Logo
image

কংগ্ৰেছৰ বাবেহে ৪ টা সন্তানৰ পিতৃ হ'ল বিজেপি সাংসদ ৰবি কিষাণ

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ বাবেহে চাৰিটা সন্তাৰ পিতৃ হ'ল অভিনেতা তথা বিজেপি সাংসদ ৰবি কিষাণ৷ দেশত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কক লৈ বিতৰ্ক চলি থকাৰ মাজতে এই মন্তব্য কৰিছে খোদ বিজেপি সাংসদগৰাকীয়ে৷। দেশত বৰ্ধিত জনসংখ্যাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিছে সাংসদ ৰবি কিষাণে। অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা ৰবি কিষাণে শুকুৰবাৰে কয় যে যদি কংগ্ৰেছে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আনিলে হয়, তেন্তে তেওঁ চাৰিটা সন্তানৰ পিতৃ নহ'লহেঁতেন। ইয়াৰ বাবে কংগ্ৰেছ দায়বদ্ধ। 

ৰবি কিষাণে কয় যে মোৰ চাৰিটা সন্তান আছে, এয়া ভুল নহয়। যদি কংগ্ৰেছ চৰকাৰে বিধেয়কখন আনিলে হয় আৰু দেশত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আইন থাকিলে হয়, তেন্তে মই চাৰিটা সন্তানৰ পিতৃ নহ'লোহেঁতেন। 

লগতে তেওঁ কয় যে পূৰ্বৰ চৰকাৰে জনসংখ্যা নিযন্ত্ৰণৰ বিষয়টোত সতৰ্ক হ'ব লাগিছিল৷ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এখন আইন প্ৰণয়ন কৰিব লাগিছিল৷ কংগ্ৰেছৰ শাসনকালত জনসংখ্যা নিয়ন্ত্ৰণ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হোৱা নাছিল৷ সেয়েহে এতিয়া বিজেপি চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বিধেয়ক আনিব লগা হৈছে। 

ইয়াৰ উপৰি তেওঁ কয় যে জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত তেওঁ সংসদত এটা প্ৰস্তাৱ উত্থাপন কৰিব। লগতে সাংসদগৰাকীয়ে কয় যে তেওঁ জনসংখ্যা নিয়ন্ত্ৰণৰ কথা যেতিয়া ভাবে, তেওঁ অনুশোচনা হয় যে তেওঁৰ চাৰিটা সন্তানৰ পিতৃ।