Logo
image

৩১ ডিচেম্বৰত অৱসৰ ল'ব ডিজিপি ভাস্কৰজ্যোতি মহন্তই : কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান?

ডিজিটেল ডেস্ক : চলিত মাহতে অন্ত পৰিব অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল৷ ৩১ ডিচেম্বৰত অৱসৰ ল'ব ভাস্কৰজ্যোতি মহন্তই৷ ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল অন্ত পৰাৰ পাছত কোন হ'ব পৰৱৰ্তী অসম আৰক্ষীৰ সঞ্চালক প্ৰধান তাক লৈ চৰ্চা আৰম্ভ হৈছে৷

উল্লেখ্য, অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে চৰ্চাৰ শীৰ্ষত আছে জি পি সিঙৰ নাম৷ বৰ্তমান আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত আছে জি পি সিং৷ 

জি পি সিঙৰ পাছতে চৰ্চাত আছে হৰমিত সিঙৰ নাম৷ গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত আছিল হৰমিত সিং৷ অলপতে হৰমিত সিঙক অসম আৰক্ষীৰ প্ৰশাসন শাখাৰ বিশেষ সঞ্চালক হিচাপে বদলি কৰা হৈছে৷ 

আনহাতে অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধানৰ তালিকাত চৰ্চাত আছে এল আৰ বিষ্ণইৰ নাম৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান আছিল এল আৰ বিষ্ণই। বৰ্তমান মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত আছে ড০ লাজ্জা ৰাম বিষ্ণই।