Logo
image

পৰিস্থিতি চম্ভালিবলৈ কংগ্ৰেছৰ বিৰুদ্ধে চীনৰ ধন লোৱাৰ অভিযোগ অমিত শ্বাহৰ

ডিজিটেল ডেস্ক, ১৪ ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ টাৱাঙৰ নিকটৱত¹ য়াংৎছেত চীনৰ সেনাৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষৰ বিষয়টো দেশত বিস্তৃত আলোচনাৰ পৰা দুৰলৈ ঠেলি পঠিওৱাৰ কৌশল অৱলম্বন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজীৱ গান্ধী ফাউণ্ডেচনে ১৫ বছৰ পূৰ্বে চীনৰ পৰা লাভ কৰা আৰ্থিক সাহায্যৰ প্ৰসংগ অৱতাৰণা কৰি পৰিস্থিতি চম্ভালিবলৈ চেষ্টা চলাইছে৷ সৰ্বশক্তি প্ৰয়োগ কৰি মোদী চৰকাৰে টাৱাঙৰ সংঘৰ্ষৰ বিষয়টো সদনৰ শীতকালীন অধিৱেশনত আলোচনা কৰাৰ পৰা আঁতৰাই ৰখাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চীনৰ পৰা গান্ধী পৰিয়ালে সাহায্য লাভ কৰাৰ বিষয়টো সংসদৰ বাহিৰত বহুল ৰূপত সাংবাদিকৰ  আগত বৰ্ণনা কৰে৷ ইয়াৰ পাছৰে পৰা দেশৰ সংবাদ মাধ্যমে টাৱাঙৰ জলম্ভ ঘটনাৰ বাতৰি চুকলৈ ঠেলি পঠিয়াই ‘অমিত-বাক্য’ প্ৰচাৰ কৰাত উঠিপৰি লাগিছে৷ প্ৰাৰম্ভিকভাৱে দেখা গৈছে, অমিত শ্বাহে টাৱাঙৰ জলস্ত পৰিস্থিতিৰ বিষয়টো দেশবাসীৰ চকুৰ পৰা ঘূৰাবলৈ সমৰ্থ হৈছে আৰু এইক্ষেত্ৰত দেশৰ গোদী মিডিয়াই তেওঁৰ উদ্দেশ্য চৰিতাৰ্থ কৰাত পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷ নৰেন্দ্ৰ মোদী চৰকাৰে চীনৰ সৈতে হোৱা যিকোনো সংঘাত বা সংঘৰ্ষৰ বিষয়ে দেশত ব্যাপকভাৱে আলোচনা হোৱাটো নিবিচাৰে, লাগিলে সেয়া গালৱানেই হওক বা টাৱাঙৰ সংঘৰ্ষই হওক৷ টাৱাঙৰ সংঘৰ্ষ মোদী চৰকাৰে ৪ দিন ধৰি দেশৰ জনতাৰ পৰা লুকুৱাই ৰাখিছিল৷ সোমবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই খবৰ উন্মোচন কৰিলেও ২৪ ঘণ্টাৰ আগলৈকে দেশৰ সেনাবাহিনী, প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু মোদী চৰকাৰে টাৱাঙৰ সংঘৰ্ষক লৈ এটাও শব্দ প্ৰকাশ কৰা নাছিল৷ মঙলবাৰে চৰকাৰ টাৱাঙৰ সংঘৰ্ষক লৈ শীতকালীন অধিৱেশনত উভয় সদনত বিৰোধীৰ আক্ৰমনৰ সন্মুখীন হোৱাৰ আশংকা আছিল৷ কিন্তু চৰকাৰে টাৱাঙৰ সংঘৰ্ষক লৈ সদনত আলোচনা নকৰিলে আৰু প্ৰতিৰক্ষামন্ত্ৰীৰ এটা বিবৃতিৰ জৰিয়তে বিষয়টো সামৰি থলে৷ তথাপি এই সংঘৰ্ষক লৈ মঙলবাৰৰ দিনটো দেশৰ মিডিয়া উত্তপ্ত হোৱাৰ সম্ভাৱনা আছিল৷ কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজীৱ গান্ধী ফাউণ্ডেচনলৈ ২০০৭ চনত চীনৰ দূতাবাসে বৰঙণি আগবঢ়োৱাৰ পুৰণি প্ৰসংগ নতুনকৈ তুলি ধৰি মঙলবাৰৰ দিনটো দেশৰ মিডিয়াক আন এটা বিষয়ক লৈ ব্যস্ত কৰি ৰাখে৷ ইতিপূৰ্বে মোদী চৰকাৰে ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ পঞ্জীয়ন বাতিল কৰি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই বিষয়টো পূৰ্বে একাধিকাৰ মিডিয়াৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে৷ আজি সেই বিষয়তকৈ টাৱাঙৰ সংঘৰ্ষৰ বিষয়টো অধিক জলন্ত আছিল যদিও বিসদৃশ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা চৰকাৰক ৰক্ষা কৰি অমিত শ্বাহে দেশৰ জনতাক মিডিয়াৰ জৰিয়তে ফালৰি কটাই আনিবলৈ সমৰ্থণ হয়৷ 

সংসদৰ বাহিৰত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়– ‘কংগ্ৰেছে ৰাজীব গান্ধী ফাউণ্ডেচনে চীনৰ দূতাাবাসৰ পৰা বৰঙণি লোৱাৰ বিষয়টো তল পেলাবৰ বাবে আজি সংসদত টাৱাঙৰ ভাৰত-চীন সেনৰ সংঘৰ্ষৰ বিষয়টো আলোচনা কৰাৰ ফন্দি পাতিছিল৷ মই কংগ্ৰেছৰ ফন্দি ধৰিব পাৰিলে৷ সংসদৰ প্ৰশ্নোত্তৰ ৫নং প্ৰশ্নটো দেখিয়েই মই কংগ্ৰেছৰ ফন্দি বুজি পালো৷ সেয়ে আমি টাৱাঙৰ সংঘৰ্ষৰ কথা আলোচনা কৰিবলৈ নিদিলো৷ আপোনালোকক এটা কথা জনাই দিওঁ, ৰাজীৱ গান্ধী ফাউণ্ডেচনে ২০০৭  চনত চীনৰ দূতাবাসৰ পৰা ৰকোটি ৩৫ লাখ টকা বৰঙণি লৈছিল৷ তেওঁলোকে দেশদ্ৰোহী  জাকিৰ নাইকৰ প্ৰতিষ্ঠনৰ পৰাও ৫০ লাখ টকা বৰঙণি লৈছিল৷ ইয়ৰ অৰ্থ এয়াই, কংগ্ৰেছ আৰু চীনৰ মাজত গোপন বুজাবুজি আছে৷ আমি ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ পঞ্জীয়ন বাতিল কৰি দিছো৷ ১৯৬২ চনত ভাৰতে চীনৰ ওচৰত হেৰুওৱা ভূমিৰ প্ৰসংগ তল পেলাই ৰাখিবলৈ ৰাজীৱ গান্ধী ফাউণ্ডেচনে চীনৰ পৰা ১.৩৫ কোটি টকা লৈছিল নেকি সেয়া দেশে জানিবলৈ বিচাৰে৷’ 

অমিত শ্বাহৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কয়– ‘যদি বৰঙণি লৈ আমি  ভুল কৰিছো তেন্তে আমাক ফাঁচী দিয়ক৷ কিন্তু টাৱাঙৰ জলন্ত ঘটনা  লুকুৱাই ৰাখিবৰ চেষ্টা নকৰিব৷ দেশে তাকো জানিবলৈ বিচাৰে৷’