Logo
image

বিদেশীৰ ভিত্তিবৰ্ষ ১০ জানুৱাৰীত পুনৰ শুনানি

ডিজিটেল ডেস্ক, ১৪ ডিচেম্বৰ: অসমত বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ ভিত্তিবৰ্ষ কি হ’ব? ১৯৭১ নে ১৯৫১ চন? এই সম্পৰ্কীয় গোচৰৰ শুনানি অহা বছৰৰ দহ জানুৱাৰীত গ্ৰহণ কৰিব সৰ্বোচ্ছ ন্যায়ালয়ে৷ উল্লেখ্য, অসম সন্মিলিত মহাসংঘৰ আবেদনমৰ্মে নাগৰিকত্বৰ ভিত্তিবৰ্ষ নিৰ্ধাৰণৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ উচ্ছতম ন্যায়ালয়ত ৰজু কৰা আবেদনসমূহৰ শ্ৰেণী বিন্যাস কৰিবলৈ আজি সাংবিধানিক বিচাৰপীঠে নিৰ্দেশ প্ৰদান কৰিছে৷ অসম চুক্তিৰ আধাৰত নাগৰিকত্ব আইনৰ ৬-এ অনুসৰি ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে মানি লোৱা পক্ষসমূহৰ বিপৰীতে গুচৰীয়া পক্ষৰ হকে অৰ্থাত ১৯৫১ চনৰ হকে হস্তক্ষেপ জনোৱা আবেদনসমূহৰ শ্ৰেণী বিন্যাস কৰি শুনানিৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে নিৰ্দেশ দিয়ে৷ ইয়াৰ বাবে চৰকাৰী পক্ষৰ হৈ এটৰ্নী জেেনৰেল আৰু চলিচিটৰ জেেনৰেল, আনহাতে আবেদনকাৰীসকলৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল চিবাল, দুশ্যন্ত দাভে আৰু ইন্দিৰা জয়সিঙক দায়িত্ব দিয়ে৷ সদৌ অসম ছাত্ৰ সন্থাৰ হৈ ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা মালবিকা ত্ৰিবেদীৰ হস্তক্ষেপত ছাত্ৰ সন্থাকো সমগ্ৰ প্ৰক্ৰিয়াটোত অন্তৰ্ভুক্ত কৰিবলৈ ন্যায়ালয়ে সন্মতি ব্যক্ত কৰে৷ উল্লেখ্য যে আজি শুনানিৰ আম্ভণিতেই কপিল চিবালে বিচাৰপীঠক এই বুলি অৱগত কৰে যে সংশ্লিষ্ট সকলো পক্ষই একেলগে বহি কি কি বিষয়ৰ ওপৰত শুনানি গ্ৰহণ কৰিব পাৰি তাৰ বাবে এটা ৰূপৰেখা প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চিবালৰ আহ৩ানমৰ্মে বিচাৰপীঠে এটৰ্নী জেনেৰেল, চলিচিটৰ জেনেৰেল আৰু আৱেদনকাৰীসকলৰ হৈ অধিবক্তাসকলক আৱেদনসমূহৰ শ্ৰেণী বিন্যাস কৰি শুনানিৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে৷ মূলত সুনিৰ্দিষ্টকৈ আবেদনসমূহৰ শ্ৰেণী বিন্যাস কৰিব পাৰিলেহে যথোপযোগী শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে স্থিৰ সিদ্ধান্তত উপনীত হ’ব পাৰিব বুলি মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে মত ব্যক্ত কৰে৷ আনহাতে চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ অনুৰোধমৰ্মে ন্যায়ালয়ে আজি সকলো পক্ষক সকলো পক্ষৰ আৱেদনসমূহ একত্ৰিত কৰি [ছফ্‌ট কপি] যোগান ধৰিবলৈ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰিক নিৰ্দেশ দিয়ে৷ লক্ষণীয়ভাৱে, ন্যায়ালয়ত আজি অৰুণাচল প্ৰদেশৰ এগৰাকী প্ৰতিনিধিও উপস্থিত থাকি চাকমা নাগৰিকসকলৰ নাগৰিকত্বক লৈ যুক্তি প্ৰদৰ্শন কৰিব বিচাৰে৷ পিছে মুখ্য ন্যায়াধীশে প্ৰথমতে মুখ্য বিষয়সমূহৰ শুনানি গ্ৰহণ কৰিহে অৰুণাচল প্ৰদেশৰ বিষয়টো শুনিব পাৰি বুলি মন্তব্য কৰে৷ ১০ জানুৱাৰীত ভিত্তিবৰ্ষ সংক্ৰান্তত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব সাংবিধানিক বিচাৰপীঠে৷ উল্লেখ্য যে মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠত থকা আন ন্যায়াধীশসকল আছিল ন্যায়াধীশ এম আৰ শ্বাহ, ন্যায়াধীশ কৃষ্ণ মুৰাৰী, ন্যায়াধীশ হীমা কোহলি আৰু ন্যায়াধীশ পি এছ নৰসীমহা৷ ইপিনে শুনানীকালত উপস্থিত থকা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই পাছত সাংবাদিকৰ আগত কয় যে মুখ্য আৱেদনকাৰীসকলৰ সৈতে আলোচনা কৰি ভিত্তিবৰ্ষক লৈ গ্ৰহণ কৰিবলগীয়া শুনানিৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আজি সাংবিধানিক বিচাৰপীঠে এটৰ্নী জেনেৰেল আৰু চলিচিটৰ জেনেৰেলক নিৰ্দেশ প্ৰদান কৰিছে৷ এই আলোচনাত আছুৰ অধিবক্তাগৰাকীকো অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে৷ তেওঁ আৰু কয় যে, ঐতিহাসিক অসম আন্দোলনৰ পাছত অসম চুক্তি সম্পাদিত হৈছিল৷ এই চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী কৰিলেহে অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধান সম্ভৱ৷ আনকি পূৰ্বতে উচ্ছতম ন্যায়ালয়ত ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰহিণ্টন ফলি নৰিমনৰ বিচাৰপীঠেও অসম চুক্তি ৰূপায়ণ নোহোৱোৰ কথাটো এটা নিৰ্দিষ্ট নিৰ্দেশনাত উল্লেখ কৰিছ৷ উল্লেখ্য যে শুনানিকালত আছুৰ মুখ্য উপদেষ্টাজনৰ লগত আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস উপস্থিত থাকে৷ উৎপল শৰ্মাই সাংবাদিকৰ আগত কয় যে বিদেশী সমস্যা, নাগৰিকত্ব সংশোধনী আইন আদিৰ বিৰুদ্ধে আছুয়ে নিৰৱচ্ছিন্নভাৱে গণতান্ত্ৰিক আন্দোলন কৰি আহিছে৷ ইয়াৰ সমান্তৰালকৈ আছুয়ে অসম তথা অসমীয়াৰ হিতৰ বাবে আদালতৰ মজিয়াতো আইনী যুঁজ আগবঢ়াই যাব৷ ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে প্ৰত্যাহ্বান জনোৱা গুচৰীয়া পক্ষ অসম সন্মিলিত মহাসংঘৰ মতিউৰ ৰহমানেও শুনানিকালত ন্যায়ালয়ত উপস্থিত থাকে৷ পাছত সাংবাদিকৰ আগত ৰহমানে দাবী কৰে যে তেওঁলোকৰ আবেদনক সাংবিধানিক বিচাৰপীঠে আজি মুখ্য আবেদন হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷ ইয়াৰ পূৰ্বে মহাসংঘৰ আবেদনখন নাগৰিকপঞ্জী সংক্ৰান্ত আছাম পাব্লিক ৱৰ্কছৰ আবেদনৰ সৈতে লগ লগাই দিয়াৰ বাবে ৰহমানে পূৰ্বৰ ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে বিষোদগাৰ কৰাও পৰিলক্ষিত হয়৷ তেওঁ আশা ব্যক্ত কৰে যে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠে নাগৰিকত্বৰ ভিত্তবৰ্ষ হিচাপে ১৯৭১ চনৰ পৰিৱৰ্তে ১৯৫১ চনকহে মান্যতা প্ৰদান কৰিব৷