Logo
image

কাতাৰত সোণ বুটলিলে মেছি, এমবাপে, মাৰ্টিনেজে

ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ: মাত্ৰ ১৮ বছৰ বয়সত  বিশ্বকাপ লাভ কৰি ২০১৮ চনৰ ফাইনেলত শ্ৰেষ্ঠ খেলুৱৈ হোৱা ফ্ৰান্সৰ কিলিয়ান এমবাপেই এইবাৰৰ বিশ্বকাপৰ ফাইনেলত ৰাজসিক ফুটবলৰ যাদু প্ৰদৰ্শন কৰি গ’ল্ডেন বুট অৰ্জন কৰিলে৷ ফাইনেলত এইবাৰৰ বিশ্বচেম্পিয়ন আৰ্জেণ্টিনাৰ  বিৰুদ্ধে হেটট্ৰিক কৰি মুঠতে আঠটা গ’ল স্ক’ৰ কৰা ফৰাছী ফৰৱাৰ্ড কিলিয়ান এমবাপেই লিঅ’নেল মেছিক বঞ্চিত কৰি সোণৰ বুটৰ অধিকাৰী হ’ল৷ নিশাটোৰ ভিতৰতে দুবাৰকৈ উত্থান-পতন ঘটাৰ অন্তত বিশ্ব ফুটবলৰ নতুন যুৱৰাজ হিচাপে নিজকে প্ৰতিপন্ন কৰি মেছিক পিছপেলাই সোণৰ বুট লাভ কৰিলে কিলিয়ান এমবাপেই৷ এই ফৰাছী ফৰৱাৰ্ডৰ বিশ্বকাপ আৰু বিশ্ব ফুটবলত উত্তৰণ চমকপ্ৰদ৷ দুটা বিশ্বকাপত অসামান্য দক্ষতা আৰু প্ৰতিভাৰ প্ৰদৰ্শনেৰে এমবাপেই অযুত অনুৰাগীৰ সৃষ্টি কৰিছে আৰু একে সময়তে তেওঁ বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকাত পৰিণত হৈছে৷ কাতাৰ বিশ্বকাপত যদি সৰ্বাধিক চৰ্চিত নাম মেছি হয় তেন্তে দ্বিতীয় চৰ্চিত নামটোৱেই হ’ব এমবাপে৷ দূৰন্ত গতি, অসামান্য স্কিল আৰু অনবদ্য প্ৰতিভাৰে তেওঁ বিশ্ব ফুটবলৰ নতুন বিস্ময় হিচাপে প্ৰতিষ্ঠা হৈছে৷ ২৩ বছৰ বয়সত এমবাপে যি প্ৰদৰ্শন আগবঢ়াইছে সেয়া আক্ষৰিক অৰ্থতে অবিশ্বাস্যপ্ৰায়৷ ১৮ বছৰ বয়সত বিশ্বকাপ অৰ্জন কৰোতে এমবাপেৰ প্ৰতি সমৰ্থক আৰু অনুৰাগীয়ে, আনকি ফুটবল বিশেষজ্ঞয়ো সুবিচাৰ কৰা নাছিল৷ অন্ততঃ এমবাপেৰ মেছি-ৰ’নাল্ডো-নেইমাৰৰ দৰে কোটি কোটি অনুৰাগীৰ সৃষ্টি হোৱা নাছিল৷ কিন্তু কাতাৰ বিশ্বকাপৰ পাছত সন্দেহাতীতভাৱে ২৩ বছৰীয়া এমবাপে বিশ্ব ফুটবলৰ অবিসম্বাদী যুৱৰাজত পৰিণত হৈছে৷ খুব কম বয়সতে বিশ্বকাপ অৰ্জনৰ সোৱাদ পোৱা এমবাপেই নিজেও হয়তো সেই সাফল্যৰ মৰ্যাদা সঠিকভাৱে অনুভৱ কৰিব পৰা নাছিল৷ কিন্তু এইবাৰ তেওঁ বিশ্বকাপৰ ফাইনেল কি আৰু এই সোণালী ট্ৰফীটোৰ মৰ্যাদা কেনে পৰ্যায়ৰ সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছে৷ সেই উপলব্ধিয়ে তেওঁক টানি নিছিল ফাইনেল পৰ্যন্ত৷ আনকি ৪ বছৰ পূৰ্বে এমবাপেৰ খেল স্বচক্ষে দেখি বিশ্ব ফুটবলৰ সম্ৰাট পেলেই কৈছিল– এমবাপেৰ খেলত মই মোৰ খেলৰ প্ৰচ্ছায়া দেখিবলৈ পাওঁ৷ পেলেৰ সেই বাক্যই হয়তো এইবাৰ এমবাপেক উদ্দীপনা যোগাইছিল৷ মেছি-ৰ’নাল্ডো-নেইমাৰৰ কেৰিয়াৰৰ অপৰাহ্নত তেওঁ নিজকে বিশ্ব ফুটবলৰ ভৱিষ্যতৰ তাৰকা হিচাপে কাতাৰত বাৰম্বাৰ প্ৰমাণিত কৰিলে৷ হয়তো তাৰ বাবে এমবাপেই নিজৰ অন্তৰৰ পৰা প্ৰেৰণা লাভ কৰিছিল৷ দুবাৰকৈ বিশ্ব চেম্পিয়ন হোৱা সত্ত্বেও ব্ৰাজিল কিম্বা আৰ্জেণ্টিনাৰ দৰে বিশ্বজোৰা অনুৰাগী ফৰাচী দলটোৰ নাছিল৷ সম্ভৱতঃ এইবাৰ এমবাপেৰ চমকপ্ৰদ প্ৰদৰ্শনৰ জৰিয়তে ফ্ৰান্সৰ ফুটবল দলটোৱেও বিশ্বজুৰি কোটি কোটি স্থায়ী অনুৰাগীৰ সৃষ্টি কৰিবলৈ সমৰ্থ হ’ব৷ ছেমিফাইনেল পৰ্যন্ত নিজে পাঁচটাকৈ গ’ল স্ক’ৰ কৰি আৰু সতীৰ্থক দুটা গ’লৰ বাবে বল যোগান ধৰাৰ লগতে ফাইনেলত হেটট্ৰিকসহ মুঠতে একেখন প্ৰতিযোগিতাতে আঠটাকৈ গ’ল স্ক’ৰ কৰি এমবাপেই নিজৰ যোগ্যতা প্ৰমাণ কৰিলে৷ সেই যোগ্যতাৰে তেওঁ সন্দেহাতীতভাৱে আৰু কমেও দুটাকৈ বিশ্বকাপত চমক প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব৷ 

আনহাতে, প্ৰত্যাশিতভাৱেই কাতাৰ বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ হৈ সোণৰ বল লাভ কৰিলে লিঅ’নেল মেছিয়ে৷ চাৰি বছৰ পূৰ্বে মেছিয়ে একেই সন্মান লাভ কৰিছিল৷ কিন্তু এই বিশ্বকাপৰ প্ৰথম মেচত খেলিবলৈ নমাৰ পূৰ্বে লিঅ’নেল মেছিয়ে হয়তো ভাবিব পৰা নাছিল পুনৰ একেখন লুছাইল ষ্টেডিয়ামতে তেওঁ ১৮ ডিচেম্বৰত ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব৷ একেদৰে প্ৰথম মেচত অষ্ট্ৰেলিয়াক উৰুৱাই দিলেও কিলিয়ান এমবাপে নিশ্চিত হোৱা নাছিল যে ২৩ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে তেওঁ বিশ্বকাপৰ ফাইনেল খেলিব৷ দুয়োৰে সপোন আছিল কিন্তু নিশ্চয়তা নাছিল৷ অৱশেষত সেই সপোন সাৰ্থক হ’ল৷ প্ৰকৃততে বিশ্বকাপৰ সন্ধিক্ষণে দুয়োকে মুখামুখিকৈ থিয় কৰাইছে৷ ৰাছিয়া বিশ্বকাপত ফ্ৰান্সৰ হাতত প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ মেছিৰ আৰ্জেণ্টিনাই বিদায় লৈছিল৷ সেই দিশৰ পৰা কাতাৰৰ ফাইনেল আছিল মেছিৰ বাবে প্ৰতিশোধৰ মেচ৷ পুনৰ এমবাপেৰ বিৰুদ্ধে নিজে আৰু তেওঁ নেতৃত্ব দিয়া আৰ্জেণ্টিনা মুখামুখি হোৱাৰ লগে লগে বিশ্ব ফুটবলৰ সৰ্বোচ্ছ মঞ্চত সৃষ্টি হৈছিল মেছি-এমবাপে দ্বৈৰথৰ৷ কিয়নো ইয়াৰ পূৰ্বেই বিশ্ব ফুটবলৰ আন দুই ৰাজকুমাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু নেইমাৰ জুনিয়ৰে বিদায় লৈছিল৷ তেনে পৰিস্থিতিত অৱধাৰিতভাৱে সৃষ্টি হৈছিল বৰ্ষীয়ান মেছি আৰু তৰুণ এমবাপেৰ সেই মহাকাব্যিক দ্বৈৰথ৷

বিশ্বকাপত এইবাৰ অৱতীৰ্ণ হোৱাৰ পূৰ্বেই আৰু দলে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে মেছিয়ে জনাই দিছিল এয়াই তেওঁৰ শেষ বিশ্বকাপ অভিযান৷ তেওঁ জানিছিল এনে সুযোগ বাৰে বাৰে নাহে৷ সেয়ে প্ৰথম মেচত ছৌদি আৰবৰ বিৰুদ্ধে পৰাজিত হ’লেও মেছি আশাহত হোৱা নাছিল আৰু দলটোক তেওঁ উজ্জীৱিত কৰিছিল৷ কোৱাত দ্বিধা নাই যে মেছিৰ যাদুৰ বলতে বিশ্বকাপলৈ আৰ্জেণ্টিনাই পঠোৱা পূৰ্বৰ আন আন দলৰ তুলনাত মজলীয়া দলটো এইবাৰ ফাইনেলত উপনীত হ’ল৷ সামান্য পৰিসংখ্যা চালেই সেই কথা পৰিষ্কাৰ হৈ পৰে৷ ফাইনেলৰ আগলৈকে মেছিয়ে কাতাৰ বিশ্বকাপত ৫টা গ’ল স্ক’ৰ কৰিছিল৷ ইয়াৰে তিনিটা আছিল পেনাল্টীত আৰু বাকী দুটা চমৎকাৰ ফিল্ড গ’ল৷ ফাইনেলৰ পথলৈ মেছিয়ে নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল৷ প্ৰত্যেকখন মেচতে কোনো কোনো মুহূৰ্তত মেছি উজ্বলি উঠিছিল আৰু তাৰ ফলত হয় তেওঁ গ’ল স্ক’ৰ কৰিছিল অথবা সতীৰ্থক গ’লৰ সুযোগৰ সৃষ্টি কৰি দিছিল৷ ফাইনেলৰ আগলৈকে ৬খন মেচত দলৰ ১২টা গ’লৰ ৮টা গ’লত মেছিৰ অৱদান আছিল৷ এইবাৰৰ ফাইনেলত মেছিয়ে এটা পেনাল্টী আৰু এটা ফিল্ড গ’লেৰে মুঠতে সাতটা গ’ল স্ক’ৰ কৰিলে৷ এই বিশ্বকাপ তেওঁৰ বাবে ব্যক্তিগত অভিযান আৰু সেই অভিযানৰ জৰিয়তে তেওঁ নিজৰ দেশক চেম্পিয়ন কৰি সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰত পৰিণত হ’বলৈ প্ৰচেষ্টা চলাব তাত কাৰো দ্বিমত নাই৷ সেই অভিযান ফাইনেল পৰ্যন্ত মেছিয়ে সফলভাৱে আগবঢ়াই নিলে৷ আৰ্জেণ্টিনা দলৰ প্ৰত্যেকজন সদস্যই মেছিৰ বাবেই সৰ্বশ্ৰেষ্ঠ উজাৰি দিয়াটো স্পষ্টভাৱে চকুত পৰিছে৷ মেছিক দেখি উজ্জীৱিত হৈ পৰা হুলিয়ান আলভেৰেজে দলৰ প্ৰতিটো স্মৰণীয় বিজয়ত অৱদান যোগাইছে৷ সেয়ে মেছিৰ এইবাৰৰ বিশ্বকাপ অভিযান প্ৰকৃতাৰ্থতে সাৰ্থক৷ আনহাতে, আৰ্জেণ্টিনাৰ গ’লৰক্ষক ইমিলিয়ানো মাৰ্টিনেজে সৰ্বশ্ৰেষ্ঠ গ’লৰক্ষকৰ সন্মান লাভ কৰি সোণালী গ্লাভ্‌ছ লাভ কৰে৷