Logo
image

সীমান্তত সংঘাত, সংসদত যুঁজ

ডিজিটেল ডেস্ক, ১৪ ডিচেম্বৰ: বলে নোৱাৰা শিলক পৰি নমস্কাৰ৷ ৰঙা চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ জোৱানে ২০২০ চনৰ গালৱান সংঘৰ্ষৰ পাছত যোৱা ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰতীয় ভূখণ্ডৰ ভিতৰত প্ৰৱেশ কৰি গজাঁল লগোৱা লাঠী, কাটা তাঁৰ মেৰিয়াই লোৱা ‘টাছেৰ গানে’ৰ কোবাই-মৰিয়াই ভাৰতীয় সেনাৰ হাত ভৰি  ভাঙি দিলেও এই সংঘৰ্ষৰ বিষয়টো চীনৰ ভয়তে বহলাবলৈ অনিচ্ছুক নৰেন্দ্ৰ মোদী চৰকাৰ৷  অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা ৩৫ কিলোমিটাৰ নিলগৰ য়াংৎছেত হোৱা এই সংঘৰ্ষৰ বিষয়ে মোদী চৰকাৰে সংসদত আলোচনা কৰিবলৈ সন্মত নহ’ল৷ বৰং ইয়াৰ বিপৰীতে বিষয়টোক লৈ আলোচনা বিচৰা বিৰোধী ৰাজনৈতিক দলৰ সৈতে লোকসভা, ৰাজ্যসভা উভয় সংসদত যুদ্ধত লিপ্ত হ’ল বিজেপি চৰকাৰ৷ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সংঘাতত লিপ্ত হৈছে চীন-ভাৰতৰ সেনাবাহিনী আৰু বিষয়টো আলোচনা নকৰিবৰ বাবে সংসদত যুঁজত অৱতীৰ্ণ হ’ল শাসনাধিষ্ঠিত বিজেপি দল বিৰোধী ৰাজনৈতিক দল; বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে৷ চীনৰ সেনাবাহিনীৰ সৈতে হোৱা সংঘাতৰ ঘটনা ৯ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে চৰকাৰে কিয় দেশৰ জনতাৰ পৰা লুকুৱাই ৰাখিলে সেই সন্দৰ্ভত উত্তৰ দিবলৈকো সন্মত নহ’ল মোদী চৰকাৰ৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ এই কাৰ্যকলাপ দেখি বিৰোধী দলে দাবী কৰিছে, চীনৰ ভয়ত কম্পমান হৈয়েই মোদী চৰকাৰে চীনৰ সৈতে হোৱা সংঘাত সন্দৰ্ভত আলোচনা নকৰে৷ একেই ঘটনা পাকিস্তানৰ ক্ষেত্ৰত সংঘটিত হ’লে জপিয়াই পৰে আৰু চীনৰ বিৰুদ্ধে হ’লে যিকোনো প্ৰকাৰে নেদেখাৰ ভাও জুৰি বিষয়টোৰ পৰা ফালৰি কাটি যায়৷ সীমান্তত যুদ্ধ কৰা বাদেই আনকি সংসদতো চীনৰ সৈতে হোৱা সংঘৰ্ষৰ বিষয়ে আলোচনা কৰিবলৈ মোদী চৰকাৰে ভয় কৰে বুলি বিৰোধী ৰাজনৈতিক দলে অভিযোগ কৰিছে৷ চীনৰ ভয়তে মোদী চৰকাৰে বিষয়টো সদনত আলোচনা কৰি বহলাই লোৱাৰ পৰিৱৰ্তে থাপি থুপি থোৱাত অগ্ৰাধিকাৰ দিয়া বুলি বিৰোধী দলে মন্তব্য কৰিছে৷

অৰুণাচল প্ৰদেশৰ সীমান্তত হোৱা সংঘাতৰ পৰিণতিত মঙলবাৰে দেশৰ উভয় সদনত শীতকালীন অধিৱেশনত চৰকাৰ আৰু বিৰোধী পক্ষৰ মাজত যুঁজ হয়৷ বিৰোধী ৰাজনৈতিক দলৰ সাংসদে মঙলবাৰে লোকসভা আৰু ৰাজ্যসভাত চীন-ভাৰতৰ টাৱাং সংঘাত সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বিবৃতি আৰু বিষয়টোক লৈ সদনত আলোচনাৰ দাবী কৰিছিল৷ কিন্তু চৰকাৰী পক্ষই বিৰোধীৰ দাবী মানি নল’লে৷ ফলত উভয়পক্ষৰ মাজত লোকসভা আৰু ৰাজ্যসভাত তৰ্কযুদ্ধ হয়৷ চৰকাৰী পক্ষই বিৰোধীৰ দাবী মানি নোলোৱাত বিৰোধীয়ে সদন ত্যাগ কৰে৷ তাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সদনত টাৱাঙৰ সংঘৰ্ষৰ সন্দৰ্ভত বিবৃতি প্ৰদান কৰে আৰু তাৰ পাছত এক মুহূৰ্তও ব্যয় নকৰাকৈ সদনৰ পৰা ওলাই যায়৷ ফলত তেওঁক সদনত এই সন্দৰ্ভত কোনো সদস্যই প্ৰশ্ন কৰিবলৈ সক্ষম নহ’ল৷ কিয়নো প্ৰতিপক্ষা মন্ত্ৰীয়ে সীমিত শব্দৰে লিখিত বিবৃতি পাঠ কৰিয়েই সংসদ ত্যাগ কৰিলে৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিবৃতিত দাবী, চীনৰ সেনাবাহিনীয়ে স্থিতাৱস্থা উলংঘা কৰি টাৱাঙৰ সীমান্তৰে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল৷ চীনৰ সেনাই ভাৰতীয় সেনাক মাৰপিট কৰিলেও কোনো ভাৰতীয় সৈনিকৰ মৃত্যু হোৱা নাই৷ ভাৰতীয় সেনাই চীনৰ সেনাৰ মাৰত আঘাতহে পাইছে৷ ভাৰতীয় সেনায়ো চীনৰ সেনাক উচিত প্ৰত্যুত্তৰ দিয়ে আৰু তেওঁলোকক প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পাৰ কৰি পূৰ্বৰ স্থানত থৈ আহে৷ ভাৰতে এই সংঘৰ্ষৰ ঘটনা কুটনৈতিকভাৱে আলোচনা কৰি মীমাংসা কৰিব৷ অৱশ্যে ৰাজনাথ সিঙে ইমানদিনে চৰকাৰে বিষয়টো কিয় লুকুৱাই ৰাখিছিল সেই সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে৷ তদুপৰি তেওঁ বিষয়টোক লৈ সদনত বিৰোধী ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰাৰ কোনো প্ৰয়োজন নথকা  বুলিও মন্তব্য কৰে৷ 

ইপিনে কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কয়, ইমান গুৰুত্বপূৰ্ণ বিষয়টোক লৈ চৰকাৰে বিৰোধী পক্ষৰ সৈতে আলোচনা কৰিবলৈ ৰাজী নহয়৷ তেনেক্ষেত্ৰত বিৰোধী দল সদন কক্ষত বহি থকাৰ যুক্তি ক’ত? খৰ্গেৰ মতে মোদী চৰকাৰে এই স্পৰ্শকাতৰ আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি হোৱা বিষয়টোত দেশক, বিৰোধী দলক বিশ্বাসত লোৱা নাই৷ যুদ্ধ কৰিব লাগে শত্ৰুৰ বিৰুদ্ধে সীমান্তত৷ অথচ তেওঁলোকে প্ৰয়োজনীয় বিষয় আলোচনা নকৰিবৰ বাবে সংসদত বিৰোধী দলৰ সৈতে যুঁজতহে লিপ্ত হৈছে৷