Logo
image

ভাৰত জোড়ো চলিছে বিজেপিৰে চুপতিও চলিছে

ডিজিটেল ডেস্ক :  প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে ৰাজ্যত ভাৰত জোড়ো যাত্ৰা চলিছে৷ তাৰ সমান্তৰালভাৱে বিজেপিৰে চুপতিও চলিছে কংগ্ৰেছৰ৷ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীক লৈ কংগ্ৰেছ-বিজেপিৰ মাজত চলিছে চুপতি৷ বিজেপিৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী বিধায়কক সাংসদে বিভিন্ন সময়ত ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী লোৱা বুলি টিটকাৰী, ঠাট্টা-মস্কৰা কৰি আহিছে৷ কংগ্ৰেছ নেতৃত্বয়ো তিলমানো পৰম কৰা নাই বিজেপিক প্ৰত্যুত্তৰ দিয়াত৷ শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতীতক লৈ   কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ তেওঁ কয়– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আলফাৰ [স্বা] প্ৰাক্তন সতীৰ্থ৷ আলফাৰ [স্বা] সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰাজহুৱাভাৱে এই কথা প্ৰকাশ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মায়ো নিজকে  আলফা আছিল বুলি কোৱাই নহয় সেই বয়সত সকলোৱে আলফা কৰে বুলি কৈছিল৷ মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ যুৱ প্ৰজন্মক ভাৰতৰ ভৌগোলিক সীমাৰ ভিতৰত অসম বুলি ক’বলৈ চেষ্টা কৰিছে যিটো ভাল বাৰ্তা নহয়৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ গৃহ চহৰ তিতাবৰত কংগ্ৰেছৰ পদযাত্ৰাত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ আৰু কয়– মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অখণ্ড ভাৰতৰ ধাৰণাক টুকুৰা টুকুৰ কৰিবলৈ চেষ্টা কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি মাটিৰ জোড়া লগাবলৈ আমি ভৌগোলিক চাৰিসীমা বিচৰা নাই৷ সম্প্ৰদায়িক বিষবাষ্পৰে মানুহৰ মন বিলাকৰ বিভাজন কৰিছে সেই বিভাজিত মনৰ জোৰা লগাবলৈ ভাৰতজোড়ো যাত্ৰা কাৰ্যসূচী লৈছো৷ উল্লেখ্য,  যোৰহাট জিলাৰ তিতাবৰ ষ্টেডিয়ামৰ পৰা আজি আৰম্ভ কৰা ‘ভাৰত জোড়ো যাত্ৰা-অসম’ৰ পদযাত্ৰাই লাভ কৰিলে অগণন মানুহৰ সমৰ্থন আৰু সহযোগিতা৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত এই পদযাত্ৰা তিতাবৰ ষ্টেডিয়ামৰ পৰা ন-আলি হৈ জালুকনিবাৰী ৰংগ মঞ্চত বিয়লি সামৰণি পৰে৷ পদযাত্ৰাত সভাপতি বৰাৰ সৈতে নেতৃত্ব প্ৰদান কৰে সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়া, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, দলৰ কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু কমলাক্ষ দে পুৰকায়স্থ প্ৰমুখো নেতাসকলে৷ ইয়াৰ উপৰি আজি পদযাত্ৰাত অংশ লয় বিধায়িকা নন্দিতা দাস, বিধায়ক ডাঃ আছিফ নজৰ, দলৰ উপ-সভানেত্ৰীদ্বয় বালিকা লাহন পেণ্ড আৰু ৰূপা দেউৰী, সাধাৰণ সম্পাদকসকল ৰামান্না বৰুৱা আৰু গোলাপ শইকীয়া, সেৱাদলৰ সভাপতি দীপ বায়ন, যোৰহাট জিলা কংগ্ৰেছৰ নেতৃবৃন্দ আৰু কৰ্মকৰ্তাসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, যুৱ-কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এন এছ ইউ আই, সেৱাদলৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ উপৰি তিতাবৰৰ কেইবাহেজাৰো জনতাই৷ কংগ্ৰেছ নেতাসকলে মুক্তিযোদ্ধা বাপুকণ নেওগ আৰু আধুনিক তিতাবৰৰ অন্যতম নিৰ্মাতা শিক্ষাবিদ চক্ৰেশ্বৰ শইকীয়াৰ প্ৰতিকৃতিতো মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে৷ পদযাত্ৰাৰ আগে আগে দফলাটিং চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত এখন জনসভাত সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, বিধায়ক ভাস্কৰ বৰুৱা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আদি নেতাসকলে ৰাইজক উদ্দেশ্যি চমু বক্তব্য দাঙি ধৰে৷ বিজেপিৰ শাসনে অসম আৰু অসমীয়া জাতিলৈ অন্ধকাৰ যুগ নমাই আনিলে বুলি উল্লেখ কৰি বক্তাসকলে এই সম্প্ৰদায়িক ৰাজনৈতিক শক্তিটোক অসমৰ ৰাইজৰ সৈতে মিলিজুলি কংগ্ৰেছে ৰাজ্যৰ পৰা উৎখাত কৰিব বুলি দোহাৰে বক্তাসকলে৷ সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক ভাস্কৰ বৰুৱাই তিতাবৰৰ ৰাইজে কংগ্ৰেছৰ প্ৰতি দেখুওৱা সদিচ্ছা আৰু বিশ্বাসৰ বাবে ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ সভাপতি ভূপেন কুমাৰ বৰাই তেওঁৰ চমু ভাষণত বিজেপিৰ আমোলত অসমৰ সৰ্বস্তৰত হোৱা অন্যায়-অবিচাৰৰ হিচাব লোৱাৰ সময় সমাগত বুলি উল্লেখ কৰি কয় যে বিজেপি, এ ‘আই ইউ ডি এফৰ দৰে সাম্প্ৰদায়িক শক্তিক অসমৰ পৰা উৎখাত কৰিব নোৱাৰিলে অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যত ভয়ংকৰ দিশে গতি কৰিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ বৰাই কয় যে কেৱল মিছা কথা, মিছা প্ৰলোভন, মিছা প্ৰতিশ্ৰুতি দি এইজন মুখ্যমন্ত্ৰীয়ে অনন্তকাললৈ ক্ষমতাত বৰ্তি থাকিব পাৰিব বুলি বৃথা স্ব›Ÿ দেখি আছে৷ ৰাইজেই এই ‘সকলো মিছা’ৰ এদিন সঁচা উত্তৰ দিব আৰু সেইদিনাই অসমত বিজেপিৰ ইতি পৰিব৷ সেই শুভ দিন সমাগত বুলি তেওঁ কয়৷ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, সম্প্ৰদায়িকতাৰ বিহু ছটিয়াই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমীয়া জাতিক আজিৰ ধবংসৰ দিশে লৈ গৈ আছে৷ অবাধ দুৰ্নীতি আৰু আইন-শৃংখলাৰ চূড়ান্ত অৱনতিয়ে ৰাইজৰ অশান্তি দুগুণে বঢ়াই তুলিছে৷ জনসভাৰ পাছতে সভাথলীত স্থাপন কৰা প্ৰয়াত নেতা তৰুণ গগৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি পদযাত্ৰা আৰম্ভ কৰা হয়৷ আজি প্ৰায় ১৪ কিলোমিটাৰ বাট সামৰি লোৱা পদযাত্ৰাত ৮ সহস্ৰাধিক লোকে ভাগ লয়৷

ৰাৱণ-দুৰ্যোধনৰ দৰেই পতন হ’ব বিজেপিৰ! ভূপেনৰ ভৱিষ্যদ্বাণী

ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক নিবৰ বাবে পশ্চিমৰ ধুবুৰীৰ পৰা পূবৰ উজনিৰ শদিয়ালৈ যাত্ৰা কৰিছিল৷ গতিকে কংগ্ৰেছেও ভগৱান শ্ৰীকৃষ্ণৰ পথতেই বাট বুলিছে বুলি উল্লেখ কৰে৷ কংগ্ৰেছ শ্ৰীকৃষ্ণৰ দৰেই সফল হৈছে আৰু হৈ থাকিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভাৰত জোড়ো কাৰ্যসূচীৰ থিমটো ভুল বুলি কোৱাক লৈ এইদৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ অহংকাৰী দুৰ্যোধন আৰু ৰাৱণৰ পতনৰ দৰেই বিজেপিৰ পতন নিশ্চিত বুলিও ভূপেন বৰাই মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীৰ ভাষাজ্ঞানৰ ইমান দৈন্যতা দেখি আচৰিত হৈছোঁ বুলিও উল্লেখ কৰে ভূপেন বৰাই৷ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰাক্তন সতীৰ্থ বুলি মুকলিকৈ সম্বোধন কৰা বিষয়কলৈ সৰৱ হৈ পৰে ভূপেন বৰা৷ ইয়াৰ দ্বাৰা আচলতে অসমত কিহৰ শাসন চলিছে ই সহজেই অনুমেয় বুলি তেওঁ মন্তব্য কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত, তিতাবৰ ব্লক কংগ্ৰেছ কমিটীৰ সহযোগত এই যাত্ৰা সমাপন হয়৷ আনহাতে, খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই অলপতে টুইটাৰৰ জৰিয়তে অসমত শিয়ালৰ ৰাজত্ব চলি থকা বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে৷ খোদ চৰকাৰী বিধায়কেই এনে মন্তব্য কৰাত বিষয়টোৱে চৰকাৰৰ ভিতৰচ’ৰাৰ পুতৌলগা দিশটোকে প্ৰতিফলিত কৰা বুলি মন্তব্য কৰে ৰাণা গোস্বামীয়ে৷ তিতাবৰ ডফলাটিং চাহ বাগিচা খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা তিতাবৰ বোকাহোলা খেলপথাৰত সামৰণি মাৰে৷ এই ভাৰত জোড়ো যাত্ৰাত দলৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা,দলটোৰ ভাতৃ, ভগ্নী সংগঠনৰ নেতৃত্ব, সেৱা দল, দলৰ ছাত্ৰ সংগঠনৰ নেতৃত্বকে ধৰি বহুকেইজন প্ৰাক্তন বিধায়ক, কংগ্ৰেছ নেতাই অংশ লয় আৰু বক্তব্য প্ৰদান কৰে৷ উল্লেখ্য যে, সভাপতি ভূপেন বৰাই সভাত ভাষণ দি থকা সময়ত সাংবাদিকে খালী চকীৰ ভিজুৱেল লৈ থকা বিষয়ক লৈ হঠাৎ সৰৱ হৈ পৰে৷ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে বাহিৰ কৰা এই ভাৰত জোড়ো যাত্ৰাত তিতাবৰ সমষ্টিৰ বহুসংখ্যক কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে৷ আনহাতে, কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই কংগ্ৰেছ নেতৃত্বই দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷