Logo
image

বিবাহ বাৰ্ষিকীত পত্নীক ‘চন্দ্ৰৰ মাটি’ উপহাৰ!

আমাৰ অসম, ২৮ ডিচেম্বৰঃ বিবাহ বাৰ্ষিকীত বহুতেই পত্নীক মূল্যৱান গহনা, কিছুমানে পোছাক আৰু আন কিছুমানে যান-বাহন উপহাৰ হিচাপে দিয়ে৷ কিন্তু ৰাজস্থানৰ এজন লোকে তেওঁৰ পত্নীক বিবাহ বাৰ্ষিকী উপলক্ষে যি উপহাৰ দিলে সেয়া জানিলে চকু কঁপালত উঠিব৷ উল্লেখ্য, যোৱা ২৪ ডিচেম্বৰত ৰাজস্থানৰ ধৰ্মেন্দ্ৰ আনিজাৰ নামৰ লোকজনৰ বিবাহ বাৰ্ষিকী আছিল৷ কিন্তু পূৰ্বৰ দৰে এইবাৰৰ বিবাহ বাৰ্ষিকীৰ দিনটো তেওঁ ব্যতিক্ৰম ৰূপে পালন কৰে৷ এইবাৰ তেওঁ পত্নী স্বপ্না আনিজাক বিগত সাত বছৰৰ দৰে  বিবাহ বাৰ্ষিকীৰ উপহাৰ স্বৰূপে কোনো গহনা বা পোছাক নিদিলে৷ এইবাৰৰ বিবাহ বাৰ্ষিকীত তেওঁ পত্নীক উপহাৰ হিচাপে আগবঢ়াইছে চন্দ্ৰত মাটি ক্ৰয় কৰাৰ প্ৰমাণপত্ৰ৷ উল্লেখ্য, এই উপহাৰৰ বাবে তেওঁ এবছৰ পূৰ্বেই পত্নীৰ অগোচৰে নিউয়ৰ্কৰ লুনা ছ’চাইটী ইণ্টাৰনেশ্বনেলৰ সৈতে যোগাযোগ কৰিছে৷ চন্দ্ৰত মাটি কিনা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হওঁতে তেওঁৰ এবছৰ লাগিছিল৷