নেইমাৰৰ দলৰ সন্মুখত আজি প্ৰত্যাহ্বান ক্ৰ’ৱেচিয়া
ডিজিটেল ডেস্ক,৯ ডিচেম্বৰ: দললৈ নেইমাৰৰ প্ৰত্যাৱৰ্তনৰ পাছত আত্মবিশ্বাস অধিক বৃদ্ধি হৈছে ব্ৰাজিলৰ৷ কোৱাৰ্টাৰ ফাইনেলত সেই আত্মবিশ্বাসেৰেই শুকুৰবাৰে ক্ৰ’ৱেচিয়াৰ সন্মুখীন হ’ব টিটেৰ দল৷ প্ৰি-কোৱাৰ্টাৰত দক্ষিণ কোৰিয়াক ৪-১ ব্যৱধানত পৰাস্ত কৰি চমক দিছিল ব্ৰাজিলে৷ নেইমাৰে পেনাল্টীৰ সহায়ত গ’ল দিয়াৰ লগতে মেচখনত সফলতা লাভ কৰিছিল ব্ৰাজিলৰ ভিনিচিয়াছ জুনিয়ৰ, ৰিচাৰ্লিছন আৰু লুকাছ পাকুৱেটাই৷ দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে মেচখনত গ’ল দিয়াৰ পাছত নৃত্যৰ সমাহাৰেৰে খেল অধিক উপভোগ্য কৰি তুলিছিল ব্ৰাজিলৰ খেলুৱৈয়ে৷ কাতাৰৰ আল ৰায়ানৰ এডুকেশ্বন চিটী ষ্টেডিয়ামত শুকুৰবাৰে ক্ৰ’চেয়িাক পৰাস্ত কৰি খিতাপৰ কাষ চাপিব বিচাৰে পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিল৷ অৱশ্যে ক্ৰ’ৱেচিয়া যে যোৱাবাৰৰ ৰানাৰ্ছ আপ সেই কথা পাহৰি থাকিলেও নহ’ব৷ সেই দিশৰ পৰা যুঁজ কঠিন হোৱাৰেই সম্ভাৱনা আছে৷ ব্ৰাজিল আৰু ক্ৰ’ৱেচিয়া বিশ্বকাপত এতিয়ালৈকে দুবাৰ মুখামুখি হৈছে৷ দুয়োবাৰেই জয়ী হৈছে ব্ৰাজিল৷ কিন্তু পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যোৱা ২০ বছৰে বিশ্বকাপৰ নকআউটত কোনো ইউৰোপিয়ান দলক পৰাস্ত কৰিব পৰা নাই ব্ৰাজিলে৷ কিন্তু শুকুৰবাৰ মেচখনত ক্ৰ’ৱেচিয়াক পৰাস্ত কৰি সেই ব্যৰ্থতাৰ ধাৰা ভংগ কৰিব বিচাৰে দলটোৱে৷ ২০০২ চনত শেষবাৰৰ বাবে বিশ্বকাপৰ নকআউটত কোনো ইউৰোপিয়ান দলক পৰাস্ত কৰিছিল ব্ৰাজিলে৷ ফাইনেলত জাৰ্মানীক ২-০ গ’লত পৰাস্ত কৰি খিতাপ জয় কৰিছিল দলটোৱে৷ ইয়াৰ পিছত ব্ৰাজিলে নকআউটত কোনো ইউৰোপিয়ান দলক পৰাস্ত কৰিব পৰা নাই৷ ইয়াৰ পিছত অংশ লোৱা চাৰিখন বিশ্বকাপৰ তিনিখনত কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিদায় লৈছে ব্ৰাজিলে৷ ২০১৪ চনত আয়োজক ব্ৰাজিলে বিদায় লৈছিল প্ৰতিযোগিতাৰ ছেমিফাইনেলৰ পৰা৷ সেইবাৰ তৃতীয় স্থান নিৰ্ধাৰণকাৰী খেলতো ব্ৰাজিল পৰাস্ত হৈছিল৷ এই চাৰিখন বিশ্বকাপৰ নকআউট ৰাউণ্ডত তিনিটা গ’ল কৰিছিল ব্ৰাজিলে৷ হজম কৰিছিল ১৫ টা গ’ল৷ কিন্তু এইবাৰৰ বিশ্বকাপত ইতিমধ্যেই দক্ষিণ কোৰিয়াক চাৰি গ’ল দিছে টিটেৰ দলে৷ বঢ়ি আহিছে প্ৰত্যাশাও৷