Logo
image

প্ৰথম কেবিনেটতে পুৰণি পেন্সন আঁচনি গ্ৰহণৰ সিদ্ধান্ত হিমাচলৰ

ডিজিটেল ডেস্ক,১২ ডিচেম্বৰ: হিমাচল প্ৰদেশৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিয়েই সুখবিন্দৰ সিং ছুখুৰ নতুন মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠকতে পুৰণি পেন্সন নীতি পুনৰ বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে৷ বিধানসভাৰ নিৰ্বাচনত দেশৰ সৰ্বাধিক শক্তিশালী আৰু ৰাজ্যৰ শাসনাধিষ্ঠিত দল বিজেপিৰ বিৰুদ্ধে অৱতীৰ্ণ হওঁতে কংগ্ৰেছে চৰকাৰ প্ৰতিষ্ঠা হ’লে ৰাজ্যবাসীৰ বাবে ১০টা ‘গেৰাণ্টী’ দিছিল৷ তাৰ ভিতৰত প্ৰথম আছিল বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে আৰোপ কৰা নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বলৱৎ কৰা৷ সুখবিন্দৰ সিঙৰ চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকত শপত লোৱাৰ দিনাই এটা গেৰাণ্টী পূৰণ কৰি প্ৰতিশ্ৰুতি ৰক্ষা  কৰিলে৷ দেওবাৰে দিনৰ ২ বজাত হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰে শপত গ্ৰহণ কৰি বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ শাসনত প্ৰকৃত পেন্সনৰ পৰা বঞ্চিত হৈ পৰা ১.৫ লাখ অৱসৰপ্ৰাপ্ত প্ৰবীণক উপকৃত কৰিলে৷ দেওবাৰে ছিমলাৰ ৰিজ ময়দানত কংগ্ৰেছৰ নতুন সভাপতি মল্লিকাৰ্জুন খৰ্গে, গান্ধী পৰিয়ালৰ দুই সদস্য ক্ৰমে ৰাহুল গান্ধী, সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী, মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ প্ৰতিভা সিং তথা আগশাৰীৰ অন্যান্য নেতাৰ উপস্থিতিত সুখবিন্দৰ সিং ছুখুৰ মন্ত্ৰীমণ্ডলীয়ে শপত গ্ৰহণ কৰে৷ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মুকেশ অগ্নিহোত্ৰীয়ে৷ বিধানসভাৰ পূৰ্বৰ বিৰোধী নেতা মুকেশ অগ্নিহোত্ৰী ৰাজ্যৰ ৬ বাৰৰ মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ অতি ঘনিষ্ঠ আছিল৷ প্ৰাক্তন সাংবাদিক মুকেশ অগ্নিহোত্ৰীক ৰাজনীতিৰ পথাৰলৈ বীৰভদ্ৰ সিঙেই  আনিছিল আৰু সেয়ে তেওঁক উপমুখ্যমন্ত্ৰীৰ দায়িত্ব দি কংগ্ৰেছ হাইকমাণ্ডে চৰকাৰৰ ভাৰসাম্য বজাই ৰাখিলে বুলি বিশ্বাস কৰা হৈছে৷ হিমাচল প্ৰদেশৰ একেবাৰে দক্ষিণৰ পিছপৰা অঞ্চল নাডুৱান সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হোৱা সুখবিন্দৰ সিং ৰাজ্যৰ ৰাজনীতিৰ অতি পৰিচিত মুখ৷ তেনেই সাধাৰণ লোকৰ পৰা শীৰ্ষ পৰ্যায়লৈকে সুখবিন্দৰ সিঙৰ  সম্পৰ্ক অতি ঘনিষ্ঠ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ সৈতে তেওঁৰ দীঘলীয়া সংঘাত আছিল৷  সেয়ে বীৰভদ্ৰ সিঙৰ পত্নী প্ৰতিভা সিঙে সুখবিন্দৰ সিঙৰ মুখ্যমন্ত্ৰিত্বৰ পথত হেঙাৰ হ’ব বুলি ধাৰণা কৰা হৈছিল৷ ৰাজ্যিক কংগ্ৰেছৰ সভানেত্ৰী তথা সাংসদ প্ৰতিভা সিঙে হাইকমাণ্ডৰ নিৰ্দেশ নতশিৰে পালন কৰি সুখবিন্দৰ সিঙৰ বাবে পথ এৰি দিয়ে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিধানসভাৰ নিৰ্বাচনী সভাত নাডুৱানত স্থানীয় জনতাক সম্বোধন কৰি কৈছিল, পিছপৰা অঞ্চল নাডুৱানৰ তেনেই সাধাৰণ নেতা সুখবিন্দৰ সিঙৰ মুখ্যমন্ত্ৰী হোৱাৰ নম্বৰ কেতিয়াও নাহে৷ কংগ্ৰেছৰ দল ৰজা ৰাণীৰ দল৷ তেওঁলোকে ৰজা ৰাণীৰ পৰিয়ালৰ লোককে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব৷ সুখবিন্দৰ সিং কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে৷ অমিত শ্বাহে নাডুৱানৰ ভোটাৰক সেই কথা কৈ ভোট ভাঙিবলৈ চেষ্টা কৰিছিল আৰু ৰজা ৰাণী বুলি কৈ প্ৰতিভা সিঙলৈ ইংগিত দিছিল৷ পিছে অমিত শ্বাহৰ সেই বক্তব্যৰ সমুচিত উত্তৰ দি কংগ্ৰেছে তেনেই সাধাৰণ নেতা সুখবিন্দৰ সিঙকে মুখ্যমন্ত্ৰীৰ আসন অৰ্পণ কৰিলে৷ এনএছইউআই, যুৱ-কংগ্ৰেছকে ধৰি কংগ্ৰেছ দলত ৪০ বছৰ ধৰি থাকি ৰাজনীতি কৰা সুখবিন্দৰ সিঙক ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ নেতা বুলি গণ্য কৰা হয়৷ সমগ্ৰ ৰাজ্যৰ প্ৰতিজন কংগ্ৰেছীৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্ক আছে৷ সেয়ে কংগ্ৰেছ দলে সুখবিন্দৰ সিঙৰ নেতৃত্বত স্বচ্ছ আৰু নিকা প্ৰশাসন ৰাজ্যবাসীয়ে লাভ কৰিব বুলি দাবী কৰিছে৷ কংগ্ৰেছে এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত ডাবল ইঞ্জিন চৰকাৰ বগৰাই ক্ষমতা অৰ্জন কৰাটো অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ এফালে হিমাচল প্ৰদেশ বিজেপিৰ কেন্দ্ৰীয় সভাপতি জেপি নড্ডাৰ গৃহৰাজ্য আৰু প্ৰধানমন্ত্ৰী মোদী তথা বিজেপিৰ শীৰ্ষ নেতৃত্বই ডাবল ইঞ্জিন চৰকাৰৰ সুফলৰ বিষয়ে বৰ্ণনা কৰি ৰাজ্যবাসীক বিজেপিৰ চৰকাৰ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনাইছিল৷ পিছে সমগ্ৰ দেশত সংকটত পৰি থকা কংগ্ৰেছৰ ওপৰতে ৰাজ্যৰ ভোটাৰে আস্থা ৰাখিলে৷ প্ৰসংগতঃ, গুজৰাটত সোমবাৰে ভূপেন্দ্ৰভাই পেটেলৰ নেতৃত্বত বিজেপি চৰকাৰে শপত গ্ৰহণ কৰিব৷

দিল্লী বিজেপিৰ সভাপতি অদেশ গুপ্তাৰ পদত্যাগ

 দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত বিশ্বৰ বৃহত্তম ৰাজনৈতিক দল বিজেপিয়ে দেশৰ ক্ষুদ্ৰ ৰাজনৈতিক দল আপৰ হাতত পৰাজয় স্বীকাৰ কৰাৰ পাছত দিল্লী ৰাজ্যিক বিজেপিৰ সভাপতি অদেশ গুপ্তাই পদত্যাগ কৰিছে৷ যোৱা বুধবাৰে দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল৷ তেওঁ দেওবাৰে পদত্যাগ কৰা বুলি ঘোষণা কৰে৷ এইবাৰৰ পৌৰ নিগমৰ নিৰ্বাচনত আম আদমি পাৰ্টীয়ে ১৫ বছৰৰ পাছত দিল্লীৰ পৌৰ নিগমৰ পৰা বিজেপিক উৎখাত কৰি ক্ষমতা দখল কৰে৷ পূৰ্বে নিজৰ চৰকাৰ আৰু আনকি কংগ্ৰেছ চৰকাৰৰ দিল্লীত শাসন থকাৰ সময়তো একেৰাহে ১৫ বছৰ ধৰি বিজেপিয়ে দিল্লী পৌৰ নিগমৰ ক্ষমতা নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছিল৷ এইবাৰ হিমাচল প্ৰদেশ আৰু গুজৰাটৰ বিধান সভা নিৰ্বাচনতে অনুষ্ঠিত হোৱা দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিক আপে পৰাস্ত কৰে৷ নিৰ্বাচনত বিজেপিৰ হৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাইছিল৷ বিজেপিৰ পৰাজয়ৰ পাছত ৰাজ্যিক সভাপতি অদেশ গুপ্তাই নৈতিক দায়িত্ব কান্ধপাতি পদত্যাগ কৰা নাছিল৷ নিৰ্বাচনৰ ফলাল ওলোৱাৰ চাৰিদিনৰ পাছত আজি দেওবাৰে তেওঁ পদত্যাগ কৰালৈ চাই বিজেপিৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশতে অদেশ গুপ্তাই পদত্যাগ কৰা বুলি সংবাদ মাধ্যমত চৰ্চা হৈছে৷ একাংশ সংবাদ মাধ্যমৰ মতে অদেশ গুপ্তাক বিজেপিৰ হাইকমাণ্ডে অপসাৰণহে কৰিছে৷