Logo
image

সম্ৰাট মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাৰ বিশ্বজয়

ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ:ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনাই উকা কৰি থৈ যোৱা  ৰাজপাটত অধিষ্ঠিত হৈ আৰ্জেণ্টিনাক পৰম প্ৰত্যাশিত বিশ্বকাপ তুলি দিলে কেৰিয়াৰৰ অপৰাহ্নত ফুটবল সম্ৰাটৰ মুকুট শিৰোধান কৰা লিঅ’নেল মেছিয়ে৷ লাৱণ্যময় দক্ষিণ আমেৰিকাৰ শৈল্পিক ফুটবলৰ চমৎকাৰ উদাহৰণ দাঙি ধৰি বিশ্ব  ফুটবলৰ পাৱাৰ হাউছ ফ্ৰান্সক কঠিন যুদ্ধৰ অন্তত টাইব্ৰেকাৰত পৰাজিত কৰি বিশ্ব চেম্পিয়ন হ’ল আৰ্জেণ্টিনা৷ প্ৰথমাৰ্ধত ২-০ গ’লৰ অগ্ৰগতি লোৱা আৰ্জেণ্টিনাক দহ মিনিটৰ যাদুৰে প্ৰায় বিশ্বকাপৰ পৰা বাহিৰেই কৰিছিল কাতাৰৰ বিশ্বকাপত বিশ্ব ফুটবলৰ নতুন ৰাজপুত্ৰ হিচাপে উদয় ঘটা কিলিয়ান এমবাপেই৷ ৮০ মিনিটত পোৱা পেনাল্টীত প্ৰথমটো গ’ল স্ক’ৰ কৰি এক মিনিটৰ ভিতৰতে অবিশ্বাস্য দূৰন্ত গতিৰ শ্বটেৰে ফ্ৰান্সৰ ফুটবলৰ ৰাজকুমাৰ এমবাপেই আন এটা গ’ল স্ক’ৰ কৰি সমতা স্থাপন কৰাৰ লগে লগেই খেলৰ গতি ঘূৰি গৈছিল৷ স্বাভাৱিকতেই অতিৰিক্ত সময়লৈ গতি কৰা মেচখনত পুনৰ আৰ্জেণ্টিনাই বিজয়ৰ লক্ষ্যৰে জপিয়াই পৰে৷ জীৱনৰ শেষ মেচত আন এক যাদুকৰী স্পৰ্শৰ পৰিচয় দাঙি ধৰি লিঅ’নেল মেছিয়ে ১০৮ মিনিটত পুনৰ দলক অগ্ৰগতি প্ৰদান কৰে৷ ফৰাছী গ’লৰক্ষক লৰিছে আৰ্জেণ্টিনাৰ লাউতাৰো মাৰ্টিনেজৰ তীব্ৰগতিৰ শ্বট প্ৰতিহত কৰিলেও ‘ৰিবাউণ্ড’ বলত সুযোগ বুলি স্ক’ৰ কৰে মেছিয়ে৷ অৱশ্যে, আৰ্জেণ্টিনাৰ সেই অগ্ৰগতি বেছিক্ষণ স্থায়ী নহ’ল৷ আৰ্জেণ্টিনাৰ বক্সত এমবাপেৰ শ্বট প্ৰতিহত কৰিবলৈ গৈ বলত হাতেৰে স্পৰ্শ কৰিলে মণ্টিয়েলে আৰু পেনাল্টীৰ সুযোগ পালে ফ্ৰান্সে৷ সহজভাৱে ১১৯ মিনিটত সেই পেনাল্টী গ’ললৈ পৰিৱৰ্তন কৰিলে এমবাপেই৷ অতিৰিক্ত সময়ত ৩-৩ গ’লত অমিমাংসিত হৈ থকা মেচখন স্বাভাৱিকতে পেনাল্টী শ্বুটআউটলৈ আগবাঢ়িল৷ পেনাল্টী শ্বুটআউটত আৰ্জেণ্টিনাৰ গ’লৰক্ষক মাৰ্টিনেজে কিংছলে কোমানৰ শ্ব’ট প্ৰতিহত কৰাৰ পাছতে আন এজন ফৰাছী ফৰৱাৰ্ড অহেলিয়া ছুৱামেনিয়ে বাহিৰলৈ বল মাৰি সুদৃশ্য বিশ্বকাপটো লিঅ’নেল মেছিৰ হাতত তুলি দিলে৷ সন্দেহ নাই বিশ্বৰ ফুটবল প্ৰেমীয়ে দেওবাৰৰ নিশা এখন চমকপ্ৰদ আৰু অভাৱনীয়ভাৱে উত্তেজনাপূৰ্ণ ফাইনেল মেচ উপভোগ কৰিলে৷ ৮০ মিনিটলৈকে নিষ্প্ৰভ হৈ থকা বিগতবাৰৰ চেম্পিয়ন ফ্ৰান্সে নিৰ্দিষ্ট সময়ৰ দহ মিনিটত যি খেল প্ৰদৰ্শন কৰিলে সেই প্ৰদৰ্শনেৰে তেওঁলোকে এইবাৰৰ বিশ্বকাপৰ ফাইনেলখন অসামান্য উচ্ছতালৈ আগবঢ়াই লৈ গ’ল৷ মেচখনৰ এই অস্বাভাৱিক উত্থান-পতনৰ মূল কাৰিকৰ আছিল নিশ্চিতভাৱে ২৩ বছৰীয়া এমবাপে৷ চাৰি বছৰ পূৰ্বে গলিৰ পৰা ৰাজপথত প্ৰৱেশ কৰা এমবাপেই কাতাৰৰ বিশ্বকাপৰ এই ফাইনেল মেচখনৰ জৰিয়তে নিজকে বিশ্ব ফুটবলৰ ৰাজপুত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিলে৷ সম্ৰাট হৈ লিঅ’নেল মেছিয়ে বিদায় লোৱা মেচখনত ফুটবলৰ নতুন ৰাজপুত্ৰ হিচাপে উদয় হ’ল কিলিয়ান এমবাপেৰ৷ ফৰাচী বিপ্লৱৰ অন্তত যিদৰে ফ্ৰান্সত নতুন সূৰ্যৰূপে উদয় হৈছিল সম্ৰাট নেপোলিয়নৰ, ঠিক সেইদৰে এখন মহাকাব্যিক যুদ্ধৰ অন্তত দেওবাৰে মাজনিশা কাতাৰত উদয় ঘটিল আন এক ফৰাছী সূৰ্যৰ– বিশ্ব ফুটবলৰ এই নতুন ৰাজপুত্ৰ সন্দেহাতীতভাৱে ২৩ বছৰীয়া কিলিয়ান এমবাপে৷ বিশ্বকাপ ফুটবলৰ ৯২ বছৰীয়া ইতিহাসত দ্বিতীয়জন ফুটবলাৰ হিচাপে দেওবাৰে এমবাপে হেটট্ৰিক অৰ্জন কৰিলে৷ সেই দুৰূহ কৃতিত্ব বিশ্বকাপৰ ইতিহাসত বহু বছৰলৈ উজলি থাকিব৷ 

সন্দেহ নাই এই বিজয়ৰ জৰিয়তে ৩৬ বছৰজোৰা বিশ্বকাপ দুৰ্ভিক্ষৰ অৱসান ঘটাই আৰ্থিকভাৱে দৈন্য আৰু বিধবস্ত আৰ্জেণ্টিনাক ফুটবলৰ জৰিয়তে প্ৰাণস্পন্দন প্ৰদান কৰিলে মেছি আৰু তেওঁৰ যোগ্য সতীৰ্থবৃন্দই৷ ১৯৮৬ চনৰ পাছত আৰ্জেণ্টিনাক বিশ্বকাপ ফুটবলৰ সোণালী ট্ৰফীটো দিয়াৰ পথত আৰ্জেণ্টিনাই যোৱাবাৰৰ চেম্পিয়ন ফ্ৰান্সক কঠিন যুঁজৰ অন্ততহে টাইব্ৰেকাৰত পৰাজিত কৰিলে৷ বিশ্ব ফুটবলৰ নতুন সম্ৰাটত পৰিণত হোৱা ৩৫ বছৰীয়া লিঅ’নেল মেছিয়ে পেনাল্টীৰ জৰিয়তে ২৩ মিনিটত আৰ্জেণ্টিনাক অগ্ৰগতি দিয়াৰ পাছত ফ্ৰান্সৰ কফিনত দ্বিতীয়টো গজাল মাৰিছিল এঞ্জেল ডি মাৰিয়াই৷ কাতাৰৰ লুছাইল ষ্টেডিয়ামৰ হাজাৰ ৱাটৰ বাল্বৰ পোহৰত উজ্জ্বল হৈ পৰা আৰ্জেণ্টিনাৰ বিজয়ত দেওবাৰৰ নিশা ফুটবলৰ নতুন সম্ৰাটত পৰিণত হোৱা লিঅ’নেল মেছিৰ যিমান অৱদান আছিল, একেটা নিশাতে বিশ্ব ফুটবলৰ পৰা অৱসৰ ল’বলগীয়া এঞ্জেল ডি মাৰিয়াৰ অৱদান আছিল ততোধিক৷ মুহূৰ্তে মুহূৰ্তে প্ৰতিপক্ষৰ ‘ফাইনেল থাৰ্ড’ত হীৰাৰ দৰে উজ্বলি উঠা মেছিৰ সমানেই বা ততোধিক উজ্জ্বল হৈ উঠিছিল ডি মাৰিয়া৷ আৰ্জেণ্টিনাৰ এই স্বপ্নৰ বিজয়ত অৱধাৰিতভাৱে ডি মাৰিয়াৰ অৱদান আছিল অধিক৷ কিয়নো দলৰ প্ৰথমটো গ’লৰ সুযোগ সৃষ্টি কৰিছিল ডি মাৰিয়াই৷ বিপজ্জনকভাৱে প্ৰতিপক্ষৰ বক্সত সোমাই পৰা ডি মাৰিয়াক ওচমান ডেম্বেলেই পিছফালৰ পৰা টেকল কৰাত ৰেফাৰীয়ে ফ্ৰান্সৰ বিপক্ষে পেনাল্টীৰ নিৰ্দেশ দিয়ে৷ সচৰাচৰ পেনাল্টী নিজে লোৱাৰ দৰে প্ৰশস্ত কান্ধত দায়িত্বভাৰ লৈ অধিনায়ক মেছিয়েই অতি সহজে পেনাল্টী কাৰ্যকৰী কৰি দলক অগ্ৰগতি দিয়ে৷ আৰ্জেণ্টিনাক পেনাল্টীৰ সুবৰ্ণ সুযোগ সৃষ্টি কৰি দিয়া ডি মাৰিয়াই ৩৭ মিনিটত  দলৰ হৈ দ্বিতীয়টো গ’ল স্ক’ৰ কৰি বিজয়ৰ দিশে আগবঢ়াই নিয়ে৷ খেলপথাৰৰ ঠিক মাজত প্ৰতিপক্ষৰ পৰা বল পাইছিল মেছিয়ে৷ তেওঁ সেই বল আগবঢ়াই দিছিল মেক এলিষ্টেয়াৰলৈ৷ বল লৈ সোঁ ফ্লেংকেৰে আগবাঢ়ি যোৱা এলিষ্টেয়াৰৰ সমান্তৰালভাৱে প্ৰতিপক্ষৰ বক্সলৈ দুৰ্দান্ত গতিত ধাৱমান হৈছিল এঞ্জেল ডি মাৰিয়া৷ সঠিক মুহূৰ্তত এলিষ্টেয়াৰে আগবঢ়াই দিয়া পাছ দুৰ্দান্ত শ্বটেৰে গ’ললৈ পৰিৱৰ্তন কৰে মেছিৰ সৈতে আজি নিশাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া ডি মাৰিয়াই৷

বিশ্বকাপৰ তিনিখন নকআউট মেচৰ এখনতো আঘাতৰ  বাবে খেলিব পৰা নাছিল ডি মাৰিয়াই৷ অৱশ্যে তাৰ পূৰ্বে গ্ৰুপ পৰ্যায়ৰ তিনিওখন মেচতে ডি মাৰিয়াই  মেছিক যোগ্য সংগ প্ৰদান কৰিছিল৷ গ্ৰুপৰ শেষ মেচত আঘাত পোৱাৰ বাবে তেওঁক নকআউট মেচত খেলিবলৈ নিদি সাঁচি ৰাখিছিল প্ৰশিক্ষক স্কেলনীয়ে৷ দেওবাৰে চূড়ান্ত মুহূৰ্তত তুৰুপৰ তাচৰ দৰে ডি মাৰিয়াক নমায়েই বাজিমাত কৰে  স্কেলনীয়ে৷ ডি মাৰিয়াৰ সৈতে মেছিৰ বুজাবুজি আন সতীৰ্থ খেলুৱৈৰ তুলনাত অধিক আছিল৷  দীৰ্ঘদিন দুয়ো দেশৰ জাৰ্ছিত একেলগে খেলিছে৷ বিগত বছৰ কোপা আমেৰিকাৰ ফাইনেলত ব্ৰাজিলৰ বিৰুদ্ধে গ’ল স্ক’ৰ কৰি এই দীৰ্ঘদেহী ডি মাৰিয়াই আৰ্জেণ্টিনাৰ হাতত ট্ৰফী তুলি দিছিল৷ আজিও দলৰ আৰু দেশৰ আটাইতকৈ প্ৰয়োজনীয় সময়ত এঞ্জেল ডি মাৰিয়া দেৱদূতৰ দৰে উজ্বলি উঠিল৷ অৱশ্যে তেওঁক দ্বিতীয়াৰ্ধত পৰিৱৰ্ত খেলুৱৈ হিচাপে খেলপথাৰৰ বাহিৰলৈ পঠিওৱাৰ পাছতে নিষ্প্ৰভ হৈ পৰিছিল মেছিৰ আৰ্জেণ্টিনা৷

মাৰাডোনাক পূৰ্ণ ৰূপত স্পৰ্শ কৰিব নোৱাৰিলেও আৰ্জেণ্টিনাক তৃতীয়টো বিশ্বকাপ প্ৰদান কৰি জীৱনৰ অপূৰ্ণ স্বপ্ন পূৰণ কৰিলে  লিঅ’নেল মেছিয়ে৷ দেওবাৰে ফ্ৰান্সৰ বিৰুদ্ধে পেনাল্টীৰ জৰিয়তে গ’ল স্ক’ৰ কৰাৰ লগে লগে বিশ্বকাপৰ প্ৰত্যেকখন নকআউট মেচত গ’ল স্ক’ৰ কৰা প্ৰথম গৰাকী ফুটবলাৰত পৰিণত হ’ল৷ ক্লাব ফুটবলত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি সাতবাৰ বেলন ডিয়ৰ লাভ কৰা মেছিয়ে ১৮ বছৰীয়া কেৰিয়াৰত পাঁচবাৰ বিশ্বকাপ খেলি এটাও বিশ্বকাপ অৰ্জন কৰিব নোৱাৰাত তেওঁক বিশ্ব ফুটবলৰ মহানায়ক হিচাপে গণ্য কৰা নাছিল৷ কোৱা হৈছিল মেছিয়ে কেৱল ক্লাব ফুটবলতহে পাৰদৰ্শিতা প্ৰদৰ্শন কৰে, বিশ্বকাপত অথবা দেশৰ জাৰ্ছি পিন্ধি তেওঁ সদায় ব্যৰ্থ৷ সেই কলংক শৰীৰৰ পৰা আঁতৰাবলৈ এইবাৰৰ বিশ্বকাপ আৰু আজিৰ দিনটোৱেই আছিল মেছিৰ বাবে শেষ দিন৷ মেছিয়ে দেওবাৰে বিশ্বকাপৰ ফাইনেলত তেওঁৰ প্ৰতি চিৰতৰে উত্থাপিত সেই সমালোচনা সুদে-মূলে ওভোটাই দিলে তেওঁৰ নিন্দুকক৷ ২০০২ চনত শেষবাৰৰ বাবে লেটিন আমেৰিকান দল হিচাপে বিশ্ব চেম্পিয়ন হোৱা ব্ৰাজিল আৰু ১৯৮৬ চনত বিশ্ব চেম্পিয়ন হোৱা আৰ্জেণ্টিনাৰ পাছত লেটিন আমেৰিকালৈ ফুটবলৰ বিশ্বকাপ এক অনবদ্য অভিযানেৰে ঘূৰাই আনিলে কাতাৰত বিশ্ব ফুটবলৰ সম্ৰাটৰ আসনত অধিষ্ঠিত হোৱা লিঅ’নেল মেছিয়ে৷