Logo
image

ট্ৰলিং বন্ধ কৰিবলৈ শীঘ্ৰেই আইন প্ৰণয়ন কৰিব চৰকাৰে

ডিজিটেল ডেস্ক : ইণ্টাৰনেট অবিহনে এতিয়া যেন অচল মানৱ জীৱন৷ বৰ্তমান সময়ত ইণ্টাৰনেটৰ সদব্যৱহাৰৰ লগতে একাংশ ইণ্টাৰনেটৰ জৰিয়তে দুষ্কাৰ্য সংঘটিত কৰা দেখা যায়৷ ইণ্টাৰনেটক লৈ শেহতীয়াকৈ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এক বিশেষ মন্তব্য কৰিছে৷ তেওঁ কৈছে যে বৰ্তমান সময়ত ইণ্টাৰনেট বিষাক্ত হোৱাৰ লগে লগে ভুল তথ্যৰ এক মাধ্যমক হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে চৰকাৰে শীঘ্ৰেই ইণ্টাৰনেটৰ জৰিয়তে ট্ৰলিং বন্ধ কৰিবলৈ এখন নতুন আইন প্ৰণয়ন কৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱিত ডিজিটেল ইণ্ডিয়া আইন জনসাধাৰণৰ পৰামৰ্শৰ আওতাৰ বাহিৰত হ'ব। এই আইনৰ দ্বাৰা এজন ব্যক্তি, যুৱ বা বৃদ্ধই সুৰক্ষিত অনুভৱ কৰিব৷ লগতে তেওঁ কয় যে এই নতুন আইন গৃহীত হোৱাৰ লগে লগে বন্ধ হ'ব ইণ্টাৰনেটৰ জৰিয়তে ট্ৰলিং।এই আইন গৃহীত হ'লে ইণ্টাৰনেটত যুৱতীসকলো চাইবাৰ বুলিঙৰ ভুক্তভোগী নহ'ব।

তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে যুৱক-যুৱতী, শিক্ষাৰ্থী, বৃদ্ধ পেঞ্চনাৰ, মহিলাৰ বাবে ইণ্টাৰনেট সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য হ'ব লাগে। ইণ্টাৰনেট এনে এক ঠাই হ'ব নোৱাৰে য'ত বিষাক্ত পৰিৱেশ থাকে। লগতে তেওঁ কয় যে মই বৰ্তমান ইণ্টাৰনেট বিষাক্ত হৈ পৰা দেখিছো। ভুল তথ্যৰ মাধ্যম হিচাপে ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি পাইছে। চৰকাৰে বিচাৰিছে ইণ্টাৰনেট ১.২ বিলিয়ন ভাৰতীয়ৰ বাবে ভাল শক্তি হৈ থাকক।