Logo
image

দিল্লী পৌৰ নিগম নিৰ্বাচনত চলিল কেজৰিৱালৰ ঝাড়ু : ১৫ বছৰৰ পাছত বিজেপিৰ পৰা ক্ষমতা কাঢ়ি ল'লে আপে

ডিজিটেল ডেস্ক : দিল্লী পৌৰ নিগম নিৰ্বাচনত বৃহৎ জয়ৰ পাছতে আম আদমী পাৰ্টীৰ আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ জনতাক ধন্যবাদ জনায়৷ জয়ৰ পাছত কেজৰিৱালে কয় যে এতিয়া দিল্লীৰ জনতাই আমাক দায়িত্ব দিছে৷ বিদ্যালয়, চিকিৎসালয়, বিদ্যুৎ আদি সকলোবোৰ আমি উন্নত কৰিছো। এতিয়া জনতাই দিল্লীক পৰিষ্কাৰৰ কৰাৰ দায়িত্ব দিছে। 

নিৰ্বাচনত জয়ী হোৱা সকলো দলৰ প্ৰাৰ্থীসকলক অভিনন্দন জনাই কেজৰিৱালে কয় যে এতিয়া আমি সকলোৱে একেলগে কাম কৰিব লাগিব। মই সকলো দলৰ প্ৰাৰ্থীসকলক অনুৰোধ জনাইছো যে ৰাজনীতি আজিলৈকে আছিল। এতিয়া আমি দিল্লীৰ বাবে কাম কৰিব লাগিব, যাৰ বাবে মই বিজেপি আৰু কংগ্ৰেছৰ সহযোগিতা বিচাৰো। আমাক কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰো প্ৰয়োজন। মই দিল্লী উন্নত কৰিবলৈ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা আশীৰ্বাদ বিচাৰো। জয়ী হোৱা ২৫০ জন কাউঞ্চিলৰ কোনো দলৰ নহয়, তেওঁলোক দিল্লীৰ কাউঞ্চিলৰ। 

১৫ বছৰীয়া বিজেপি ক্ষমতা কাঢ়ি আপে লাভ কৰিলে সংখ্যাগৰিষ্ঠতা

দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। যোৱা ১৫ বছৰে পৌৰ নিগম বিজেপিৰ দ্বাৰা শাসিত হৈছিল যদিও এতিয়া আম আদমী পাৰ্টীৰ দখললৈ গৈছে। ২৫০ খন আসনৰ ভিতৰত আম আদমী পাৰ্টীয়ে লাভ কৰিছে ১৩৪খন আসন, বিজেপিয়ে লাভ কৰিছে ১০৪খন আসন আৰু কংগ্ৰেছে লাভ কৰিছে মাত্ৰ ৯খন আসন। আনহাতে নিৰ্বাচনত তিনিজন নিৰ্দলীয় প্ৰাৰ্থীয়েও জয়লাভ কৰিছে।