Logo
image

চিনেমাই হ'ল কাল : দক্ষিণ কোৰিয়াৰ চিনেমা চোৱাৰ বাবে দুই ছাত্ৰক মৃত্যুদণ্ড কিম জং উনৰ

ডিজিটেল  ডেস্ক : শত্ৰুৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ চিনেমা চোৱাৰ বাবে দুজনকৈ কিশোৰক মৃত্যুদণ্ডৰ শাস্তি বিহিলে কিম জং উনে৷ দক্ষিণ কোৰিয়াৰ চিনেমা চোৱাৰ বাবেই ৰাজহুৱাভাৱে দুজনকৈ কিশোৰক গুলীয়াই হত্যা কৰা হ'ল উত্তৰ কোৰিয়াত৷ এক প্ৰতিবদেনত দাবী কৰা অনুসৰি বিগত অক্টোবৰত ১৬ৰ পৰা ১৭ বছৰ বয়সৰ দুগৰাকী কিশোৰক গুলীয়াই হত্যা কৰিলে কিম জং উনৰ বাহিনীয়ে৷

২০২০ চনৰ পৰাই উত্তৰ কোৰিয়াত নিষিদ্ধ দক্ষিণ কোৰিয়াৰ সংগীত আৰু চলচ্চিত্ৰ

শেহতীয়াকৈ উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। কিম জং উনে শত্ৰুৰাষ্ট্ৰক ভয় খুৱাবলৈ নিৰন্তৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা অব্যাহত ৰাখিছে৷ দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে ২০২০ চনতে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ সংগীত আৰু চলচ্চিত্ৰ নিষিদ্ধ কৰিছিল। যদি কোনো লোকে উত্তৰ কোৰিয়াৰ সংগীত-চলচ্চিত্ৰ উপভোগ কৰে তেন্তে তেওঁক কঠোৰ শাস্তি বিহা হয়। 

ৰাজহুৱাভাৱে হত্যা দুই কিশোৰক

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, দক্ষিণ কোৰিয়াৰ চিনেমা চোৱাৰ অপৰাধত দুগৰাকী ছাত্ৰক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰা হয়। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি কিম জং উনৰ বাহিনীয়ে দুয়োগৰাকী ছাত্ৰক জনতাৰ সন্মুখত থিয় কৰাই তেওঁলোকক পৰিচয় দিয়াৰ পাছত তেওঁলোকক অপৰাধ বৰ্ণনা কৰে৷ পৰৱৰ্তী সময়ত দুয়োজন ছাত্ৰক গুলীয়াই হত্যা কৰে৷

স্বৈৰাচাৰী কিম জং উনৰ আদেশ

এই ঘটনাৰ পিছতে উত্তৰ কোৰিয়া চৰকাৰে জনতালৈ জাৰি কৰা আদেশ অনুসৰি যিসকল লোকে দক্ষিণ কোৰিয়াৰ চিনেমা আৰু নাটক উপভোগ কৰিব তেওঁলোকক ক্ষমা কৰা নহ'ব৷ শাস্তি হিচাপে দিয়া হ'ব কেৱল 'মৃত্যুদণ্ড'।