Logo
image

নেহৰুৰ দৰেই মোদীৰ সমালোচনা হ’বনে? স্বামীৰ প্ৰশ্ন

ডিজিটেল ডেস্ক, ১৪ ডিচেম্বৰ: টাৱাঙত চীন আৰু ভাৰতীয় সেনাবাহিনীৰ মাজত হোৱা সংঘৰ্ষ আৰু এই ঘটনাৰ পৰা ফালৰি কাটি থাকিবলৈ চেষ্টা কৰা নৰেন্দ্ৰ মোদী চৰকাৰক কাঠগড়াত তুলি বিজেপিৰ প্ৰবীন নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুব্ৰমনিয়ণ স্বামীয়ে অস্বস্তিত পেলাইছে৷ বিজেপিৰ নেতাজনে দুটাকৈ টুইট কৰি মোদী চৰকাৰক বিৰোধী পক্ষৰ দৰেই সমালোচনা কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দুয়োটা টুইটত সুব্ৰমনিয়ণ স্বামীয়ে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীৰ্যকভাৱে কটাক্ষ কৰে৷ এটা টুইটত স্বামীয়ে কয়–‘চৰকাৰৰ মন্ত্ৰীসকলে সংসদত কিয় ভাৰত-চীন সেনাৰ সংঘৰ্ষৰ প্ৰশ্নৰ উত্তৰ দিব? নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হোৱাৰ পৰা আৰু প্ৰধানমন্ত্ৰী হোৱাৰ পৰা চীনৰ সৈতে তেওঁৰ দেখোন ঘনিষ্ঠ সম্পৰ্ক৷’ দ্বিতীয়টো টুইটত তেওঁ কয়–‘১৯৬২ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক শুৱনি ভাষাৰে অশালীন গালি-গালাজ কৰা হৈছিল৷ এতিয়া মোদীকো তেনে ভাষাৰে সমালোচনা কৰিব লাগে নেকি?’ উল্লেখ্য, ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত বিজেপিৰ পূৰ্বৰ সংগঠন জনসংঘ আৰু আৰ এছ এছে অশালীনভাৱে সমালোচনা কৰাৰ প্ৰসংগ উত্থাপন কৰিয়েই সুব্ৰমনিয়ণ স্বামীয়ে এই মন্তব্য কৰিছে৷ বিৰোধী দলৰ উপৰি নিজৰ দলৰ নেতায়ো প্ৰধানমন্ত্ৰী মোদীক চীন-ভাৰতৰ সেনাৰ সংঘৰ্ষক লৈ কটাক্ষ কৰাত স্বাভাৱিকতে বিজেপি অস্বস্তিৰ সন্মুখীন হৈছে৷