Logo
image

তৃণমূল কংগ্ৰেছৰ নেতাৰ ঘৰত বোমা বিস্ফোৰণ : তিনিজন নিহত

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ পূব মেদিনীপুৰ জিলাৰ এজন তৃণমূল কংগ্ৰেছ নেতাৰ গৃহত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়৷ বিস্ফোৰণত কমেও তিনিজন লোক নিহত হৈছে। জানিব পৰা মতে নেৰিবিলা গাঁৱস্থিত টিএমচি বুথ সভাপতিৰ গৃহত শুকুৰবাৰে নিশা প্ৰায় ১১:১৫ বজাত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিস্ফোৰণৰ ফলত বাসগৃহ বিস্তৰ ক্ষতিসাধন হয়। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। 

এই বিস্ফোৰণৰ পিছতে বিজেপিয়ে আনিছে গুৰুতৰ অভিযোগ৷ তৃণমূল ক:গ্ৰেছৰ নেতাৰ ঘৰত দেশীয় বোমা প্ৰস্তত কৰাৰ অভিযোগ বিজেপিৰ৷ বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি দিলীপ ঘোষে কয় যে ৰাজ্যখনত কেৱল বোমা নিৰ্মাণৰ উদ্যোগহে বিকশিত হৈছে। লগতে এই বিস্ফোৰণৰ ঘটনাক লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতাৰ বেনাৰ্জীৰ নীৰৱতাক লৈও আশ্চৰ্য প্ৰকাশ কৰে বিজেপিৰ নেতাগৰাকীয়ে। আনহাতে বিজেপিৰ এই অভিযোগৰ পিছতে টিএমচিৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষে কয় যে বিৰোধীয়ে কোনো প্ৰমাণ অবিহনে লক্ষ্য কৰি লৈছে শাসকীয় দলক।