Logo
image

গুৱাহাটীৰ ৭৮% লোকে পোৱা নাই বিশুদ্ধ পানী!

ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ: গুৱাহাটীবাসীৰ খোৱা পানী সমস্যাৰ সমাধানৰ দাবীত আপ অসমে আৰম্ভ কৰা ‘পানী আন্দোলন’ৰ জৰিয়তে ৰাইজৰ পৰা সংগ্ৰহ কৰা মতামতৰ ভিত্তিত প্ৰস্তুত কৰা কিছু তথ্য বুধবাৰে সংবাদ মেল যোগে ৰাজহুৱা কৰে৷ ‘আপ’ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত কয় চলিত বছৰৰ পহিলা নৱেম্বৰৰ পৰা ‘আপ’ৰ গুৱাহাটীৰ সদস্যসকলে জনমত গঠনৰ বাবে ৱাৰ্ডে ৱাৰ্ডে মানুহৰ ওচৰলৈ গৈ ৰাইজে ভুগি থকা সমস্যাসমূহৰ  সন্দৰ্ভত মতামত গ্ৰহণ কৰে৷ পহিলা নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ গ্ৰহণ কৰা মতামতৰ ভিত্তিত তথ্য যুগুত কৰি উলিওৱা হৈছে৷ এই এমাহত আপৰ সদস্যসকলে প্ৰত্যক্ষভাৱে আৰু অনলাইনযোগে মুঠ ৬৫, ১৬৪ লোকৰ মতামত সংগ্ৰহ কৰে৷ ইয়াৰ উপৰিও চৰকাৰী চাকৰিয়াল, বিভিন্ন আঁচনিত নাম থকা লোকে আঁচনিৰ পৰা নিজৰ নাম কটা যোৱাৰ ভয়ত পৰিচয় গোপনে ৰাখি বা স্বাক্ষৰ নিদিয়াকৈ মতামত আগবঢ়াইছে৷ ৬৫,১৬৪গৰাকীৰ ৭৮ শতাংশ অৰ্থাৎ ৫০,৮২৮জন মহানগৰৰ বাসিন্দাই খোৱা পানীৰ সমস্যাত ভোগাৰ কথা প্ৰকাশ কৰে৷ খোৱা পানীৰ লগতে ৰাস্তা ঘাট, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, কৃত্ৰিম বানপানীৰ সমস্যা, ৱাৰ্ডত হাস্পতালৰ ব্যৱস্থা আদি বিষয়ৰ ওপৰতো মন্তব্য আগবঢ়ায়৷ আপৰ সদস্য সকলে সংগ্ৰহ কৰা তথ্য অনুসৰি গুৱাহাটীৰ ২, ৬, ১১, ২৫, ২৮, ২৯, ৩৭, ৪৩, ৫৮নং ৱাৰ্ডৰ অধীনৰ বাপুজী নগৰ, শালবাৰী, নিজৰাপাৰ, জয়ন্ত নগৰ, জ্যোতিনগৰ, এফ চি আই, গণেশ মন্দিৰ পথ, ধীৰেন পাৰা, হাতীগাওঁ, নতবমা, ইমদিদা নগৰ, সোনাইগুলি, কৈলাসপুৰ, সুৰজ নগৰ, জ্যোতিকুচি, হিৰম্বপুৰ, পিলিং কটা, মাইঘুলি, কইনাধৰা, আদাবাৰী ক’লনী, সৰুজ নগৰ, ৰজগড়, নবীন নগৰ, জু-ৰোড ৰ প্ৰগতি পথ, সেউজ আলি পথ, গীতা নগৰৰ মনালিছা পথ, মিলন পথ, পূবেৰুণ নগৰ তল তলা ইমলী বস্তি, সাতগাঁও, বশিষ্ঠ, ইন্দিৰা নগৰ আদি অঞ্চলৰ বাসিন্দাই অধিক খোৱা পানীৰ সমস্যাত ভুগি আছে৷’ সংবাদ মেলত জিতুল ডেকাই লগতে কয় বিভাগীয় মন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমৰ আগত পানী যোগান দিয়া বুলি মন্তব্য আগবঢ়াই নিজকে দক্ষ দেখুৱাব বিচাৰিছে৷ কিন্তু গুৱাহাটীৰ পানী যোগান আঁচনিৰ এটা সম্পূৰ্ণ কৰিব নোৱাৰাটো তেওঁৰ বিফলতা৷ দিল্লী পৌৰ নিৰ্বাচনৰ প্ৰচাৰত গুৱাহাটীৰ উন্নয়নৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে গুৱাহাটীবাসী ৰাইজক খোৱা পানী সমস্যাৰ সমাধান কৰি দেখুৱাবলৈ আহ৩ান জনালোঁ৷ এতিয়াও গেমন, জাইকাৰ সমস্যা সমাধান হোৱা নাই৷ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপি চৰকাৰে৷ এয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিফলতা৷ তদুপৰি বিগত এমাহত কৃত্ৰিম বানৰ সমস্যা, বাট পথ, ষ্টীটলাইটৰ সমস্যা সম্পৰ্কেও এই ঠাই বোৰত সমীক্ষা চলোৱা হৈছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বাহিৰে আন কোনো স্বাস্থ্য খণ্ডত উন্নত মানৰ হাস্পতাল নাই বুলিও ৰাইজে কয়৷ তদুপৰি ৩৩ শতাংশ লোকৰ পথৰ অৱস্থা শোকনীয়৷ ১৮ শতাংশ লোকে ষ্ট্ৰীট লাইটৰ সমস্যাত আছে৷ কেইবা কৌটি টকা গেমন ইণ্ডিয়াই নিয়াৰ পাছত কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ কেতিয়া গুৱাহাটী বাসী ৰাইজে খোৱা পানী পাব সেয়া ৰাজহুৱা কৰক বিজেপি চৰকাৰে৷ বিশুদ্ধ খোৱা পানীৰ সমস্যা সমাধানৰ বাবে আমাৰ আন্দোলন অব্যাহত থাকিব৷