Logo
image

কেৱল মেছিক বাধা দিয়াৰ কথা ভবা নাই নেডাৰলেণ্ডছে

ডিজিটেল ডেস্ক,৯ ডিচেম্বৰ: আৰ্জেণ্টিনা মানেই অনেকৰ বাবে কেৱল লিঅ’লেন মেছি৷ চলিত বিশ্বকাপত দুৰ্দান্ত ফৰ্মত আছে আৰ্জেণ্টিনাৰ অধিনায়ক৷ যিকোনো দলৰ ৰক্ষণ বিভাগৰ বাবে আতংকৰ অন্য নাম মেছি৷ শুকুৰবাৰে কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব আৰ্জেণ্টিনা৷ ডাচ্ছ বাহিনীৰ বিৰুদ্ধেও যিকোনো অঘটন ঘটাবলৈ সাজু মেছি৷ কিন্তু নেডাৰলেণ্ডছ দলৰ ৰক্ষণ বিভাগৰ প্ৰধান খেলুৱৈ ভাৰ্জিল ভান ডাইকে কেৱল মেছিক বাধা দিয়াৰ কথা ভাবি খেলপথাৰত নামিব নিবিচাৰে৷ ডাইকে কয়–‘এয়া নেডাৰলেণ্ডছ আৰু মেছিৰ যুঁজ নহয়৷ যুঁজ হ’ব আৰ্জেণ্টিনা আৰু ¸নেডাৰলেণ্ডছৰ মাজত৷ মেচখনক লৈ মই চিন্তিত নহয়৷ কিন্তু আৰ্জেণ্টিনাই কৰিব পৰা যিকোনো আক্ৰমণৰ বিষয়ে সতৰ্ক হৈ আছো৷ তেওঁলোক এটা দুৰ্দান্ত দল৷ খেলত আমি সকলো বিভাগতে ভাল প্ৰদৰ্শন কৰিব লাগিব৷’ মেছিৰ সৈতে আগতেও খেলাৰ অভিজ্ঞতা আছে ডাইকৰ৷ সেই অভিজ্ঞতাৰ পৰাই তেওঁ অবগত মেছি কিমান ভয়ংকৰ হ’ব পাৰে৷ এই বিষয়ে ডাচ্ছ ফুটবলাৰজনে কয়–‘তেওঁৰ আটাইতকৈ কঠিন দিশটো হৈছে আমি যেতিয়া আক্ৰমণত ব্যস্ত থাকিম তেতিয়া তেওঁ কোনো ঠাইত ঠাণ্ডা মগজুৰে থিয় দি থাকিব৷ ৰক্ষণ বিভাগ সংগঠিত কৰি ৰখাৰ বাবে সকলো সময়তে সতৰ্ক থাকিব লাগিব৷’ নিজৰ দলৰ প্ৰদৰ্শনৰ বিষয়ে ডাইকে কয়–‘আমি মনত ৰাখিব লাগিব যে শেহতীয়া খেলত আমাৰ প্ৰদৰ্শন অধিক ভাল হোৱাৰ প্ৰয়োজন আছিল৷ কিন্তু ভাললগা বিষয়টো হ’ল আমি প্ৰতিযোগিতাত তিস্থি আছো আৰু কোৱাৰ্টাৰ ফাইনেলল খেলিম৷’ উল্লেখ্য আৰ্জেণ্টিনা হৈছে দুবাৰৰ বিশ্ব চেম্পিয়ন আৰু নেডাৰলেণ্ডছ তিনিবাৰ ফাইনেলত পৰাস্ত হৈছে।