Logo
image

পাকিস্তানত এটা কণীৰ দাম ৩০ টকা

আমাৰ অসম, ২৬ ডিচেম্বৰঃ পাকিস্তানত মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ সাধাৰণ মানুহে  নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ কৰ’না ভাইৰাছে আন আন দেশৰ লগতে পাকিস্তানৰ অৰ্থনীতিও ধবংস কৰি পেলাইছে৷ গতিকে পাকিস্তানত ইয়াৰ প্ৰভাৱ বেয়াকৈ পৰিছে৷ পাকিস্তানৰ সংবাদ মাধ্যম ‘ডন’ত প্ৰকাশিত বাতৰি অনুসৰি লাহোৰত এটা কণীৰ দাম ৩০ টকা হৈছেগৈ৷ এক ডজন কণী কিনিবলৈ খৰচ হয় ৩৫০ টকা৷ প্ৰতি কিলোগ্ৰাম আদাৰ দাম হৈছেগৈ ৰ হাজাৰৰো অধিক৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ইমৰান খান চৰকাৰে মুখেৰে অনেক প্ৰতিশ্ৰুতি দিলেও মূল্যবৃদ্ধি ৰোধত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী ইমৰান খানে দেশখনৰ জনতাৰ আৰ্থিক অৱস্থা উন্নত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া এটা কণীৰ দাম ৩০ টকা হোৱাত তেওঁৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হয়৷ উল্লেখ্য, যোৱা বছৰৰ ডিচেম্বৰৰ পৰাই পাকিস্তানত আৰম্ভ হৈছিল মূল্যবৃদ্ধি৷ এতিয়া এই মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ কেৱল কণী আৰু আদাই নহয়, নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰীৰে দাম দ্ৰুতগতিত বৃদ্ধি পাইছে৷ গতিকে দাৰিদ্ৰ্য সীমা ৰেখাৰ তলত বাস কৰা লোকসকলৰ উপৰি মধ্যবিত্ত শ্ৰেণীৰ লোকসকলেও হাহাকাৰ কৰিবলৈ বাধ্য হৈছে৷