Logo
image

২০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ দাবী সংসদত

ডিজিটেল ডেস্ক,১৩ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি বিশাল, ব্যয়বহুল আৰু ‘নিখুঁত’ পৰিকল্পনাৰে ক’লাধন নিৰ্মূলৰ অৰ্থে বিমুদ্ৰাকৰণ সম্পাদন কৰি দেশৰ জনতাৰ বাবে আগবঢ়াই দিয়া ২০০০ টকীয়া নোট অবৈধ কাৰ্যত ব্যৱহূত হোৱাৰ অভিযোগ তুলি স্বয়ং বিজেপিৰ আগশাৰীৰ নেতাই সেই নোটো নিষিদ্ধ কৰিবলৈ দাবী জনাইছে৷ বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুশীল কুমাৰ মোদীয়ে সোমবাৰে ৰাজ্যসভাত ২০০০ টকীয়া নোট সন্ত্ৰাসবাদীৰ পুঁজিলৈ যোৱা আৰু ক’লাধন হিচাপে জমা হৈ থকা বুলি দাবী কৰাত দল আৰু চৰকাৰৰ ভিতৰত বিড়ম্বনাৰ সৃষ্টি হয়৷ সুশীল কুমাৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰক ২০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ বাবে আহ৩ান জনায়৷ ৰাজ্যসভাত তেওঁ কয়– ‘৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰি তাৰ ঠাইত ২০০০ টকীয়া নোট প্ৰচলন কৰা হৈছিল৷ ২০১৬ চনত বিমুদ্ৰাকৰণৰ জৰিয়তে দুবিধ নোট নিষিদ্ধ কৰি নতুনকৈ আৰম্ভ কৰা ২০০০ টকীয়া নোটৰ জৰিয়তে প্ৰকৃত উদ্দেশ্য সাধন হোৱা নাই৷ কিয়নো ২০০০ টকীয়া নোট ক’লাধন হিচাপে অনেকেই জমা কৰি ৰাখিছে৷ ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোটৰ ছপা বন্ধ কৰিছে যদিও প্ৰচলন বন্ধ কৰা নাই৷ ২০০০ টকীয়া নোট নিষিদ্ধ কৰিলেহে সন্ত্ৰাসবাদীৰ ওচৰত থকা পুঁজি আৰু ক’লাধন হিচাপে জমা হোৱা ২০০০ টকীয়া নোট মূল্যহীন কৰিব পৰা যাব৷ আমেৰিকা, জাৰ্মানী, চীন আৰু জাপানৰ দৰে বৃহৎ অৰ্থনীতিৰ দেশে ১০০ ৰ অধিক মূল্যৰ নোট ছপা নকৰে৷ কিয়নো অধিক মূল্যৰ নোট কম পৰিসৰত ৰাখি অধিক ধন জমা কৰাৰ সুযোগ থাকে৷ ২০০০ টকীয়া নোটৰ ক্ষেত্ৰতো তেনে হোৱাৰ খবৰ আছে৷ সেয়ে তেনেদৰে সন্ত্ৰাসবাদী আৰু ক’লা বেপাৰীৰ ওচৰত জমা হৈ থকা ২০০০ টকীয়া নোট মূল্যহীন কৰাৰ বাবে ইয়াক নিষিদ্ধ কৰাৰ গত্যন্তৰ নাই৷’ ৰাজ্যসভাত তেওঁ তথ্যসহকাৰে পুনৰ কয় যে ইউৰোপিয়ান ইউনিয়নে ২০১৮ৰ পৰা ৫০০ ইউৰোৰ নোটৰ প্ৰচলন বন্ধ কৰিছে, ছিংগাপুৰে ২০১০ ৰ পৰাই ১০,০০০ ছিংগাপুৰ ডলাৰৰ প্ৰচলন বন্ধ কৰিছে৷ ইয়াৰ মূল উদ্দেশ্য হৈছে ক’লা বেপাৰী আৰু সন্ত্ৰাসবাদী সংগঠনৰ ওচৰত জমা থকা তেনে নোট মূল্যহীন কৰা আৰু ড্ৰাগ চক্ৰই ব্যৱহাৰ কৰা তেনে নোটৰ প্ৰচলন বন্ধ কৰি দিয়া৷ তেনে উদাহৰণ দি তেওঁ কেন্দ্ৰীয় চৰকাৰক ভাৰতত ২০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ বাবে দাবী জনায়৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘাইকৈ ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰি কৈছিল, ক’লাধন হিচাপে জমা হৈ থকা নোট মূল্যহীন কৰাৰ বাবেই তেওঁ সেই পদক্ষেপ গ্ৰহণ কৰিছে৷ সেই সময়ত দেশত ৫০০ আৰু ১০০০ টকীয়া নোটৰ মুঠ ১৫.৪১ লাখ কোটি টকা প্ৰচলন হৈ আছিল৷ মোদীয়ে দিয়া সীমাৰেখাৰ ভিতৰত বেংকলৈ বৈধ ধন হিচাপে মুঠতে  ১৫.৩১ লাখ কোটি উভতি আহিল৷ অৰ্থাৎ বহুতেই যথাসময়ত ওভতাই দিব নোৱাৰা আৰু ক’লা ধন হিচাপে থাকিল ০.১ লাখ কোটি টকা৷ সেই হিচাপত বিমুদ্ৰাকৰণৰ উদ্দেশ্য ব্যৰ্থ হ’ল৷ বিমুদ্ৰাকৰণ কৰি নৰেন্দ্ৰ মোদীয়ে যি দুহেজাৰ টকীয়া নোট প্ৰচলন কৰিলে সেয়া সন্ত্ৰাসবাদী সংগঠন আৰু ক’লা বেপাৰীৰ বাবে আশীৰ্বাদহে হ’ল৷ কিয়নো নোটৰ মূল্য অধিক হোৱাৰ বাবে দুহেজাৰ টকাৰ ৰূপত বিশাল পৰিমাণৰ ধন নগদ হিচাপে সাচি ৰাখিবলৈ তেনেই কম স্থানৰ প্ৰয়োজন হয়৷ সেই কথাকে আঙুলিয়াই দি সুশীল কুমাৰ মোদীয়ে নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তক পৰোক্ষভাৱে ভুল বুলি ৰাজ্যসভাৰ মজিয়াত দাঙি ধৰিলে৷

প্ৰসংগতঃ উল্লেখযোগ্য দুহেজাৰ টকীয়া নোট মোদী চৰকাৰে প্ৰচলন কৰাৰ সময়ত অত্যুৎসাহ প্ৰদৰ্শন কৰি গোদী মিডিয়াৰ অন্যতম সাংবাদিক আজটকৰ শ্বেতা সিং আৰু জি নিউজৰ সুধীৰ চৌধুৰীয়ে ৰাজহুৱাভাৱে তেওঁলোকৰ বাতৰিত প্ৰচাৰ কৰিছিল যে নতুনকৈ প্ৰচলন কৰা দুহেজাৰটকীয়া নোটত মোদী চৰকাৰে মাইক্ৰ’চিপ্‌ছ লগাই দিছে৷ ইয়াৰ ফলত ক’লা বেপাৰীয়ে ২০ ফুট গভীৰত গাঁত খান্দি পুতি থ’লেও সেই নোটৰ পৰা আয়কৰ বিভাগলৈ তৰংগ যাব আৰু মোদী চৰকাৰৰ অধীনৰ আয়কৰ বিভাগে তেনে ক’লা ধন বিচাৰি উলিয়াব৷ দেশৰ দুই প্ৰখ্যাত সাংবাদিক শ্বেতা সিং আৰু সুধীৰ চৌধুৰীৰ উক্ত বক্তব্য যে চৰম মিথ্যাচাৰ আছিল সেয়া কিছুদিনৰ ভিতৰতে সকলোৱে বুজি উঠিছিল৷ এতিয়া বিজেপিৰ সাংসদে ২০০০ নোট ক’লা ধন হিচাপে জমা হোৱা বুলি দাবী কৰাৰ লগে লগে দুই সাংবাদিকৰ  ২০১৬ চনৰ সেই বাতৰিৰ মিমেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে৷