Logo
image

কাৰ দখললৈ যাব হিমাচল ? : কি ক'লে এগজিট প'লে?

ডিজিটেল ডেস্ক : ৬৮ আসনৰ বাবে হিমাচল প্ৰদেশত হোৱা নিৰ্বাচনক লৈ প্ৰকাশ পালে এগজিট প'ল৷ দেশৰ আগশাৰীৰ নিউজ চেনেলসমূহে চলোৱা সমীক্ষাত বিজেপিয়ে ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰিব বুলি অনুমান কৰা হৈছে৷ TV9/Republic TVৰ এগজিট  প'ল অনুসৰি হিমাচলত বিজেপিৰ দখললৈ যাব ৩৪ ৰ পৰা ৩৯ খন আসন৷ আনহাতে কংগ্ৰেছে ২৮ ৰ পৰা ৩৩ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে৷ নিৰ্দলীয়ই মাত্ৰ এখন আসনহে লাভ কৰিব বুলি অনুমান কৰা হৈছে৷

News x ৰ এগজিট প'ল অনুসৰি  বিজেপিয়ে লাভ কৰিব ৩২ ৰ পৰা ৪০ খন আসন৷ আনহাতে কংগ্ৰেছে ২৭ ৰ পৰা ৩৪ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে।ঠিক সেইদৰে Times Now-ETGৰ এগজিট প'ল অনুসৰি বিজেপিয়ে ৩৮ খন আৰু কংগ্ৰেছে ২৮ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে।  

ইণ্ডিয়া টিভিৰ এগজিট প'লত বিজেপিয়ে ৩৫ ৰ পৰা ৪০ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২৬ ৰ পৰা ৩১ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে। Zee News-BARC ৰ এগজিট প'ল অনুসৰি বিজেপিয়ে ৩৫ৰ পৰা ৪০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে কংগ্ৰেছে ২০ৰ পৰা ২৫ খন আৰু আম আদমী পাৰ্টীয়ে ৩খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে।

Aaj Tak-Axis My India আৰু News 24-Today’s Chanakyaৰ এগজিট প'ল অনুসৰি ৰাজ্যখনত ক্ষমতালৈ আহিব নোৱাৰিব বিজেপি। Aaj Takৰ সমীক্ষা অনুসৰি, বিজেপিয়ে ২৪ ৰ পৰা ৩৪ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিব ৩০ ৰ পৰা ৪০ খন আসন। একেদৰে News 24 ৰ এগজিট প'ল অনুসৰি বিজেপি আৰু কংগ্ৰেছ দুয়োৱে সমান আসন অৰ্থাৎ ৩৩ খনকৈ আসন লাভ কৰিব। 

উল্লেখ্য যে ৬৮ খন আসনৰ বাবে হোৱা নিৰ্বাচনত হিমাচলত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৩৫ খন আসনৰ৷ হিমাচল বিধানসভা নিৰ্বাচনৰ ফলাফল ৮ ডিচেম্বৰত ঘোষণা কৰা হ'ব। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৪ খন আসন লাভ কৰি ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল৷ আনহাতে কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ২১ খন আসন।