Logo
image

গুজৰাট কাৰ? : কি ক'লে এগজিট প'লে?

ডিজিটেল ডেস্ক : প্ৰকাশ পালে গুজৰাট নিৰ্বাচনক লৈ এগজিট প'ল৷ দেশৰ আগশাৰীৰ নিউজ চেনেলসমূহে চলোৱা সমীক্ষাত বিজেপিয়ে বৃহৎ জয়েৰে সপ্তমবাৰৰ বাবে আহিব ক্ষমতালৈ৷ TV9 Gujarati ৰ এগজিট  প'ল অনুসৰি গুৰাটত বিজেপিৰ দখললৈ যাব ১২৫ ৰ পৰা ১৩০ খন আসন৷ আনহাতে কংগ্ৰেছে আৰু এনচিপিৰ মিত্ৰজোঁটে ৪৪ ৰ পৰা ৬০ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে৷ আম আদমী পাৰ্টীয়ে ১ৰ পৰা ৫ খন আসন লাভ কৰিব অনুমান কৰা হৈছে৷ আনহাতে নিৰ্দলীয়ই ০ ৰ পৰা ৪ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে৷

News X- Jan Ki Baat ৰ এগজিট প'ল অনুসৰি  বিজেপিয়ে লাভ কৰিব ১১৭ ৰ পৰা ১৪০ খন আসন৷ আনহাতে কংগ্ৰেছে আৰু এনচিপিৰ মিত্ৰজোঁটে ৩৪ ৰ পৰা ৫১ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে। আম আদমী পাৰ্টীয়ে ৬ৰ পৰা ১৩ খন আসন আৰু নিৰ্দলীয়ই ১ ৰ পৰা ২ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে৷ 

ঠিক সেইদৰে Times Now-ETGৰ এগজিট প'ল অনুসৰি বিজেপিয়ে ১৩৫ৰ পৰা ১৪৫ খন আসন লাভ কৰিব বুলি দাবী কৰিছে৷ আনহাতে কংগ্ৰেছে ২৪ পৰা ৩৪ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে। আম আদমী পাৰ্টীয়ে ৬ ৰ পৰা ১৬ খন আসন লাভ কৰিব৷ অন্যান্যই লাভ কৰিব ১ ৰ পৰা ৩খন আসন৷  

Aaj Tak-Axis My India ৰ এগজিট প'লত বিজেপিয়ে ১২৯ ৰ পৰা ১৫১ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ১৬ ৰ পৰা ৩০ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে। আপে ৯ ৰ পৰা ২১ খন আসন আৰু অন্যান্যই ২ৰ পৰা ৬ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে৷

Zee News-BARC ৰ এগজিট প'ল অনুসৰি বিজেপিয়ে ১১০ৰ পৰা ১২৫ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে কংগ্ৰেছে ৪৫ৰ পৰা ৬০ খন আৰু আম আদমী পাৰ্টীয়ে ১ ৰ পৰা ৫ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে৷ অন্যান্যই ০ ৰ পৰা ৪ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে।

News 24-Today’s Chanakyaৰ এগজিট প'ল অনুসৰি গুজৰাটত বিজেপিয়ে লাভ কৰিব ১৫০ খন আসন৷ কংগ্ৰেছে লাভ কৰিব ১৯ খন আসন৷ আপে লাভ কৰিব ১১ খন আসন আৰু অন্যান্যই ২ খন আসন লাভ কৰিব বুলি অনুুমান কৰা হৈছে৷

ABP News-CVoter ৰ সমীক্ষা অনুসৰি, বিজেপিয়ে ১২৮ ৰ পৰা ১৪০ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিব ৩১ ৰ পৰা ৪৩ খন আসন৷ আম আদমী পাৰ্টীয়ে লাভ কৰিব ৩ ৰ পৰা ১১ খন আসন আৰু অন্যান্যই লাভ কৰিব ২ ৰ পৰা ৬ খন আসন৷

উল্লেখ্য যে ১৮২ খন আসনৰ বাবে হোৱা নিৰ্বাচনত গুজৰাটত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৯২ খন আসনৰ৷ গুজৰাটত ৯৩ খন আসনৰ বাবে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সোমবাৰে অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে ১ ডিচেম্বৰত ৰাজ্যখনৰ ৮৯ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে এগজিট প'ল অনুসৰি গুজৰাটত সপ্তমবাৰে বাবে ক্ষমতালৈ আহিব বিজেপি৷