Logo
image

জিপি সিং ৰাজ্যৰ পৰৱৰ্তী ডিজিপি

ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ: কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান৷ বৰ্তমানৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰীত অন্ত পৰিব৷ ভাস্কৰজ্যোতি মহন্তৰ পাছতেই নতুন ডিজিপি কোন  হ’ব ইয়াকে লৈ এতিয়া দিছপুৰৰ বাহিৰে-ভিতৰে আৰম্ভ হৈছে   ব্যাপক গুণাগঁথা৷ ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধানৰ তালিকাত কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নাম চৰ্চাত আছে যদিও ১৯৯১ বেট্‌ছৰ আই পি এছ বিষয়া জি পি সিং ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান হোৱাটো নিশ্চিত হৈ পৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম ঘনিষ্ঠ হিচাপে পৰিচিত আই পি এছ বিষয়া জিপি সিঙকে ইউপিএছচিৰ বাছনিৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ডিজিপি আসনত অধিষ্ঠিত কৰোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া জি পি সিঙে শেহতীয়াকৈ ‘নিয়া’ত ৬ বছৰ ডেপুটেশ্বনত আছিল যদিও ২০১৯ চনৰ ডিচেম্বৰত ‘কা’বিৰোধী আন্দোলনৰ সময়ত অসমলৈ ঘূৰাই অনা হৈছিল শীৰ্ষ আৰক্ষী বিষয়াজনক৷ জি পি সিঙৰ পাছতেই তালিকাৰ দ্বিতীয় স্থানত থকা আৰক্ষী বিষয়াজন হৈছে একে বৰ্ষৰে আইপিএছ বিষয়া, অসম আৰক্ষীৰ কমিউনিকেশ্বন শাখাৰ বিশেষ সঞ্চালকপ্ৰধান এছ এন সিং৷ তালিকাৰ তৃতীয়ত আছে ১৯৯২ বৰ্ষৰ আই পি এছ বিষয়া হৰমিত সিঙৰ নাম৷ মহানগৰ আৰক্ষীৰ আয়ুক্ত পদত আছিল হৰমিত সিং৷ কিন্তু গুৱাহাটীৰ অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবেই হৰমিত সিঙক অসম আৰক্ষীৰ প্ৰশাসন শাখাৰ বিশেষ সঞ্চালক হিচাপে মঙলবাৰে বদলি কৰা হয়৷ তালিকাৰ চতুৰ্থ স্থানত আছে কেন্দ্ৰীয় ডেপুটেশ্বনত থকা ১৯৯৩ বৰ্ষৰ আই পি এছ বিষয়া ৰাম প্ৰসাদ মিনাৰ নাম৷ পঞ্চম স্থানত নাম আছে শ্বিলঙৰ ‘নেপা’ৰ সঞ্চালক, ১৯৯৪ বেট্‌ছৰ আই পি এছ দীপক কুমাৰৰ নাম৷ দিছপুৰৰ উচ্ছস্তৰীয় সূত্ৰই সদৰী কৰা মতে, তালিকাৰ শীৰ্ষস্থানত থকা জিপি সিং অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান হোৱাটো কাৰ্যতঃ নিশ্চিত৷