Logo
image

অধিক বিতৰ্কত মাৰ্টিনেজ, অতিষ্ঠ কৰিছিল ফ্ৰান্সৰ ফুটবলাৰক

ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰ:  বিশ্বকাপৰ শ্ৰেষ্ঠ গ’লৰক্ষক হিচাপে এইবাৰ গ’ল্ডেন গ্লোভছ লাভ কৰিছে আৰ্জেণ্টিনাৰ এমিলিয়ানো মাৰ্টিনেজে৷ কিন্তু খেলপথাৰত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা এই গ’লৰক্ষক বিতৰ্ক সৃষ্টিৰেও সকলোতকৈ আগত আছে৷ কোৱাৰ্টাৰ ফাইনেলৰ পৰাই এটাৰ পিছত আন এটা বিতৰ্কত জড়িত থকা খেলুৱৈজনৰ আচৰণকলৈ হোৱা চৰ্চা এতিয়াও মাৰ যোৱা নাই৷ ফ্ৰান্সৰ বিৰুদ্ধে টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ জয়ৰ নায়ক মাৰ্টিনেজ৷ কিন্তু টাইব্ৰেকাৰৰ সময়ত তেওঁ কৰা আচৰণে বিতৰ্কৰ সৃষ্টি কৰে৷ টাইব্ৰেকাৰৰ সময়ত বিপক্ষৰ খেলুৱৈৰ মনোযোগ নষ্ট কৰাৰ বাবে তেওঁ কৰা বিভিন্ন কাৰ্য কেমেৰাত ধৰা পৰে৷ টাইব্ৰেকাৰৰ বাবে টছ হোৱাৰ পাছক ফ্ৰান্সৰ গ’লৰক্ষক হুগো লৰিছৰ প্ৰতি মাৰ্টিনেজে কৰা আচৰণ খেলুৱৈসুলভ নাছিল৷ কীলিয়ান এমবাপেই পেনাল্টী লোৱাৰ সময়ত তেওঁ বাবে বাবে অভিযোগ কৰে৷ বল সঠিক স্থানত নথকাৰ আপত্তি দেখুৱাই তেওঁ৷ প্ৰথমে ৰেফাৰীয়ে গুৰুত্ব নিদিলেও কোমানৰ পেনাল্টীৰ আগতেও মাৰ্টিনেজে একে অভিযোগ কৰাত সঠিক স্থানত বল আছেনে নাই ৰেফাৰীয়ে পৰীক্ষা কৰি চাই৷ তেতিয়াই কোমানৰ ফালে আগুৱাই আহে মাৰ্টিনেজ৷ তেওঁৰ সন্মুখত বিভিন্ন অংগীভংগী কৰি থাকে৷ কিছু হ’লেও মনোযোগ নষ্ট হয় কোমানৰ৷ তেওঁ লোৱা শ্বট প্ৰতিহত কৰে মাৰ্টিনেজে৷ চুয়ামেনিয়ে ফ্ৰান্সৰ হৈ পেনাল্টী লোৱাৰ সময়ত আন এক কাণ্ড কৰে আৰ্জেণ্টিনাৰ গ’লৰক্ষকজনে৷ তেওঁ বল লৈ গ’লৰ পিছফালে থকা আৰ্জেণ্টিনাৰ সমৰ্থকসকলৰ ফালে  যায়৷ তেওঁলোকক চিঞৰিবলৈ কয়৷ ইয়াৰ পিছত ছুয়ামেনিক বল নিদি আনফালে মাৰি দিয়ে৷ বাধ্য হৈ ছুয়ামেনিয়ে বল আনিব লগা হয়৷ এনে কাৰ্যত ফৰাচী ফুটবলাৰজনৰ মনোযোগ নষ্ট হয়৷ তেওঁ বাহিৰলৈ বল মাৰে৷ চুয়ামেনিয়ে পেনাল্টী নষ্ট কৰাৰ পিছত ‘অশ্লীল’ অংগীভংগী কৰা দেখা যায় মাৰ্টিনেজক৷ ফ্ৰান্সৰ হৈ অন্তিম পেনাল্টী ল’বলৈ আহিছিল কোলো মুয়ানি৷ তেওঁৰ কাষলৈ আহিও কিবা কৈছিল মাৰ্টিনেজে৷ ৰেফাৰীয়ে বাধ্য হৈ তেওঁক ঠেলি গ’লপোষ্টলৈ লৈ যায়৷ মাৰ্টিনেজক হালধীয়া কাৰ্ডো দেখুৱা হয়৷