Logo
image

ছেমিফাইনেলত কেতিয়াও পৰাস্ত হোৱা নাই আৰ্জেণ্টিনা

ডিজিটেল ডেস্ক,১২ ডিচেম্বৰ: কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডছক পৰাস্ত কৰি কাতাৰ বিশ্বকাপৰ অন্তিম চাৰি স্থানত উপনীত হৈছে দুবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা৷ প্ৰথমখন ছেমিফাইনেলত লিঅ’নেল মেছিৰ দলটোৰ প্ৰতিপক্ষ হ’ব যোৱাবাৰৰ ৰানাৰ-আপ ক্ৰ’ৱেচিয়া৷ ফেৱৰীট ব্ৰাজিলক হৰুৱাই ছেমিফাইনেললৈ উন্নীত হৈছে লুকা মদ্ৰিচৰ দলটো৷ ছেমিফাইনেলত আৰ্জেণ্টিনাক পৰাস্ত কৰাটো ক্ৰ’ৱেচিয়াৰ বাবে হ’ব এটা ডাঙৰ প্ৰত্যাহ৩ান৷ কিয়নো বিশ্বকাপ ফুটবলৰ ছেমিফাইনেলত  আৰ্জেণ্টিনাক সদায় ফেৱৰীট হিচাপেই গণ্য কৰা হয়, প্ৰতিপক্ষ যিটো দলেই নহওক কিয়৷ বিশ্বকাপ ফুটবলৰ ৰেকৰ্ড বুকৰ পাত লুটিয়াই চালে দেখা যায় যে এতিয়ালৈকে চাৰিবাৰ ছেমিফাইনেল খেলিছে আৰ্জেণ্টিনাই আৰু এবাৰো দলটো পৰাস্ত হোৱা নাই৷ উৰুগুৱেত অনুষ্ঠিত ১৯৩০ চনৰ প্ৰথম বিশ্বকাপতে ছেমিফাইনেল খেলিছিল দক্ষিণ আমেৰিকাৰ দলটোৱে আৰু সেইবাৰ পৰাস্ত কৰিছিল আমেৰিকাক৷ তাৰ পাছত মেক্সিকোত অনুষ্ঠিত ১৯৮৬ চনৰ বিশ্বকাপৰ ছেমিফাইনেলত আৰ্জেণ্টিনাই পৰাস্ত কৰিছিল বেলজিয়ামক৷ সেইবাৰ আৰ্জেণ্টিনা চেম্পিয়ন হৈছিল৷ তাৰ পাছত ১৯৯০ চনৰ ইটালী বিশ্বকাপৰ ছেমিফাইনেলত ইটালীক আৰু ২০১৪ চনৰ ব্ৰাজিল বিশ্বকাপৰ ছেমিফাইনেলত দলটোৱে পৰাস্ত কৰিছিল নেডাৰলেণ্ডছক৷ ১৯৭৮ চনৰ বিশ্বকাপত আৰ্জেণ্টিনা চেম্পিয়ন হ’লেও সেইবাৰ টুৰ্নামেণ্টৰ ফৰ্মেট আছিল কিছু বেলেগ৷ আৰ্জেণ্টিনাত অনুষ্ঠিত সেইবাৰৰ বিশ্বকাপত প্ৰথমে ১৬টা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হৈছিল৷ পাছত চাৰিটা গ্ৰুপৰ আঠটা দলক পুনৰ দ্বিতীয় ৰাউণ্ডত দুটা গ্ৰুপত ভাগ কৰা হৈছিল আৰু সেই দুটা গ্ৰুপৰ শ্ৰেষ্ঠ দল দুটাই প্ৰতিদ্বন্দ্বিতা কৰিছিল ফাইনেলত৷