Logo
image

অৰণ্যলৈ আৰু উভতিব নোৱাৰে কাজিৰঙাৰ ৪টা বাঘ

আমাৰ অসম, ২৭ ডিচেম্বৰঃ বনৰ ৰজা বাঘ স্বাভাৱিকতেই অৰণ্যপ্ৰিয়৷ কিন্তু বিশেষ কাৰণত চাৰিটা বাঘে অৰণ্যৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰিছে৷ বাঘকেইটা কেতিয়াও অৰণ্যলৈ উভতি নাযায়৷ কাৰণ দীৰ্ঘদিনে মানুহৰ সংস্পৰ্শত থকাৰ বাবে বাঘকেইটাই বন্যপ্ৰাণীৰ চৰিত্ৰ হেৰুৱাইছে৷ চিকাৰ কৰাৰ ক্ষমতাও হেৰুৱাইছে৷ তেওঁলোকক মানুহে নিয়মীয়াকৈ খাদ্যৰ যোগান ধৰে৷ সেইবাবেই তেওঁলোকে অৰণ্য জীৱনত খাপ খাব নোৱাৰে৷ সেইসূত্ৰে আজীৱন বন্দিত্বৰ জীৱন কটাব লাগিব চাৰিটা নাহৰফুটুকীয়ে৷ কাজিৰঙাৰ পাণবাৰীস্থিত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত আছে এই চাৰিটা নাহৰফুটুকী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষই জানিবলৈ দিয়া মতে, প্ৰায় পাঁচবছৰ পূৰ্বে মৰিয়নীৰ পৰা মাতৃহাৰা চাৰিটা নাহৰফুটুকী পোৱালি উদ্ধাৰ কৰা হৈছিল৷  পোৱালিকেইটা উদ্ধাৰৰ পাছত গতাই দিছিল কাজিৰঙাৰ পাণবাৰীত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত৷ কেন্দ্ৰ পৰিচালক তথা পশু চিকিৎসক চামচুল আলিয়ে জানিবলৈ দিয়া মতে, প্ৰথমে ২০১৪ চনত  এটা পোৱালি মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰাত উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা হৈছিল৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৫ চনত  মাতৃৰ মৃত্যু হোৱাত আন তিনিটা পোৱালিকো উদ্ধাৰ কৰা হৈছিল৷ বৰ্তমান চাৰিটা নাহৰফুটুকী কেন্দ্ৰটোৰ চিকিৎসক আৰু কৰ্মীৰ তত্ত্বাৱধানত আছে ৷ পশু চিকিৎসক চামচুল আলিয়ে আৰু জানিবলৈ দিয়া মতে, বনৰীয়া জীৱনৰ পৰা অৰ্থাৎ মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা নাহৰফুটুকী পোৱালীকেইটা মানুহৰ সংস্পৰ্শলৈ অহাত বৰ্তমান বনৰীয়া স্বভাৱ প্ৰায় হেৰুৱাই পেলাইছে৷ যি সময়ত মাতৃৰ পৰা পোৱালিকেইটাই চিকাৰ কৰা, অৰণ্যত আত্মগোপন কৰা আদি শিক্ষাবোৰ ল’ব লাগিছিল তেনে সময়তে মাতৃহাৰা হ’ব লগা হৈছিল৷ যাৰ ফলত এই চাৰিটা নাহৰফুটুকীক বৰ্তমান অৰণ্যত মুকলি কৰাটো অসম্ভৱ৷ মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এই চাৰিটা নাহৰফুটুকীয়ে জীৱনৰ অন্তিম কালপৰ্যন্ত বন্দিত্বৰ জীৱন কটাবলৈ বাধ্য৷ ইফালে কাজিৰঙাৰ পাণবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰিচালকে জানিবলৈ দিয়া মতে, এই ৫-৬ বছৰীয়া নাহৰফুটুকীকেইটাক ৰাজ্যখনৰ উপৰিও দেশৰ আন চিৰিয়াখানালৈ প্ৰেৰণৰ প্ৰস্তুতি চলাই থকা হৈছে যদিও কোনো এখন চিৰিয়াখানাত স্থান নথকাত প্ৰেৰণত কিছু অসুবিধাই দেখা দিছে৷ দেশৰ যিকোনো চিৰিয়াখানাত স্থান খালী হ’লেই প্ৰেৰণ কৰা হ’ব বুলিও কেন্দ্ৰ পৰিচালকে জানিবলৈ দিয়ে৷ উল্লেখ্য, বাঘজাতীয় প্ৰাণী দীৰ্ঘদিন মানুহৰ সংস্পৰ্শত থাকিলে পুনৰ অৰণ্যত সংস্থাপন কৰাটো অসম্ভৱ৷ অৰণ্যত মুকলি কৰি দিলেও পুনৰ মানুহৰ ওচৰ চাপি অহাৰ সম্ভাৱনা থাকে৷ অৰণ্যত চিকাৰ কৰা, আন বন্যপ্ৰাণীৰ পৰা নিজক ৰক্ষা আদি কৌশল নজনাৰ বাবে অৰণ্যত জীৱন কটোৱাটো অসম্ভৱ হৈ পৰে বুলি প্ৰাণীবিদ ড॰ ফিৰোজে আহমেদে জানিবলৈ দিয়ে৷