Logo
image

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা : বিজেপি কৰ্মীক 'ফ্লাইং কিছ' ৰাহুল গান্ধীৰ

ডিজিটেল ডেস্ক :  ভাৰত জোড়ো যাত্ৰাৰ বাবে বৰ্তমান চৰ্চাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কিন্তু এইবাৰ ৰাহুল গান্ধী চৰ্চালৈ অহাৰ কাৰণ বেলেগ৷ মঙলবাৰে পুৱা ৰাহুলে এক ব্যতিক্ৰমী ৰূপত আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰা৷ ভাৰত জোড়ো যাত্ৰাৰ সময়তে ফ্লাইং কিছ দিলে ৰাহুল গান্ধীয়ে৷

দৰাচলতে, কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ সময়তে বিজেপিৰ ঝালাৱাৰ কাৰ্যালয়ৰ ছাদত বিজেপি কৰ্মীসকল একত্ৰিত হৈছিল৷ কংগ্ৰেছৰ পদযাত্ৰা চাবলৈ ৰৈ আছিল বিজেপি কৰ্মীসকল৷ ৰাহুল গান্ধীয়ে এই দৃশ্য দেখাৰ লগে লগে পদযাত্ৰাৰ মাজতে বিজেপি কৰ্মীসকলক দিলে ফ্লাইং কিছ।

পদযাত্ৰাৰ সময়ত ৰাহুলক সংগ দিয়ে মুখ্যমন্ত্ৰী অশোক গেহলট, ৰাজ্যিক কংগ্ৰেছ সমিতিৰ মুৰব্বী গোবিন্দ সিং দোতাচাৰা, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটকে ধৰি কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাই।