Logo
image

পাকিস্তানত আশ্ৰয় লৈছে সন্ত্ৰাসবাদীয়ে : কাশ্মীৰৰ পুলৱামাস্থিত ঘৰত চলিল বুলড'জাৰ

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে সেনাই৷ এইবাৰ পাকিস্তানে ভৰণ-পোষণ দিয়া সন্ত্ৰাসবাদীৰ কাশ্মীৰৰ পুলৱামাস্থিত বাসগৃহত চলিল ভাৰত চৰকাৰৰ বুলড'জাৰ৷ আৰক্ষীে জনোৱা অনুসৰি পাকিস্তানত আশ্ৰয় লোৱা সন্ত্ৰাসবাদী আশ্বিক নেংৰুৱে পুলৱামা জিলাৰ ৰাজপোৰাত চৰকাৰী ভূমি দখল কৰি  নিৰ্মাণ কৰিছিল বাসগৃহ।

উল্লেখ্য যে ভাৰতত সংঘটিত হোৱা বহুকেইটা সন্ত্ৰাসবাদী আক্ৰমণৰ নায়ক আশ্বিক নেংৰু ২০১৯ চনতে আশ্ৰয়ৰ বাবে পাকিস্তানলৈ পলায়ন কৰে৷ কেইমাহমান পূৰ্বে নেংৰুৰ ভাতৃ মঞ্জুৰ আহমেদ আৰু ৰছোয়েক হত্যা কৰা হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি সন্ত্ৰাসবাদী সংগঠনৰ মাজত হোৱা সংঘৰ্ষত মঞ্জুৰ নিহত হৈছিল আৰু শ্ব'পিয়ানৰ এখন বাগিচাত গুলীবিদ্ধ অৱস্থাত মঞ্জুৰৰ মৃতদেহ উদ্ধাৰ হৈছিল।