Logo
image

টিকট প্ৰদানৰ ক্ষমতা কৰ্তন : সভাপতি নড্ডাৰ পাখি কাটিলে দলে

ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ : হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন আৰু দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছতে পাখি কটা গ’ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ৷ বিজেপিৰ এটা সূত্ৰমতে আগন্তুক দিনত টিকট প্ৰদানকে ধৰি গুৰুত্বপূৰ্ণ বিষয়ত এতিয়াৰে পৰা সিদ্ধান্ত ল’ব নোৱাৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে৷ মূলতঃ হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ফলাফলক লৈ ক্ষুব্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ দিল্লী পৌৰ নিগমৰ দায়িত্বত থকা বিজেপিৰ শীৰ্ষ নেতা বি এল সন্তোষৰ ভূমিকাক লৈয়ো ক্ষুব্ধ মোদী আৰু শ্বাহ৷ উল্লেখ্য, হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছে ০.৯ শতাংশ ভোট৷ শেহতীয়া তিনিটা নিৰ্বাচনৰ ফলাফলক ৰাজনৈতিক মহলত চলিত মাহটোত ব্যাপক চৰ্চা হৈ আছিল৷ তাৰ ভিতৰত দিল্লী পৌৰ সভাৰ নিৰ্বাচনে কঠিন হ’ব বুলি ব্যক্ত কৰিছিল বিজেপি নেতাই৷ ইয়াৰ বিপৰীতে হিমাচল প্ৰদেশ আৰু গুজৰাট বিজেপিয়ে দখল কৰাটো নিশ্চিত বুলি দাবী কৰিছিল বিজেপি নেতৃত্বই৷ কিন্তু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলে তীব্ৰ অসন্তুষ্ট কৰিছে প্ৰধানমন্ত্ৰী মোদীক৷ বিজেপিৰ এটা সূত্ৰমতে ২০২৪ বৰ্ষত লোকসভা দখল কৰি একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’বলৈ পৰিকল্পনা প্ৰস্তুত কৰিছে মোদীয়ে৷ এনে সময়ত এখন ৰাজ্যত বিজেপিৰ শোচনীয় পৰাজয়ে স্বপ্ন পূৰণত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি শংকা হৈছে মোদীৰ৷ উল্লেখ্য, আঠ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে বিজেপিৰ দিল্লীস্থিত সদৰ কাৰ্যালয়ত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী৷ দলৰ দিল্লীস্থিত সদৰ কাৰ্যালয়ত বিজেপিৰ নেতা-কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিয়াৰ পাছত এখন বৈঠকত মোদীয়ে দিল্লী আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ কাৰণ কি জানিব বিচাৰিছিল বিজেপি নেতা-কৰ্মীৰ পৰা৷ যিখন বৈঠকত জে পি নড্ডা আৰু বি এল সন্তোষো উপস্থিত আছিল৷ সূত্ৰটোৰ মতে বৈঠকৰ আৰম্ভণিতে আলোচনা হয় ভোট লাভৰ পৰিসংখ্যাক লৈ৷ বিজেপিয়ে হিমাচল প্ৰদেশত মাত্ৰ ০.৯ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে আম আদমী পাৰ্টীতকৈ তিনি শতাংশ কম ভোট লাভ কৰিছে৷ ২০২৪ত পুনৰ চৰকাৰ গঠন কৰিবলৈ দৃঢ় সংকল্প লৈ থকা দলটোৰ বাবে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন আৰু দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল স্বাভাৱিকতেই উদ্বেগৰ কাৰণ হৈ পৰিছে৷ সেই বাবেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ ক্ষমতা কৰ্তন কৰিব বিচাৰিছে বিজেপিয়ে৷