Logo
image

ৰাষ্ট্ৰীয় মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা

 ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ:  টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা বক্সাৰ লাভলীনা বৰগোহাঁয়ে ৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপৰ  কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে৷ অসমৰ বক্সাৰগৰাকীয়ে ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ওড়িশাৰ পূজা নায়কৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক খেলেৰে অসহায় কৰি তুলিছিল৷ আৰ এছ চি [ৰেফাৰীৰ দ্বাৰা প্ৰতিদ্বন্দ্বিতা বন্ধ ৰখা] পদ্ধতিৰে জয়ী হয় লাভলীনা৷ প্ৰথম ৰাউণ্ডৰ খেলৰ কিছু সময় পাছতে এছিয়ান চেম্পিয়ন লাভলীনাক আৰ এছ চিৰ দ্বাৰা বিজয়ী ঘোষণা কৰা হৈছিল৷ আনহাতে,  ২০১৬ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদকজয়ী ৰেলৱে’ স্প’ৰ্টছ প্ৰমোশ্বন ব’ৰ্ডৰ ছোনিয়া লাথেৰে কৰ্ণাটকৰ দিব্যানীৰ বিৰুদ্ধে ৱাক-অভাৰ লাভ কৰি ৫৭ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হয়৷ তেওঁলোকৰ লগতে এছ কালাইৱানী [৪৮ কিলোগ্ৰাম], ৰাজস্থানৰ আৰ্ছী খানম [৫৪ কিলোগ্ৰাম] আৰু ঝলক টোমৰ [৫০ কিলোগ্ৰাম] অন্তিম আঠ স্থানত উপনীত হৈছে৷