হৈছিল যদিও জ্যেষ্ঠ আৱাসীৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ তেওঁ ছাত্ৰাৱাস এৰিবলগীয়া হৈছিল৷ সেই সময়তেই তেওঁ মহাবিদ্যালয়খনৰ কতৃৰ্পক্ষক এক অভিযোগ দিছিল যদিও প্ৰত্যাহাৰ কৰে৷ কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডই ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে প্ৰণৱজ্যোতি চেতিয়াই সামাজিক মাধ্যমত এই ৰেগিং কাণ্ডৰ বিষয়ে ৰাজহুৱা কৰে৷ তদুপৰি বুধবাৰে তেওঁ মহাবিদ্যালয়খনৰ অধ্যক্ষক পুনৰ অভিযোগ পত্ৰ প্ৰদান কৰে৷ এই অভিযোগ পত্ৰত তেওঁ ছাত্ৰাবাসটোৰ ৮জন আৱাসী আৰু এজন প্ৰাক্তন আৱাসীয়ে তেওঁক ৰেগিং কৰিছিল বুলি অভিযোগ কৰে৷ আনহাতে, এই ৰিগিঙৰ বিৰুদ্ধে ৰাজহুৱা নকৰিবলৈ তিনিজন আৱাসীয়ে তেওঁক ভাবুকি দিছিল৷ সেইমৰ্মে মহাবিদ্যালয়খনৰ অধ্যক্ষই বৃহস্পতিবাৰে জৰুৰীভাৱে এণ্টি ৰেগিং ডিচিপ্লিনেৰী একশ্বন কমিটিকে ধৰি সংশ্লিষ্ট সমিতিসমূহৰ এখন সভা আহ্বান কৰি বিষয়টো আলোচনা কৰে৷ এই আলোচনাত আৰক্ষীক এজাহাৰ দাখিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেইমৰ্মে অধ্যক্ষই দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ পঞ্জীভুক্ত কৰা হৈছে৷ ইফালে মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসত সংঘটিত এই ৰেগিং কাণ্ডত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে যোৰহাট মহকুমা ছাত্ৰসন্থাই৷ এই ঘটনা সন্দৰ্ভত এক নিৰপেক্ষ আৰু উচ্ছ পৰ্যায়ৰ তদন্তৰ দাবীত আজি যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি নীহাৰিকা শইকীয়া আৰু সাধাৰণ সম্পাদক ৰিয়াজ হুছেইন স্বাক্ষৰিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে৷ ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জিতু নেওগ, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈয়েও মহাবিদ্যালয়খনত সংঘটিত এই ঘটনাক যোৰহাটৰ সমাজ জীৱনৰ বাবে দুখদায়ক বুলি অভিহিত কৰি ৰেগিঙৰ বলি হোৱা ছাত্ৰজনক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷