Logo
image

টাৱাং সীমান্তত চীন-ভাৰত সংঘৰ্ষ, হতাহত ৩০ সেনা

ডিজিটেল ডেস্ক,১৩ ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ টাৱাঙত চীন আৰু ভাৰতৰ বিবাদপূৰ্ণ সীমান্তত উভয় পক্ষৰ সেনাৰ মাজত হোৱা সংঘৰ্ষত কমেও ৩০ জন ভাৰতীয় সেনা হতাহত হৈছে৷ যোৱা ৯ আৰু ১১ ডিচেম্বৰত এই অনাকাংক্ষিত সংঘৰ্ষ সংঘটিত হয়৷ অৱশ্যে ভাৰতীয় সেনা বাহিনী অথবা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় কিম্বা কেন্দ্ৰীয় চৰকাৰে এই সংঘৰ্ষ সন্দৰ্ভত   ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰি আছে৷ সেয়ে কেইদিনমান পূৰ্বে সংঘটিত এই ভয়ংকৰ সংঘৰ্ষত কেইজন ভাৰতীয় সেনা নিহত হৈছে সেই সন্দৰ্ভত কোনো নিৰ্দিষ্ট খবৰ প্ৰকাশ হোৱা নাই৷ দেশৰ একাধিক প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ পৰা সেনাবাহিনীৰ সৈতে ঘটনা সন্দৰ্ভত যোগাযোগ কৰি জানিবলৈ চেষ্টা কৰিলেও ভাৰতীয় সেনাবাহিনীয়ে কোনো উত্তৰ দিয়া নাই৷ কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু কেইবাটাও প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানে সেনাবাহিনীৰ শীৰ্ষ সূত্ৰৰ পৰা খবৰ লৈ এই ঘটনা সম্পূৰ্ণ সত্য বুলি প্ৰকাশ কৰিছে৷ তেনে খবৰ অনুসৰি যোৱা ৯ আৰু ১১ ডিচেম্বৰৰ নিশা চীন-ভাৰতৰ সীমান্তৰ টাৱাঙৰ য়াংটে নামৰ অঞ্চলত দুয়ো পক্ষৰ সেনাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ পূৰ্বৰ দৰে এই সংঘৰ্ষতো চীন আৰু ভাৰত উভয় পক্ষৰ কোনো সেনাবাহিনীয়ে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা নাছিল৷ ইয়াৰ পৰিৱৰ্তে চীন আৰু ভাৰতৰ সেনাৰ জোৱানৰ মাজত প্ৰচণ্ড মাৰপিট আৰু গতিয়াগতি তথা বগৰা বাগৰি হয়৷ এই সংঘৰ্ষত ভাৰত আৰু চীন দুয়ো দেশৰ সেনাবাহিনীৰ জোৱানে লাঠী আৰু গছৰ ডাল ব্যৱহাৰ কৰি প্ৰতিপক্ষক প্ৰহাৰ কৰে৷ একাংশ জোৱান হতাহতি আৰু ঘুচিয়াঘুচিত লিপ্ত হয়৷ ইয়াৰ ফলত ভাৰতীয় সেনা বাহিনীৰ শীৰ্ষ সূত্ৰৰ উদ্ধৃত কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে, সংঘৰ্ষত ভাৰতীয় সেনাৰ একাধিক জোৱানৰ মৃত্যু হৈছে আৰু বহুকেইজন আহত হৈছে৷ আক্ৰান্ত বা হতাহত হোৱা ভাৰতীয় সেনাৰ সংখ্যা ৩০ জন বুলি প্ৰকাশ পাইছে৷ ভাৰতীয় সেনাবাহিনীৰ একেটা সূত্ৰই জনোৱা অনুসৰি এই সংঘৰ্ষত চীনৰো বহু সেনা আঘাতপ্ৰাপ্ত হৈছে৷ সেনাবাহিনীৰ দাবী চীনৰ আঘাতপ্ৰাপ্ত সেনাৰ সংখ্যা ভাৰততকৈ অধিক৷ সেনাবাহিনীৰ সূত্ৰ উদ্ধৃত কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰা মতে, চীনৰ সেনাবাহিনীয়ে সীমান্ত অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিবলৈ লৈছিল৷ পিএলএৰ সেই পদক্ষেপক বাধা দিয়াৰ ফলতে উভয় পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ চীনে কমেও তিনিশ সেনা জোৱান আৰু বিষয়া সীমান্ত অতিক্ৰম কৰিবলৈ প্ৰেৰণ কৰিছিল৷ ভাৰতীয় সেনাবাহিনীও সম্পূৰ্ণ সষ্টম হৈ থকাৰ ফলত চীনৰ সেনাবাহিনীয়ে লোৱা পদক্ষেপ সফল নহ’ল৷ অৱশ্যে ইয়াৰ ফলত উভয় পক্ষৰ মাজত অৱধাৰিতভাৱে সংঘৰ্ষৰ সৃষ্টি হয়৷

এই সংঘাতৰ পাছতে টাৱাঙৰ য়াংটে অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ চীনৰ পিএলএৰ অৰ্থাৎ দেশখনৰ সেনাবাহিনীৰ ছশ জনতকৈও অধিক জোৱানক সেই অঞ্চলত চীনে নিয়োজিত কৰিছে৷ আনহাতে প্ৰায় মুখামুখিকৈ কেইবাশ ভাৰতীয় জোৱানে অৱস্থান গ্ৰহণ কৰি আছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, ২০২০ চনৰ ১৫ জুনত লাডাখৰ গালৱানত ভাৰত আৰু চীনৰ সেনাৰ মাজত এক ৰক্তক্ষয়ী সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ তাৎপৰ্যপূৰ্ণভাৱে সেই সংঘৰ্ষতো কোনো এটা পক্ষৰ সেনাই এটাও গুলী ব্যয় কৰা নাছিল৷ আগ্নেয়াস্ত্ৰৰ পৰা গুলী ফুটোৱাৰ পৰিৱৰ্তে হাতত লাঠী পাহাৰৰ শিলগুটি লৈ দুয়োপক্ষৰ সেনাই পৰস্পৰৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হৈছিল৷ সেই সংঘৰ্ষত এজন মেজৰকে ধৰি মুঠতে কুৰিজন ভাৰতীয় সেনা চীনৰ সেনাৰ হাতত নিহত হৈছিল৷ চীনৰ সেনাই গজাল লগাই লোৱা লাঠীৰে মৰিয়াই ভাৰতীয় সেনাক নিৰ্মমভাৱে হত্যা কৰিছিল৷ তদুপৰি পাহাৰৰ ওপৰৰ পৰা তলৰ পানী নোহোৱা গালৱান নদীলৈ কেইবাজনো ভাৰতীয় সেনাক বহু ওপৰৰ পৰা গতিয়াই দিয়া হৈছিল৷ শূন্য ডিগ্ৰী তলৰ প্ৰচণ্ড শীতত তেনেদৰে সমগ্ৰ নিশা পৰি থাকি মুঠতে ২০ জন ভাৰতীয় সেনাৰ মৃত্যু হৈছিল৷ নতুন দিল্লীয়ে কৰা দাবী অনুসৰি সেই সংঘাতত চীনৰো বহুকেইজন সেনাৰ মৃত্যু হৈছিল৷ অৱশ্যে আঢ়ৈ বছৰ অতিক্ৰম কৰি যোৱাৰ পাছতো সেই সংঘৰ্ষত চীনৰ কেইজন সেনাৰ মৃত্যু হৈছিল সেই তথ্য ভাৰত চৰকাৰে প্ৰকাশ কৰিব নোৱাৰিলে৷ নিজৰ সকলো তথ্য গোপন কৰি থকা চীনে সেই সংখ্যা প্ৰকাশ কৰাৰ বিষয়ে ভবাই টান৷ উক্ত সংঘৰ্ষত আহত হোৱা সেনাক চীনে পৰৱৰ্তী সময়ত বেইজিঙত অনুষ্ঠিত শীতকালীন অলিম্পিকত শিখা বহন কৰিবলৈ দি তেওঁক মৰ্যাদা প্ৰদান কৰিছিল৷ তদুপৰি অলপতে চীনৰ কমিউনিষ্ট পাৰ্টীৰ ৰাষ্ট্ৰীয় অধিৱেশনত পুনৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ উপস্থিতিত গালৱানৰ সংঘৰ্ষৰ ভিডিঅ’ প্ৰদৰ্শন কৰি চীনৰ সেনাৰ বীৰত্ব ৰাজহুৱা কৰা হৈছিল৷

গালৱানৰ পাছত বিগত প্ৰায় আঢ়ৈ বছৰ ধৰি চীন আৰু ভাৰতৰ সেনাৰ মাজত উত্তেজনা অব্যাহত থাকিলেও কোনো সংঘৰ্ষ সংঘটিত হোৱা নাছিল৷ গালৱানৰ দৰে অৰুণাচলৰ চীন সীমান্ততো উত্তেজনা অব্যাহত আছিল৷ এই অঞ্চলটোত এতিয়াও চীন আৰু ভাৰতৰ উভয় পক্ষৰ সমৰ্থিত নিৰ্দিষ্ট সীমান্ত নাই৷ যি সীমান্তক ভাৰতে সীমা বুলি দাবী কৰি আহিছে চীনৰ তাত আপত্তি আছে৷ চীনে অৰুণাচল প্ৰদেশৰ ১৬,০০০ বৰ্গ কিলোমিটাৰ অঞ্চল নিজৰ বুলি দাবী কৰি সেই অঞ্চলটোক নিজৰ মানচিত্ৰত সামৰি লৈ দক্ষিণ তিব্বত বুলি অভিহিত কৰি আহিছে৷ সেই অনুসৰি চীনৰ মতে টাৱাং আৰু বুমলা গিৰিপথ চীনৰ অংশ৷ ২০২১ চনৰ অক্টোবৰত এই অঞ্চলতে চীন আৰু ভাৰতৰ সেনাৰ মাজত ঠেলাঠেলি আৰু গতিয়াগতিৰ ঘটনা ঘটিছিল৷ কিন্তু ১৯৬২ চনৰ সংঘাতৰ পাছৰ পৰা এতিয়ালৈকে দুয়ো পক্ষৰ সেনাই গুলীৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত আছে৷ যোৱা ৯ ডিচেম্বৰত সংঘটিত সংঘৰ্ষতো গালৱানৰ দৰেই এটা পক্ষয়ো আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা নাছিল৷ সেই সংঘৰ্ষত আঘাতপ্ৰাপ্ত কেইবাজনো ভাৰতীয় সেনাক ইতিমধ্যে গুৱাহাটীত থকা সেনাৰ হাস্পতালত ভৰ্তি কৰি চিকিৎসা কৰি থকা হৈছে৷ তেওঁলোকৰ প্ৰায় সকলোৰে হাত-ভৰিৰ হাড় ভাগি গৈছে বুলি সেনাবাহিনীৰ এটা সূত্ৰই প্ৰকাশ কৰিছে৷ উক্ত অঞ্চলটোত চীনৰ পিএলএই আন্তঃগাঁথনি নিৰ্মাণকে ধৰি যুদ্ধাস্ত্ৰ মজুত কৰি সেনাবাহিনীৰ শক্তি বৃদ্ধি কৰিছে৷ অৰুণাচলৰ পৰা চকুৰে দেখা দূৰত্বত ক’ভিড অতিমাৰীৰ সময়ত চীনৰ সেনাই কেইবাখনো গাঁও নিৰ্মাণ কৰি উলিয়াইছে৷ ১৯৬২ চনৰ সংঘাতৰ পূৰ্বে সেই অঞ্চলত ভাৰতীয় সেনাৰ চকী আছিল৷ সেই গাঁওসমূহত চীনৰ সেনাবাহিনীয়ে তিব্বতৰ গাঁওবাসীক থাকিবলৈ সুযোগ দিছে৷ ইণ্টাৰনেট আৰু সকলো অত্যাধুনিক ব্যৱস্থা থকা আৰু প্ৰয়োজন হ’লে মুহূৰ্তৰ ভিতৰতে সেই স্থানত উপস্থিত হ’ব পৰাকৈ নিৰ্মাণ কৰা প্ৰশস্ত পথৰ উক্ত গাঁৱত বসবাস কৰা তিব্বতৰ গাঁওবাসীয়ে প্ৰতিটো মুহূৰ্ততে সীমান্তৰ এইপাৰে হৈ থকা চাল-চলন চীনৰ সেনাক ডাঁৰৰ বাতৰি দিয়াদি দি থাকে৷ আনহাতে শেহতীয়া কেইবছৰত ভাৰতীয় সেনায়ো টাৱাঙত আন্তঃগাঁথনি যেনে– পথ আৰু বসবাস কৰিব পৰা ঘৰ নিৰ্মাণ কৰিছে৷ সেই স্থানত ভাৰতীয় সেনাই পূৰ্বৰ তুলনাত বহুগুণ অধিক যুদ্ধাস্ত্ৰ মজুত কৰিছে৷ অৰুণাচলৰ অৱস্থিত অংশতো [আৰএএলপি] ভাৰতীয় সেনাই যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ মজুত কৰাৰ লগতে হেলিকপ্টাৰৰ জৰিয়তে যাতায়াত আৰু ৰছদপাতি কঢ়িয়াব পৰা ব্যৱস্থা গঢ়ি তুলিছে৷ আপাৰ ডিবাং ভেলি অঞ্চলত ভাৰতীয় সেনাই যোগাযোগ ব্যৱস্থা তথা নিৰীক্ষণ ব্যৱস্থা অত্যাধুনিক কৰি তুলিছে৷ ভাৰতীয় সেনাই এনেদৰে সীমান্তত নিৰ্মাণ কাৰ্য চলাই থকাৰ বাবে চীনৰ সেনাৰ ক্ষোভ ক্ৰমশঃ খঙলৈ পৰিণত হৈছে৷ যোৱা ৯ ডিচেম্বৰৰ এই সংঘৰ্ষ তাৰেই ফলশ্ৰুতি বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে এই সংঘৰ্ষৰ আন কোনো নিৰ্দিষ্ট কাৰণ থাকিবও পাৰে৷ ভাৰতীয় সেনাবাহিনী অথবা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয় কিম্বা কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত নিৰ্দিষ্ট তথ্য প্ৰকাশ নকৰালৈকে সংঘৰ্ষৰ কাৰণ আৰু এই সংঘৰ্ষৰ পৰিণতি কি হ’ল সেই সন্দৰ্ভত ধুৱলি কুঁৱলী স্থিতি অব্যাহত থাকিব৷