Logo
image

নতুন অভিলেখ, আই পি এলত কাৰেনৰ মূল্য ১৮.৫০ কোটি টকা

 ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ: আই পি এলৰ ইতিহাসত সবাতোকৈ দামী ক্ৰিকেটাৰ হিচাপে বিবেচিত হ’ল ইংলেণ্ডৰ অলৰাউণ্ডাৰ ছেম কাৰেন৷ কোচিৰ গ্ৰেণ্ড হায়াট হোটেলত অনুষ্ঠিত আই পি এলৰ পৰৱৰ্তী ছীজনৰ নিলাম প্ৰক্ৰিয়াৰ প্ৰথম দিনটোত এই অভিলেখ গঢ়ে ২৪ বছৰীয়া ক্ৰিকেটাৰজনে৷ টুৱেণ্টী২০ বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ কাৰেনক অভিলেখ ১৮ কোটি ৫৯ লাখ টকাত ক্ৰয় কৰিছে পঞ্জাব কিংছে৷ইয়াৰ পূৰ্বে আই পি এলৰ সবাতোকৈ দামী ক্ৰিকেটাৰৰ ৰেকৰ্ড আছিল দক্ষিণ আফ্ৰিকাৰ ক্ৰিছ মৰিছৰ নামত৷ যোৱা বছৰ ১৫ কোটি, ২৫ লাখ টকাত ক্ৰয় কৰিছিল ৰাজস্থান ৰয়েলছে৷ কাৰেনক পঞ্জাব কিংছে ক্ৰয় কৰাৰ পূৰ্বে ইংলেণ্ডৰ আন এজন ক্ৰিকেটাৰ হেৰী ব্ৰুকক ১৩ কোটি, ২৫ লাখ টকাত ক্ৰয় কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে৷ ব্ৰুক বৰ্তমান ব্যস্ত আছে পাকিস্তান ভ্ৰমণত৷ হেৰী ব্ৰুকতকৈও অধিক মূল্য পাইছে অষ্টে˜লিয়াৰ হৈ মাত্ৰ আঠখন টুৱেণ্টী২০ খেলা কেমেৰন গ্ৰীনে৷ দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত চলা প্ৰতিদ্বন্দ্বিতাৰ অন্তত ১৭  কোটি, ৫০ লাখ টকাত তেওঁক ক্ৰয় কৰে মুম্বাই ইণ্ডিয়ানছে৷ এইদৰে আই পি এলৰ দ্বিতীয় সবাতোকৈ দামী ক্ৰিকেটাৰ হিচাপে বিবেচিত হৈছে  ২৩ বছৰীয়া গ্ৰীন৷ ইংলেণ্ডৰ  আন এজন ক্ৰিকেটাৰ বেন ষ্টকছক ১৬ কোটি, ২৫ লাখ টকাত ক্ৰয় কৰিছে চেন্নাই ছুপাৰ কিংছে৷ এইদৰে দলটোৰ সবাতোকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ইংলেণ্ডৰ এই অলৰাউণ্ডাৰজন৷ ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পুৰানক ১৬ কোটি টকাত ক্ৰয় কৰিছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে৷ উল্লেখ্য, এইবাৰৰ আই পি এলৰ নিলামত আছিল মুঠতে ৪০৫জন ক্ৰিকেটাৰ, য’ত আছিল ২৭৩  জন ভাৰতীয় আৰু ১৩২জন বিদেশী৷ বিদেশী ক্ৰিকেটাৰকেইজনৰ মাজৰ চাৰিজন হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ সহযোগী ৰাষ্ট্ৰৰ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদে আঠ কোটি ২৫ লাখ টকাত ক্ৰয় কৰিছে ভাৰতীয় ক্ৰিকেটাৰ মায়ংক আগৰৱালক৷ তেনেদৰে ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জেছন হ’ল্ডাৰক পাঁচ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰিছে ৰাজস্থান ৰয়েলছে৷ নিউজীলেণ্ডৰ কেন উইলিয়ামছনক তেওঁৰ ভিত্তি মূল্য দুই কোটি টকাত ক্ৰয় কৰিছে গুজৰাট টাইটানছে৷ বাংলাদেশৰ দুজন ক্ৰিকেটাৰ শ্বাকিব আল হাছান আৰু লিটন দাসক ক্ৰয় কৰিছে কলকাতা নাইট ৰাইডাছে৷ প্ৰথম ৰাউণ্ডত তেওঁলোকৰ প্ৰতি কোনেও আগ্ৰহ নেদেখুৱালেও পাছত শ্বাকিবক তেওঁৰ ভিত্তি মূল্য এক কোটি ৫০ লাখ আৰু লিটনক ৫০ লাখ টকাত ক্ৰয় কৰে কলকাতাই৷