Logo
image

পুনৰ ৰেপ’ ৰেট বৃদ্ধি

ডিজিটেল ডেস্ক,৮ ডিচেম্বৰ: ৭ মাহৰ ভিতৰত পঞ্চমবাৰ আৰু  বিগত দুমাহৰ ভিতৰত দ্বিতীয়বাৰ ৰেপো ৰেট বৃদ্ধি কৰিলে ৰিজাৰ্ভ বেংকে৷ দুদিনৰ বৈঠকৰ অন্তত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে বুধবাৰে জনালে, ৰিজাৰ্ভ বেংকে ৰেপো ৰেট ৩৫ বেছিছ পইণ্ট বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ যোৱা মে’ত শেষবাৰৰ বাবে ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি কৰছিল৷ বুধবাৰে কৰা বৃদ্ধিৰ ফলত ৰিজাৰ্ভ বেংকৰ নতুন ৰেপো ৰেট হ’বগৈ ৬.২৫ শতাংশ৷ ইয়াৰ ফলত সাধাৰণ বেংকৰ গ্ৰাহকৰ গাড়ী, গৃহ ঋণৰ ই এম আই  বৃদ্ধি পোৱাটো নিশ্চিত হ’ল৷ কিয়নো ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি কৰাৰ ফলত দেশৰ অন্যান্য বাণিজ্যিক বেংকসমূহেও তেওঁলোকৰ ৰেপো ৰেট বৃদ্ধি কৰিবলৈ বাধ্য হ’ব৷ ফলত ঋণগ্ৰস্ত লোকৰ সূদৰ হাৰ বৃদ্ধি পাব৷ সূদৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে গৃহ ঋণ, গাড়ীৰ ঋণ ইত্যাদিৰ ই এম আয়ো বৃদ্ধি পাব৷ উল্লেখ্য ৰিজাৰ্ভ বেংকে যি সূদৰ  হাৰত বাণিজ্যিক বেংক সমূহক স্বল্পম্যাদী ঋণ দিয়ে তাকে ৰেপো ৰেট বুলি কোৱা হয়৷ সেয়ে ৰেপো ৰেট  বৃদ্ধি পোৱাৰ লগে লগে সকলো বাণিজ্যিক বেংকে তেওঁলোকৰ ৰেপো ৰেট বৃদ্ধি কৰিবলৈ বাধ্য হয় অৰ্থাৎ তাৰ লগে লগে সূদৰ হাৰ বৃদ্ধি পায়৷ 

ইপিনে, দীৰ্ঘদিনৰ শোচনীয় অৱস্থা অব্যাহত ৰাখি ভাৰতীয় মুদ্ৰাৰ মূল্যৰ আৰু পতন ঘটিছে৷ বিগত কেইবামাহ ধৰি ভাৰতীয় মুদ্ৰাৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পাই আছিল৷ বুধবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য প্ৰতি মাৰ্কিন ডলাৰৰ বিপৰীতে ৮১.৮০ টকালৈ হ্ৰাস পাইছে৷ এদিনৰ ভিতৰতে বুধবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ডলাৰৰ বিপৰীতে ৪৭ পইচা হ্ৰাস পায়৷ এয়া ভাৰতীয় মুদ্ৰাৰ অন্যতম বৃহৎ পতন বুলি কোৱা হৈছে৷