Logo
image

গুজৰাটৰ নিৱনিৰ্বাচিত আপৰ বিধায়কে যোগ দিব বিজেপিত!

ডিজিটেল ডেস্ক : অৰবিন্দ কেজৰিৱালে কোৱাৰ দৰে গুজৰাটত আম আদমী পাৰ্টীয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ল যদিও গুজৰাট বিধানসভা নিৰ্বাচনত ৫খন আসন জয়লাভ কৰে আম আদমী পাৰ্টীয়ে৷ নিৰ্বাচনত বৃহৎ বিফলতাৰ সন্মুখীন হোৱা আপে পুনৰ আন এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ আপৰ এগৰাকী নৱনিৰ্বাচিত বিধায়কে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে৷  

আপৰ বিধায়ক ভূপত ভায়ানীয়ে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে। উল্লেখ্য যে জুনাগড় জিলাৰ বিসৱদাৰ সমষ্টিত জয়লাভ কৰা আপৰ এইগৰাকী বিধায়ক ২০১৭ চনলৈকে বিজেপিত আছিল। বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপি ত্যাগ কৰি আপত যোগদান কৰিছিল।ইফালে চৰ্চা অব্যাহত থকাৰ মাজতে আপৰ বিধায়কগৰাকীয়ে বিজেপিত যোগদান কৰাৰ কথা অস্বীকাৰ কৰিছে। তেওঁ কয় যে মই দলৰ লগত বিশ্বাসঘাতকতা নকৰো।

গুজৰাট বিধানসভা নিৰ্বাচনত ইতিহাস সৃষ্টি কৰি বিজেপিয়ে ১৫৬ খন আসনত জয়লাভ কৰে৷ আনহাতে কংগ্ৰেছে মাত্ৰ ১৭ খন আসন লাভ কৰিবলৈ সক্ষম হয়। আম আদমী পাৰ্টীয়ে মাত্ৰ ৫ খন আসন লাভ কৰিছে যদিও ১২.৯২ শতাংশ ভোট লাভ কৰিছিল আপে।