Logo
image

ফ্ৰান্স-আৰ্জেণ্টিনাৰ ওপৰত ফুটবল পৃথিৱীৰ দৃষ্টি নিবদ্ধ : বিশ্বশ্ৰেষ্ঠ কোন? আজি নিৰ্ণয়

ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ : ফৰাছীৰ মাজিনোঁ (Maginot) লাইন অতিক্ৰম কৰে সাধ্য কাৰ? ইতিহাসত এবাৰেই এই অলংঘনীয় মাজিনোঁ লাইন অতিক্ৰম কৰিছিল এডলফ হিটলাৰৰ নাৎসি বাহিনীয়ে৷ সেয়া আছিল দ্বিতীয় মহাসমৰ, ১৯৪০ চন৷ কিন্তু ২০২২ চনৰ কথা যদি আলোচনালৈ আহে তেন্তে কিলিয়ান এমবাপে, অলিভাৰ জিহু, অহেলিয়া ছুৱামেনি, থিও হাৰ্ণাণ্ডেজ আদি ফুটবলাৰেৰে সমৃদ্ধ ফ্ৰান্সৰ ফুটবল দলটো সাম্প্ৰতিক ফুটবলত মাজিনোঁ লাইনৰ দৰে অপ্ৰতিৰোধ্য৷ মাজিনোঁ লাইনৰ কথা যদি আহেই, তেন্তে জানি থোৱা ভাল শত্ৰুৰ আগ্ৰাসনৰ পৰা দেশক ৰক্ষা কৰিবলৈ ফৰাছী শাসকে এই ডজন ডজন দূৰ্গৰে পৰিপূৰ্ণ প্ৰতিৰোধ থিয় কৰিছিল নিজৰ সীমান্তত৷ মাজিনোঁ লাইন কোনো প্ৰাচীৰ নাছিল, আছিল ৪৫০ কিলোমিটাৰ দৈৰ্ঘ আৰু ২৬ কিলোমিটাৰ প্ৰস্থৰ অবিচ্ছিন্ন অলখ দুৰ্গৰ সমষ্টি৷ সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় হৈ থকা মাজিনোঁ লাইন কোনো শত্ৰুৱে অতিক্ৰম কৰিব নোৱাৰাৰ বাবেই ফৰাছী শাসকে নিশ্চিন্তে দেশ শাসন কৰিছিল৷ আধুনিক ফুটবলত ফৰাচী ফুটবল দলটোক তেওঁলোকৰ শক্তি, গতি আৰু দক্ষতাৰ বাবে কোনেও অতিক্ৰম কৰাৰ ক্ষমতা নথকাত দেশত তেওঁলোকক তাহানিৰ মাজিনোঁ লাইনৰ দৰে অপ্ৰতিহত বুলি তুলনা কৰা হৈছে৷ দেওবাৰে কাতাৰৰ লুছাইল ষ্টেডিয়ামত এই মাজিনোঁ লাইনসদৃশ ফ্ৰান্স ফুটবল দলটোৰ অপ্ৰতিৰোধ্য ‘মিথ’ অতিক্ৰম কৰিবলৈ সাজু হৈছে লিঅ’নেল মেছিবাহিনী৷ সন্দেহাতীতভাৱে সত্য, এমবাপে আৰু সতীৰ্থৰ এই প্ৰতিৰোধ ভাঙিবলৈ লিঅ’নেল মেছি আৰু তেওঁৰ সতীৰ্থই ফৰাছী দলটোৰ বিৰুদ্ধে এডলফ হিটলাৰৰ দৰেই শক্তি প্ৰদৰ্শন কৰিব লাগিব, যিদৰে ১৯৪০ চনৰ এপ্ৰিলত হিটলাৰৰ নিৰ্দেশত নাৎসি বাহিনীয়ে কেতিয়াও নোহোৱা নোপজা যুদ্ধ কৌশল ‘ব্লিটজক্ৰেইগ’ৰ জৰিয়তে মাজিনোঁ লাইন অতিক্ৰম কৰিছিল– ঠিক সেইদৰে৷ 
এতিয়া আক্ষৰিক অৰ্থতে লিঅ’নেল মেছিৰ এদিন আৰু কিলিয়ান এমবাপেৰ বহুদিন৷ ফলাফল ভালেই হওক বা বেয়াই হওক, এইখন বিশ্বকাপ মেছিৰ বুলিয়েই পৰিগণিত হ’ব পাৰে৷ তাৰ বাবে তেওঁৰ হাতত আছে এদিন৷ কিয়নো অৱসৰ ঘোষণা কৰা মেছিৰ বাবে দেওবাৰৰ ফাইনেল হ’ব শেষ বিশ্বকাপ মেচ৷ যদিহে তেওঁ বিশ্বকাপ বিজয়ত ব্যৰ্থ হয়, তেন্তে তেওঁ সমস্ত জীৱন নিজৰ লগত সেই কলংক লৈ জীয়াই থাকিব লাগিব৷ যদি তেওঁ বিজয়ী হয়, তেন্তে কাতাৰৰ পৰা লৈ যোৱা বীৰত্বৰ শৌৰ্যৰে আজীৱন জিলিকি থাকিব৷ যিদৰে জিলিকি আছে তেওঁৰ পূৰ্বসুৰী ডিয়েগো মাৰাডোনা, ব্ৰাজিলৰ পেলে, ৰোমাৰিঅ’ কিম্বা ৰ’নাল্ডো৷ আনহাতে ফ্ৰান্সৰ কিলিয়ান এমবাপেৰ হাতত বহুদিন আছে৷ ২১ বছৰ বয়সতে তেওঁ বিশ্বকাপ বিজয়ৰ সোৱাদ পাইছে৷ এইবাৰৰ বিশ্বকাপৰ উপৰি যদি ফৰ্ম আৰু ফিটনেছ অটুত থাকে এমবাপেই আৰু দুখন বিশ্বকাপ নিৰ্বিঘ্নে খেলিব পাৰিব৷ সেয়ে কোৱা হৈছে ৩৫ বছৰীয়া মেছিৰ হাতত আছে এদিন আৰু ২৪ বছৰীয়া এমবাপেৰ হাতত আছে বহুদিন৷
বিশ্বকাপৰ বিগত ছয়খন মেচৰ দৰেই ফাইনেলো আৰ্জেণ্টিনাৰ বাবে মেছিকেন্দ্ৰিক হ’ব৷ কিন্তু সমস্যা হৈছে কেৰিয়াৰৰ অপৰাহ্নত আহি উপস্থিত হোৱা মেছিয়ে সমগ্ৰ এটেকিং থাৰ্ড অঞ্চলজুৰি দৌৰি নুফুৰে৷ তেওঁ মেচৰ কোনো মুহূৰ্তত হঠাতে উজলি উঠে আৰু সেই সময়ত মেছিয়ে প্ৰদৰ্শন কৰে তেওঁৰ তাৰুণ্যৰ দক্ষতা, প্ৰতিভা আৰু অপ্ৰতিৰোধ্য ক্ষমতা৷ তেতিয়া মেছি হৈ পৰে অপ্ৰতিহত৷ স্তব্ধ কৰিব নোৱাৰা ড্ৰিবলেৰে হয় মেছিয়ে সতীৰ্থক গ’লৰ মুখলৈ বল আগবঢ়াই দিয়ে, নহয় নিজে স্ক’ৰ কৰে৷ তেনেদৰে তেওঁ এই বিশ্বকাপত দুটা গ’ল স্ক’ৰ কৰিছে, বাকী তিনিটা পেনাল্টিত৷ অৱশ্যে মেছি উজলি নুঠা সময়তো প্ৰতিপক্ষৰ এটেকিং থাৰ্ডত অবাধ বিচৰণ কৰে থিও হাৰ্ণাণ্ডেজ, ছুৱামেনি, ৰেবিয়ট (বা ফফানা) অথবা হুলিয়ান আলভাৰেজ কিম্বা মলিনাই৷ 
আৰ্জেণ্টিনা দলটো পূৰ্বৰ বিশ্বচেম্পিয়ন দলৰ তুলনাত মধমীয়া পৰ্যায়ৰ৷ কিন্তু সেইটো দলেই এইবাৰৰ বিশ্বকাপত যিকোনো দলৰ বিৰুদ্ধে সৰ্বাধিক গ’লৰ সুযোগ (১২.২) সৃষ্টি কৰিছে আৰু তাৰ জৰিয়তে চাৰিটা পেনাল্টি লাভ কৰিছে৷ সেয়া আৰ্জেণ্টিনা দলটোৰ অন্যতম মূল শক্তি৷ অৱশ্যে প্ৰতিপক্ষৰ বক্সৰ ভিতৰত মেছি আৰু আলভাৰেজৰ কৌশলী ভৰিৰ যাদুৱেই হ’ব আৰ্জেণ্টিনাৰ সৰ্বোচ্ছ শক্তি৷ 
আনহাতে, সন্দেহাতীতভাৱে ফ্ৰান্সৰ শক্তিৰ মূল স্তম্ভ কিলিয়ান এমবাপে৷ ভৰিত বল হৈ এমবাপেই ঘণ্টাত ৩৭ কিলোমিটাৰ গতিত দৌৰি প্ৰতিপক্ষৰ বক্সত সোমাই যাব পাৰে, বক্সৰ বাহিৰৰ পৰা অৰ্থাৎ ২২ মিটাৰ দূৰৰ পৰা গ’লৰক্ষকক স্থবিৰ কৰি ৰাখি গ’ল স্ক’ৰ কৰিব পাৰে আৰু গ’লপষ্টলৈ বল পঠিয়াবলৈ কোণ নোহোৱা হ’লে গতি হ্ৰাস নকৰাকৈ ২-৩জন ডিফেণ্ডাৰক ড্ৰিবল কৰি সতীৰ্থক বল আগুৱাই দিব পাৰে৷ এই বিশ্বকাপৰ প্ৰকৃত অপ্ৰতিৰোধ্য কোনো ফৰৱাৰ্ড আছে যদি তেওঁ এমবাবে, যি ৯০ মিনিট সমান দক্ষতা, সমান শক্তিৰে খেলিব পাৰে৷ এমবাপেৰ যোগ্য সংগী হৈছে অলিভাৰ জিহু৷ জিহুৱে যিকোনো স্থানৰ পৰা যিকোনো মুহূৰ্তত প্ৰতিপক্ষৰ গ’ললৈ শ্ব’ট ল’ব পাৰে৷ ফ্ৰান্সৰ আক্ৰমণত আছে ছুৱানেলি, নবাগত থুৰাম৷ আক্ৰমণৰ দৰেই সমানেই শক্তিশালী ফৰাছী ডিফেন্সো৷
ফ্ৰান্স দলটো শাৰীৰিক শক্তি, দক্ষতা আৰু প্ৰতিভাৰে এই মুহূৰ্তত আৰ্জেণ্টিনা দলতকৈ শক্তিশালী হ’লেও আৰ্জেণ্টিনাই চলিত বিশ্বকাপত প্ৰতিটো দলৰ শক্তি আৰু দুৰ্বলতা চাই প্ৰত্যেকখন মেচত পৃথকে পৃথকে ৰণনীতি সলনি কৰি অৱতীৰ্ণ হৈছে৷ সেয়ে আৰ্জেণ্টিনাক পোনচাটেই ফ্ৰান্সৰ বিৰুদ্ধে সহজে সেও মানিব বুলি ক’ব নোৱাৰি৷ ফ্ৰান্সে অৱধাৰিতভাৱে পাৱাৰ ফুটবল খেলিব৷ য’ত তেওঁলোকে পজিশ্বন আৰু পজেশ্বনেল ফুটবলেৰে প্ৰতিপক্ষক কাবু কৰিবলৈ চেষ্টা কৰিব৷ ইয়াৰ বিপৰীতে আৰ্জেণ্টিনাৰ খেল হৈছে সাৱলীল আৰু দক্ষিণ আমেৰিকাৰ শিল্পসদৃশ ফুটবল৷ প্ৰতিপক্ষৰ দুৰ্বলতা চাই অৱতীৰ্ণ হোৱা আৰ্জেণ্টিনাই ছন্দোৱদ্ধ ফুটবলেৰে প্ৰতিপক্ষক বশ কৰাৰ চেষ্টা চলাব৷ সেয়ে ইউৰোপৰ পাৱাৰ ফুটবলৰ বিপৰীতে দক্ষিণ আমেৰিকাৰ শিল্পৰ ফুটবলৰ এই ফাইনেলখন এখন মহাকাব্যিক যুঁজত পৰিণত হ’ব বুলি আশা কৰা হৈছে৷ এই যুঁজৰ অন্তত নিৰ্ণয় হ’ব ফুটবল বিশ্বৰ সৰ্বশ্ৰেষ্ঠ কোন৷