Logo
image

কইনাক গাধ উপহাৰ দৰাৰ : নেটিজেনে ক'লে, কইনাই বিয়াত উপহাৰ হিচাপে পালে দুটা গাধ

ডিজিটেল ডেস্ক : বহুলোকে সামাজিক মাধ্যমত নিজৰ বিয়াৰ ফটো-ভিডিঅ' শ্বেয়াৰ কৰে৷ আজিকালি ছ'চিয়েল মিডিয়াত দৰা-কইনাৰ নৃত্য প্ৰায়ে ভাইৰেল হয়৷ কিন্তু এইবাৰ পাকিস্তানৰ এহাল দৰা-কইনা নৃত্যৰ বাবে নহয়, দৰাই কইনাক দিয়া বিশেষ উপহাৰৰ বাবে ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত৷ 

ভাইৰেল হোৱা ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে দৰাজনে বিয়াত তেওঁৰ কইনাক এটা গাধ উপহাৰ দিছে। কইনাক গাধ উপহাৰ দি দৰাই কয় যে তেওঁ গাধ বহুত ভাল পায়। কিয়নো গাধ বহুত পৰিশ্ৰমী। ইফালে বিয়াত দৰাৰ পৰা গাধ উপহাৰ পাই সুখী কইনা৷ সামাজিক মাধ্যমত এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে নেটিজেনে  কৈছে যে কইনাই বিয়াত দুটা গাধ উপহাৰ পালে৷

https://www.instagram.com/tv/Cl6tOLxj33Y/?utm_source=ig_web_copy_link

abdulsamadziaandazlanshahofficial নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে এই ভিডিঅ'টো৷ লগতে কেপচনত লিখিছে, বৰিশাই একে সময়তে দুটা গাধ উপহাৰ পাইছে৷