Logo
image

ছেমিত ফ্ৰান্সৰ সন্মুখত মৰক্কো

ডিজিটেল ডেস্ক,১২ ডিচেম্বৰ: ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্স৷ প্ৰতিযোগিতাৰ শনিবাৰে নিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে ইংলেণ্ডক পৰাস্ত কৰে ২-১ গ’লত৷ ফ্ৰান্সৰ হৈ গ’ল দুটা দিয়ে আৰেলিয়েঁ চুয়ামেনি আৰু অলিভিয়েৰ জিহুৱে৷ পেনাল্টীৰ সহায়ত ইংলেণ্ডৰ হৈ একমাত্ৰ গ’লটো দিয়ে অধিনায়ক হেৰী কেনে৷ কিন্তু দ্বিতীয়াৰ্ধত পোৱা এটা পেনাল্টীৰ সুযোগ নষ্ট কৰি ইংলেণ্ডৰ পৰাজয়ৰ অন্যতম কাৰণ হৈ পৰে অধিনায়কজন৷ ছেমিফাইনেলত ফ্ৰান্স সন্মুখীন হ’ব মৰক্কোৰ৷ খেলখনত ইংলেণ্ডৰ খেলুৱৈৰ তীক্ষ্ণ নজৰত আছিল ফৰাচী তাৰকা এমবাপে৷ গ’ল কৰিব নোৱাৰিলেও ফ্ৰান্সৰ প্ৰথমটো  গ’লত অবদান আছিল এই ফৰাচী তাৰকাৰ৷ খেলৰ ১৭ মিনিটতেই প্ৰথম গ’লটো লাভ কৰে ফ্ৰান্সে৷ বক্সৰ বাহিৰৰ পৰা লোৱা এটা দীঘলীয়া শ্বটেৰে ইংলেণ্ডৰ গ’লৰক্ষকক পৰাভূত কৰি চমক দিয়ে চুয়ামেনিয়ে৷ প্ৰথমে কিছু চাপত আছিল ইংলেণ্ড৷ কিন্তু ক্ৰমান্বয়ে দলটোৱে আক্ৰমণৰ চোক বৃদ্ধি কৰে৷ কিন্তু প্ৰথমাৰ্ধত সমতা স্থাপন কৰিব নোৱাৰিলে দলটোৱে৷ খেলৰ ৫৪ মিনিটত ইংলেণ্ডে লাভ কৰা পেনাল্টী কাৰ্যকৰি কৰি দলটোৰ হৈ সমতা স্থাপন কৰে অধিনায়ক হেৰী কেনে৷ ফ্ৰান্সৰ বক্সত বুকায়ো ছাকাক চুয়ামেনিয়ে বিধিনিষিদ্ধভাৱে বাধা দিয়াত ইংলেণ্ডৰ পক্ষত পেনাল্টীৰ নিৰ্দেশ দিছিল ৰেফাৰীয়ে৷ ইয়াৰ পিছতেই অগ্ৰগতিৰ বাবে আক্ৰমণ ৰচনা কৰে উভয় দলে৷ ইংলেণ্ডৰ দুটা দুৰন্ত আক্ৰমণ প্ৰতিহত কৰে ফ্ৰান্সৰ গ’লৰক্ষক লৰিছে৷ ইয়াৰ মাজতেই ৭৭ মিনিটত অলিভিয়েৰ জিহুৰ গ’লেৰে খেলখনত ফ্ৰান্সে অগ্ৰগতি লাভ কৰে৷ গ্ৰিজমেনৰ ক্ৰছ হেডৰ সহায়ত গ’ললৈ পৰিণত কৰে জিহুৱে৷  ইয়াৰ চাৰি মিনিট পিছতেই মেছন মাউণ্টক বক্সৰ ভিতৰত ফাউল কৰে থিয়ো হাৰ্নাণ্ডেজে৷ ভাৰৰ সহায় লৈ ইংলেণ্ডৰ পক্ষত পেনাল্টীৰ নিৰ্দেশ দিয়ে ৰেফাৰীয়ে৷ কিন্তু হেৰী কেনৰ শ্বট বাৰৰ বহু ওপৰেদি যায়৷ এটা সুন্দৰ সুযোগ নষ্ট কৰে ইংলেণ্ডৰ অধিনায়কে৷ খেলখনত অধিক কোনো গ’ল নহ’ল৷ ইংলেণ্ডৰ  খলনায়ক হিচাপে বিশ্বকাপত অভিযান সামৰে হেৰী কেনে৷