Logo
image

আন্দোলন কৰিলে শ্বহীদ বাঢ়িব

চৰকাৰী সভাত বিৰোধী-আঞ্চলিক দলক তীব্ৰ সমালোচনা অমিত শ্বাহৰ

আমাৰ অসম, ২৭ ডিচেম্বৰঃ আন্দোলন কৰিলে শ্বহীদৰ সংখ্যা বৃদ্ধি হ’ব৷ তাৰ বাহিৰে আন্দোলনৰ একো সুফল নাই৷ –এনেধৰণৰ ভাষ্যৰেই অসমৰ আন্দোলনকাৰীক কঠোৰ সকীয়নি দিলেকেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ শনিবাৰে গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত বিশাল চৰকাৰী  অনুদান বিতৰণ আৰু আঁচনি উদ্বোধনী অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়– ‘আন্দোলনকাৰী উন্নয়নবিৰোধী৷ আন্দোলনকাৰীসকলে আন্দোলন কৰি কেৱল শ্বহীদৰ সংখ্যা বৃদ্ধি কৰিছে৷ আন্দোলনকাৰীয়ে অসমৰো উন্নয়ন নিবিচাৰে, ভাৰতৰো উন্নয়ন নিবিচাৰে৷ আন্দোলনকাৰীসকলে আন্দোলন কৰি কি পাব?’ ৰাইজৰ ধনেৰে পতা চৰকাৰী সভাত বিৰোধী কংগ্ৰেছ আৰু আঞ্চলিক দলক ক্ষুৰধাৰ সমালোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷ নাম নোলোৱাকৈ ৰাজ্যৰ নৱগঠিত আঞ্চলিক দল এজেপি আৰু ৰাইজৰ দলক তীব্ৰ সমালোচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়– ‘আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ ভোটৰ বিভাজন ঘটাই কংগ্ৰেছক জিকাবৰ বাবে এই পাৰ্টীবোৰৰ জন্ম হৈছে৷ অসমত এক নোহোৱা-নোপজা ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে৷ আন্দোলনকাৰী আৰু আন্দোলনকাৰীক গুলী মৰা শক্তি একাকাৰ হৈ পৰিছে৷ এতিয়া কিছুমান শক্তিয়ে চেহেৰা সলাই পাৰ্টী বনাবলৈ ওলাইছে৷ অনাগত দিনত আৰু বহুত কিবাকিবি হ’বলৈ বাকী আছে৷ বিচ্ছিন্নতাবাদৰ কথা কোৱা মানুহে চেহেৰা, ৰং, ৰূপ সলাই অনাগত দিনত মানুহৰ ওচৰলৈ আহিব৷ ৰাইজক উল্টা-পুল্টা বুজাব৷ আন্দোলনৰ দিশলৈ লৈ যাব৷ মই তেওঁলোকক সুধিব বিচাৰিছো আপোনালোকে আন্দোলন কৰি কি পাব৷ আন্দোলন কৰি আপোনালোকে চাকৰিয়েই পালেনে, বিকাশেই পালেনে, আন্তঃগাঁথনিয়েই পালেনে, কি পালে? কংগ্ৰেছৰ সৈতে বিচ্ছিন্নতাবাদীসকল লগ লাগিলেও চৰকাৰ বনাব নোৱাৰে৷ কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যত পূৰ্ণ বহু মতৰ চৰকাৰ গঠন হ’লেহে অসমৰ সৰ্বাংগীন উন্নয়নৰ কামবিলাক আগবাঢ়িব৷’ উল্লেখ্য, ৰাজকোষৰ টকা ভাঙি চৰকাৰী উদ্যোগত আয়োজন কৰা এই সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ভাষণত তেওঁ কয় যে ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল আৰু ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যুটীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অহা পৰিৱৰ্তনৰ, বিকাশৰ লহৰ অধিক ত্বৰান্বিত কৰাত সফল হৈছে৷ শনিবাৰৰ সভাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ ৮ হাজাৰ নামঘৰলৈ আঢ়ৈ লাখ টকাৰ অনুদান বিতৰণ, মহেন্দ্ৰ মোহন চৌধুৰী আৰু কালাপাহাৰ টিবি হাস্পতাল লগ লগাই স্থাপন কৰা গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ শুভাৰম্ভ, ১৫৫ কোটি টকা ব্যয়ৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ উন্নয়ন প্ৰকল্পৰ আঁচনিৰ শুভাৰম্ভ, দহখন নতুন আইন মহাবিদ্যালয়ৰ স্থাপনৰ আঁচনিৰো শুভাৰম্ভ কৰে৷ ইফালে, অমিত শ্বাহে ভাগ লোৱা অনুষ্ঠানত আন এটা ৰূপত দেখা গ’ল মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক৷ জীৱনত কোনোদিনে গীত গাই নোপোৱা হিমন্তবিশ্ব শৰ্মাই আওৰালে ঘোষাৰ পদ আৰু টীকা৷ ‘মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসোময়ী মগোহো ভকতি...’ শীৰ্ষক হেজাৰী ঘোষাৰ এটা ঘোষা গাই হিমন্তবিশ্ব শৰ্মাই সকলোকে আপ্লুত কৰে৷ তেওঁ ঘোষা গোৱাৰ সময়ত সভাতলীত কাহ পৰি জীণ যোৱা অৱস্থা৷ অমিত শ্বাহ আৰু সৰ্বানন্দ সোণোৱালে চকুৰ পলক নেপেলোৱাকৈ তেওঁৰ ফালে চাই ৰয়৷