Logo
image

নতুন ৰাজনৈতিক অংক! মমতা বেনাৰ্জী মেঘালয়ত

ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ:  তৃণমূল কংগ্ৰেছৰ এইবাৰ লক্ষ্য মেঘালয়ৰ আগন্তুক বিধনসভা নিৰ্বাচন৷ এই উদ্দেশ্যৰে সোমবাৰে বিয়লি শ্বিলঙত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ তেখেতৰ লগত আহিছে তৃণমূলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিশেষ বেনাৰ্জীও৷ উল্লেখ্য যে শেহতীয়াভাৱে মেঘালয় আৰু ত্ৰিপুৰাত নিজৰ সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে যথেষ্ঠ তৎপৰ হৈ পৰিছে তৃণমূল কংগ্ৰেছ৷ কংগ্ৰেছৰ ১২জন বিধায়ক চলিত বৰ্ষৰ মে মাহত কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছতে মেঘালয় বিধানসভাত তৃণমূল কংগ্ৰেছে মূল বিৰোধী দলৰ মৰ্যাদা লাভ কৰে৷ অৱশ্যে পিছত ইয়াৰ এজন বিধায়ক তৃণমূলৰ পৰা আঁতৰি যায়৷ ইয়াৰ পূৰ্বে অভিশেষ বেনাৰ্জী মেঘালয়লৈ আহি দলৰ ৰাজ্যিক কাৰ্যলয় উদ্বোধন কৰিছিলে৷ মঙলবাৰে শ্বিলঙৰ ষ্টেট চেণ্ট্ৰেল লাইব্ৰেৰিত মেঘালয় তৃণমূলৰ ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ’ব৷ এই সন্মিনত মমতা বেনাৰ্জী উপস্থিত থাকিব৷ উল্লেখ্য যে মমতা বেনাৰ্জী মেঘালয়ত উপস্থিত হোৱাৰ পূৰ্বেই শ্বিলঙত উপস্থিত হয় ৰাজ্যখনৰ দায়িত্বত থকা পশ্চিমবংগ চৰকাৰৰ জলসম্পদ উন্নয়ন মন্ত্ৰী  মানস ভূঞা৷ তেওঁ শ্বিলঙত শিবিৰ পাতি মমতা বেনাৰ্জীৰ ভ্ৰমণৰ তদাৰক কৰি আছে৷ সোমবাৰে বিয়লি শ্বিলঙত উপস্থিত হোৱা মমতা বেনাৰ্জীয়ে স্থনীয় বিভিন্ন সামাজিক, দল-সংগঠন, খাচী আৰু জয়ন্তীয়া  জনগোষ্ঠী, পাহাৰৰ প্ৰধান, নাগৰিক সমাজ, মহিলা সংগঠন, ছাত্ৰ, নেতা আৰু বিশিষ্ট নাগৰিকৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হব৷ আজি বিয়লি তেখেত শ্বিলঙত প্ৰাক খ্ৰীষ্ট মাৰ্চৰ অনুষ্ঠান এটাতো উপস্থিত থাকে৷ মমতা বেনাৰ্জীৰ এইটোৱে প্ৰথম মেঘালয় ভ্ৰমণ তৃণমূলৰ নেত্ৰী হিচাপে৷ আগন্তুক বছৰ আৰম্ভণীতে মেঘালয় বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এই নিৰ্বাচনত শক্তিশালী ৰূপত প্ৰতিদ্বন্দ্বীতা  কৰাৰ সিদ্ধন্ত লৈছে তৃণমূল কংগ্ৰেছ৷ মঙলবাৰৰ ৰাজ্যিক সন্মিলনত তৃণমূলৰ ৰাজ্যিক নেতৃত্বৰ উপৰিও  জিলা আৰু ব্লক কমিটী, দলৰ মহিলা, ছাত্ৰ আৰু যুৱ সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকিব বুলি দলটোৰ ৰাজ্যিক নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই প্ৰকাশ কৰে৷ তিনিদিনীয়া কাৰ্যসূচীৰে শ্বিলঙলৈ অহা মমতা বেনাৰ্জীৰ লক্ষ্য তৃণমূল কংগ্ৰেছৰ সাংগঠনিক ভেটি পশ্চিমবংগৰ উপৰিও দেশৰ বিভিন্ন ৰাজ্যলৈ প্ৰসাৰিত কৰা৷