Logo
image

খেলৰ পূৰ্বেই নিষিদ্ধ হৈ যাব নেকি মেছি

ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ: বিশ্বকাপৰ ছেমিফাইনেল শৃংখলাভংগৰ অপৰাধত আৰ্জেণ্টিনাৰ অধিনায়ক তথা তাৰকা ফুটবলাৰ লিঅ’নেল মেছিক ফিফাই খেলিবলৈ নিদিবও পাৰে বুলি প্ৰকাশিত বাতৰিয়ে বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নেডাৰলেণ্ডছৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলৰ মেচৰ অন্তত অনুষ্ঠিত সাংবাদিক সন্মিলনত মেছিয়ে বক্তব্য প্ৰদান কৰি থকাৰ মাজতে সেই মেচৰ প্ৰতিপক্ষৰ গ’ল স্ক’ৰাৰ উৱট ৱেঘষ্টৰ্ক অশালীন ভাষাৰে আক্ৰমণ কৰিছিল৷ তদুপৰি মেচৰ অন্তত বিজয়ী দল আৰ্জেণ্টিনাৰ গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজে প্ৰতিপক্ষৰ প্ৰশিক্ষক ভান গালক অশালীন ভাষাৰে গালি-গালাজ কৰিছিল৷ সেই দুই ঘটনাৰ বাবে ফিফাই শৃংখলাভংগৰ অভিযোগত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷ তদুপৰি মেচখনত ৰেফাৰীয়ে মুঠতে ১৬খন হালধীয়া কাৰ্ড প্ৰদৰ্শন কৰিছিল৷ ফিফাৰ তত্ব অনুসৰি খেলপথাৰত ফুটবলাৰে শৃংখলাভংগ কৰিলে এনেদৰে অধিক পৰিমাণত কাৰ্ড প্ৰদৰ্শন কৰে৷ এখন মেচত কোনো এটা দলৰ বিৰুদ্ধে পাঁচখন হালধীয়া কাৰ্ড প্ৰদৰ্শন কৰিলেই ফিফাই সেই দলটোৰ বিৰুদ্ধে শৃংখলাভংগৰ অভিযোগৰ তদন্ত আৰম্ভ কৰে৷ এইক্ষেত্ৰত যিহেতু ১৬খন হালধীয়া কাৰ্ড প্ৰদৰ্শন কৰা হৈছিল সেয়ে ফিফাই ইতিমধ্যে শৃংখলাভংগ কৰা বুলি আৰ্জেণ্টিনা আৰু নেডাৰলেণ্ডছ দুয়োটা দলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে৷ উক্ত মেচত আৰ্জেণ্টিনা দলৰ খেলুৱৈক ৮ খন  আৰু নেডাৰলেণ্ডছৰ খেলুৱৈক জ্জখন হালধীয়া কাৰ্ড প্ৰদৰ্শন কৰা হৈছিল৷ ইতিমধ্যে নেডাৰলেণ্ডছে প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে৷ তেওঁলোক শাস্তিৰ সন্মুখীন হ’লেও বিশ্বকাপক লৈ কোনো চিন্তা নাই৷ আনহাতে মঙলবাৰে মাজনিশা ছেমি ফাইনেল খেলিবলগীয়া আৰ্জেণ্টিনা শাস্তিৰ সন্মুখীন হ’লে দলটো ভয়ংকৰ বিপদত পৰিব৷ যদিহে শৃংখলাভংগৰ অপৰাধত আৰ্জেণ্টিনা শাস্তিৰ সন্মুখীন হয় তেন্তে মেছিৰ বিৰুদ্ধেও শাস্তিৰ সিদ্ধান্ত ল’ব ফিফাই৷ যিহেতু তেওঁ অধিনায়ক আৰু মেচৰ পাছত মেছিয়ে প্ৰতিপক্ষৰ খেলুৱৈক সংবাদমেলৰ মাজতে অশালীন ভাষাৰে গালি পাৰিছে সেয়ে তেওঁ তদন্তত দোষী সাব্যস্ত হোৱাৰ আশংকা আছে৷ কেৱল সেয়াই নহয়, মেচৰ অন্তত মেছিয়ে কৈছিল যে খেলৰ পূৰ্বে ৰেফাৰীৰ নাম দেখিয়েই তেওঁ আতংকিত হৈছিল৷ সেই বক্তব্যও ফিফাই অপমানজনক বুলি বিবেচনা কৰিছে৷ মাটেও লাহোজ নামৰ স্পেইনৰ ৰেফাৰীয়ে উক্ত মেচখন পৰিচালনা কৰিছিল৷ মেচখনত যিহেতু বিশৃংখলাৰ পৰিস্থিতি সৃষ্টি হৈছিল সেয়ে সুচাৰুৰূপে মেচখন পৰিচালনা কৰিব নোৱাৰাৰ বাবে আংশিকভাৱে ৰেফাৰীও জগৰীয়া৷ কিন্তু প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা খেলুৱৈয়ে মেচৰ পূৰ্বে কোনো ৰেফাৰীৰ বিষয়ে মেছিয়ে কৰাৰ দৰে মন্তব্য কৰিব নোৱাৰে৷ মেচৰ শেষত মেছিয়ে কৈছিল– ৰেফাৰীৰ নামটো দেখিয়েই মই ভালদৰে তেওঁ মেচ পৰিচালনা কৰিব নোৱাৰিব বুলি আশংকা কৰিছিলো৷ অৱশেষত সেয়াই হ’ল৷ এই সকলোবোৰ ঘটনা একগোট কৰি ফিফাই তেওঁলোকৰ শৃংখলাৰক্ষা কমিটীৰ দ্বাৰা আৰ্জেণ্টিনা দলটোৰ বিৰুদ্ধে শৃংখলাভংগৰ তদন্ত আৰম্ভ কৰিছে৷ ‘স্পৰ্ট ইনছাইড’ নামৰ ক্ৰীড়া পত্ৰিকাখনে সেই তদন্তৰ বিষয়ে প্ৰকাশ কৰি কৈছে যে ফিফাই যি ধাৰা অনুসৰি তদন্ত চলাইছে সেই ধাৰাৰ অধীনত দোষী সাব্যস্ত হ’লে মূলতঃ আৰ্জেণ্টিনা দলৰ অধিনায়ক অৰ্থাৎ মেছিক ছেমিফাইনেলৰ পৰা নিষিদ্ধ কৰা হ’ব পাৰে৷ যদিহে সেয়াই হয়, তেন্তে বিশ্বকাপৰ অতিকৈ গুৰুত্বপূৰ্ণ ছেমিফাইনেল মেচখনত আৰ্জেণ্টিনাৰ মূল চালিকাশক্তি মেছিয়ে খেলিবলৈ নাপাব৷ অৱশ্যে ফিফাই এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই৷ একাংশ শীৰ্ষ ক্ৰীড়া সংবাদ মাধ্যমৰ দাবী, বিশ্বকাপৰ দৰে এখন প্ৰতিযোগিতাৰ মাজত মেছিৰ দৰে তাৰকাৰ বিৰুদ্ধে এনে গুৰুতৰ শাস্তিৰ পদক্ষেপ ল’বলৈ ফিফাই সাহস নকৰিব৷ তেনে শীৰ্ষ ক্ৰীড়া সংবাদ মাধ্যমৰ দাবীৰ সত্যতা ইতিমধ্যে  প্ৰকাশ পাইছে৷ কিয়নো আৰ্জেণ্টিনা-নেডাৰলেণ্ডছৰ কোৱাৰ্টাৰ ফাইনেল মেচখন বিশৃংখল কৰি তোলাৰ অভিযোগত সেই মেচখনৰ ৰেফাৰী মাটেও লাহোজক ফিফাই সোমবাৰে দেশলৈ ঘূৰাই পঠিয়াইছে৷ স্পেইনৰ এই বিতৰ্কিত ৰেফাৰীজনক চলিত বিশ্বকাপত পৰিচালক হিচাপে আৰু কোনো দায়িত্ব অৰ্পণ নকৰে ফিফাই৷ উল্লেখ্য, উক্ত মেচখন বিশৃংখল কৰি তোলাৰ ক্ষেত্ৰত লাহোজ নামৰ ৰেফাৰীজনো বহু পৰিমাণে জগৰীয়া৷ খেলুৱৈক সতৰ্ক কৰি দি যি ঘটনা সিমানতে সামৰণি মাৰিব পাৰি, লাহোজে তাকে নকৰি ঘটনা বহলাই আছিল৷ ফলত প্ৰশ্ৰয় পাই লাহে লাহে মেচখনত ফুটবলাৰসকলে হালধীয়া কাৰ্ডকো গুৰুত্ব প্ৰদান নকৰা হ’ল৷ অৱশেষত পৰিৱৰ্তিত খেলুৱৈৰ বেঞ্চৰ সৈতেও কাজিয়াত লিপ্ত হ’ল মেচত অৱতীৰ্ণ হোৱা ফুটবলাৰ৷ তেনে পৰিস্থিতিত লাহোজে বেঞ্চৰ খেলুৱৈকো হালধীয়া কাৰ্ড দেখুৱাবলগীয়া হৈছিল৷ এতিয়া ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে অতিশয় গুৰুত্বপূৰ্ণ মেচখনত ফিফাৰ কোপত পৰি কেনেবাকৈ মেছিয়ে খেলিবলৈ সুযোগ নাপাব বুলি আশংকা কৰি অনুৰাগী হতাশ হৈ পৰিছে৷ অৱশ্যে মঙলবাৰে দিনৰ ভাগতে এই সন্দৰ্ভত ফিফাই সকলো কথা পৰিষ্কাৰ কৰি দিব৷