Logo
image

ঘৃণাৰ বজাৰত প্ৰেমৰ দোকানঃ ৰাহুল

ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ: কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই যাত্ৰা বন্ধৰ আহ্ৱান জনোৱাৰ মাজতে ৰাহুল গান্ধীৰ নেতৃত্বাধীন যাত্ৰাই ৰাজধানী দিল্লীত প্ৰৱেশ কৰাৰ লগে লগে ৰাজনৈতিক উত্তাপ বৃদ্ধি পাইছে৷ শনিবাৰে ভাৰত জোড়ো পদযাত্ৰাত ৰাহুল গান্ধীৰ সৈতে যোগ দিয়ে দক্ষিণৰ বিখ্যাত অভিনেতা কমল হাছানে৷ কমল হাছানৰ উপৰি  নতুন দিল্লীত ভাৰত জোড়ো যাত্ৰাত একেলগে খোজ মিলায় কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী, সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী, জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ, ৰণদ্বীপ সিং সুৰ্যেৱালা, কুমাৰী শৈলজা, পৱন খেৰা, ভূপিন্দৰ সিং ইত্যাদিয়ে৷ শনিবাৰে পুৱাই উত্তৰ প্ৰদেশৰ ফৰিদাবাদৰ পৰা বদৰপুৰ সীমাৰে দিল্লীত প্ৰৱেশ কৰে যোৱা ৬ ছেপ্টেম্বৰত দক্ষিণ ভাৰতত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই৷ দিল্লীত প্ৰৱেশ কৰাৰ পাছতে এই পদযাত্ৰাই ব্যাপক সঁহাৰি লাভ কৰে আৰু হাজাৰ হাজাৰ জনতাই কংগ্ৰেছৰ এই পদযাত্ৰাত যোগদান কৰে৷ ৰাহুল গান্ধীয়ে পদযাত্ৰাৰ মাজতে অংশগ্ৰহণকাৰী আৰু সমৰ্থকসকলক কয়– এই যাত্ৰাৰ মূল উদ্দেশ্য হ’ল ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খোলা৷ বিজেপি নেতৃত্বাধীন চৰকাৰে সমগ্ৰ দেশত ঘৃণাৰ বজাৰ খুলিছে৷ হিন্দু-মুছলমানৰ মাজত সংঘাতৰ সৃষ্টি কৰি ভোট অৰ্জনৰ বাবে বিজেপিয়ে ঘৃণাৰ বজাৰ খুলিলেও আমি এই ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে তাৰ মাজতে প্ৰেমৰ দোকান আৰম্ভ কৰিছো৷ ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে দেশৰ নাগৰিকৰ মাজত আমি প্ৰেম আৰু ভ্ৰাতৃত্ববোধৰ ভাব জগাই তুলিছো৷

দক্ষিণৰ জনপ্ৰিয় অভিনেতা কমল হাছানে ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত যোগদান কৰাত অনেকেই আ(ৰ্য প্ৰকাশ কৰিছে৷ পিছে অভিনেতা কমল হাছানে কয় এই যাত্ৰাই ৰাজনৈতিক পৰিধি ভাঙি দেশৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মৰ নাগৰিকক একগোট কৰিবলৈ সক্ষম হৈছে৷ সেয়ে মই ৰাহুল গান্ধীৰ ভাৰত জোড়োৰ প্ৰতি সমৰ্থন আগবঢ়াই একেলগে খোজ মিলাইছো৷ ইপিনে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাহুল গান্ধীক ক’ভিড পৰিস্থিতিত এনেদৰে বৃহৎ লোকৰ সমাৱেশ ঘটাই পদযাত্ৰা কৰাৰ কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ সংস্পৰ্শলৈ অহা কংগ্ৰেছৰ নেতাসকলে ক’ভিড পৰীক্ষা কৰিছে নে নাই সেই লৈ অনুৰাগ ঠাকুৰে প্ৰশ্ন উত্থাপন কৰে৷ তেওঁ কয়, চীন, কোৰিয়া, জাপানত ক’ভিড বৃদ্ধি পাইছে, কিন্তু কংগ্ৰেছে এইবোৰ বিষয়ত চিন্তা নকৰি কেৱল এটা পৰিয়ালৰ কথাই ভাবিছে৷ আনকি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ক’ভিডত আক্ৰান্ত হৈছে আৰু তেওঁৰ সংস্পৰ্শলৈ অহা কংগ্ৰেছৰ নেতাসকলে ক’ভিড পৰীক্ষা নকৰাকৈ এই পদযাত্ৰাত ভাগ লৈছে৷ অনুৰাগ ঠাকুৰৰ এই মন্তব্যৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীজনক তীব্ৰ কটাক্ষ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে৷ তেওঁ কয়, অনুৰাগ ঠাকুৰ ডাঙৰ মানুহ৷ আমি তেনেই সৰু-সুৰা মানুহ৷ কিন্তু যিজন ব্যক্তিয়ে মানুহক গুলী মৰাৰ কথা ক’ব পাৰে তেওঁৰ এনে মন্তব্যত অবাক হ’বলগীয়া একো নাই৷ ভাৰত জোড়ো যাত্ৰাৰ সাফল্যই কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ লগতে সামগ্ৰিকভাৱে বিজেপিক ঈৰ্ষান্বিত কৰি তুলিছে৷ উল্লেখ্য, দিল্লী বিধান সভাৰ বিগত নিৰ্বাচনত দিল্লীত অনুষ্ঠিত নিৰ্বাচনী সভাত অনুৰাগ ঠাকুৰে দিল্লীৰ ‘কা’ আন্দোলনকাৰীক গুলীয়াব লাগে বুলি শ্ল’গান দিছিল৷ তেওঁ তেতিয়াও কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বতে আছিল৷ পি চিদাম্বৰমে অনুৰাগ ঠাকুৰৰ সেই মন্তব্য উল্লেখ কৰি তেওঁক প্ৰত্যুত্তৰ দিয়ে৷

কংগ্ৰেছৰ নেতৃত্বত আয়োজিত ভাৰত জোড়ো যাত্ৰাই শনিবাৰে লালকিল্লা প্ৰাংগনত উপস্থিত হোৱাৰ পাছত আঠ দিনৰ বাবে এই যাত্ৰা স্থগিত ৰখা বুলি ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে৷ অহা ৩ জানুৱাৰীৰ পৰা ভাৰত জোড়ো যাত্ৰা পুনৰ আৰম্ভ হ’ব৷ বৰদিন আৰু নৱবৰ্ষৰ উদযাপনৰ বাবে সাময়িকভাৱে আঠদিনলৈ ভাৰত জোড়ো যাত্ৰা বন্ধ ৰখা হৈছে৷ লালকিল্লা প্ৰাংগনত আয়োজিত এখন বৈঠকত হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ সন্মুখত ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক চোকা সমালোচনা কৰে৷ চীনৰ সৈতে সীমান্তত চৰম সংঘাত হৈ থকা অৱস্থাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বিগত ৯ মাহত শত্ৰুভাবাপন্ন দেশখনৰ পৰা সৰ্বকালৰ সৰ্বাধিক সামগ্ৰী কিয় আমদানি কৰিবলগীয়া হৈছে বুলি তেওঁ প্ৰশ্ন কৰে৷

উল্লেখ্য, ভাৰতে চীনৰ সৈতে শেহতীয়াকৈ পাৰস্পৰিক বাণিজ্যৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি কৰিছে৷ অৱশ্যে সেই ক্ষেত্ৰত ভাৰতে কৰা আমদানিৰ পৰিমাণ বৃহৎ কিন্তু ভাৰতে কৰা ৰপ্তানিৰ পৰিমাণ তেনেই কম৷ চীনৰ সৈতে মোদী চৰকাৰে ৰখা এই বাণিজ্যিক সম্পৰ্ক আৰু মোদী চৰকাৰৰ কাৰ্যকালত চীনৰ পৰা হোৱা আমদানিৰ পৰিমাণ বৃদ্ধি কৰাৰ ঘটনাক ৰাহুল গান্ধীয়ে চোকা ভাষাৰে সমালোচনা কৰে৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেলে লোকসভাত প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বছৰৰ প্ৰথম ন মাহত ভাৰতে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ পৰিমাণ ধনৰ পৰিমাণ সৰ্বকালৰ সৰ্বোচ্ছ আছিল৷ তেওঁ জনোৱা অনুসৰি চলিত বছৰৰ প্ৰথম ন মাহত চীনৰ পৰা ভাৰতে আমদানি কৰা সামগ্ৰীৰ পৰিমাণ পূৰ্বৰ তুলনাত ৩১ শতাংশ বৃদ্ধি পাইছে৷ এই সময়ছোৱাত ভাৰতে ৮৯.৬৬ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ অৰ্থৰ সামগ্ৰী চীনৰ পৰা আমদানি কৰিছে৷ চীনৰ পৰা ভাৰতে সামগ্ৰী আমদানি কৰাৰ ক্ষেত্ৰত এই তিনিটা ত্ৰিমাসিকৰ পৰিমাণ সৰ্বকালৰ সৰ্বোচ্ছ, অৰ্থাৎ কোনো কালেই ভাৰতে ন মাহৰ ভিতৰত চীনৰ পৰা ইমান বৃহৎ পৰিমাণৰ অৰ্থৰ সামগ্ৰী আমদানি কৰা নাছিল৷ বিগত বছৰৰ প্ৰথম ন মাহত এই পৰিমাণ আছিল ৬৮.৪৬ বিলিয়ন মাৰ্কিন ডলাৰৰ৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, বিগত ন মাহত ভাৰতে চীনৰ পৰা অভিলেখসংখ্যক ধন আৰু পৰিমাণৰ সামগ্ৰী আমদানি কৰাৰ বিপৰীতে ভাৰতৰ পৰা চীনে কৰা আমদানিৰ পৰিমাণ ৩৬.৪ শতাংশ হ্ৰাস পাইছে৷ অৰ্থাৎ ২০২২ চনৰ প্ৰথম ন মাহত চীনে ভাৰতৰ পৰা ১৩.৯৭ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ সামগ্ৰীহে আমদানি কৰিছে৷ অৰ্থাৎ ৰঙা চীনে ভাৰতৰ সৈতে শত্ৰুতা বৃদ্ধি পোৱাৰ পাছত দেশখনৰ পৰা কম পৰিমাণৰ সামগ্ৰী আমদানি কৰি ভাৰতক আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে এয়া ভাৰতৰ অক্ষমতাৰ বাবে হৈছে নে চীনৰ অনিচ্ছাৰ বাবে হৈছে সেই সন্দৰ্ভত নতুন দিল্লী আৰু বেইজিং কোনো পক্ষই মন্তব্য কৰা নাই৷ ইয়াৰ বিপৰীতে চীনৰ ‘জেনেৰেল এডমিনিষ্টে˜ছন কাষ্টম্‌ছ’ [জিএচি] বিভাগে তেওঁলোকৰ ৱেবচাইটত ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ নাম, পৰিমাণ, অৰ্থৰ পৰিমাণ আৰু ভাৰতে কৰা ৰপ্তানিৰ ক্ষেত্ৰত অনুৰূপ তথ্য মুকলিভাৱে প্ৰদৰ্শন কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দিল্লীত বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পাছত বিগত পাঁচ বছৰত চীনৰ পৰা ভাৰতৰ আমদানিৰ পৰিমাণ ২৯ শতাংশ বৃদ্ধি পাইছে৷ ২০২০ চনৰ জুনত চীনৰ সেনাই ২০ জন ভাৰতীয় সেনাক মৰিয়াই হত্যা কৰাৰ পিছৰতো বছৰতে অৰ্থাৎ ২০২১ চনত প্ৰথমবাৰৰ বাবে ভাৰত আৰু চীনৰ পাৰস্পৰিক বাণিজ্যৰ পৰিমাণে ১০০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰি গৈছে৷ বিগত বছৰটোত সামগ্ৰিকভাৱে উভয় দেশৰ বাণিজ্যৰ পৰিমাণ আছিল ১২৫ বিলিয়ন মাৰ্কিন ডলাৰ৷ সেই ক্ষেত্ৰতো ব্যৱসায়িক বুদ্ধিৰে চীনে ভাৰতক পৰাজিত কৰিছে৷ কিয়নো বিগত বছৰটোত ভাৰতে চীনৰ পৰা ৯৭.৫ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থৰ সামগ্ৰী আমদানি কৰাৰ বিপৰীতে ভাৰতে চীনলৈ ২৮.১ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ অৰ্থৰ সামগ্ৰীহে ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল৷ অৰ্থাৎ সামৰিক দিশৰ লগতে বাণিজ্যিক ক্ষেত্ৰতো চীনে ভাৰতক পিছপেলাই ৰাখিছে৷ ভাৰতে দেশখনৰ পৰা ঘাইকৈ সক্ৰিয় ঔষধি দ্ৰব্য, বৃহৎ পৰিমাণৰ ইলেকট্ৰনিক সামগ্ৰী, চিকিৎসা সম্পৰ্কীয় আহিলাপাতি, সূতা, কপাহ, আইনা আৰু আইনাৰে নিৰ্মিত সামগ্ৰী, প্লাষ্টিক, ৰসায়নিক দ্ৰব্য, সাৰ, জৈৱ আৰু অজৈৱ ৰসায়ন, কাগজৰ ব’ৰ্ড, জোতা, তাম, পাৰমাণৱিক ৰিয়েক্টৰ, বয়লাৰ, ইলেকট্ৰনিক যন্ত্ৰ, ফাৰ্ণিছাৰ ইত্যাদি আমদানি কৰে৷ আনহাতে ভাৰতৰ সামগ্ৰীৰ প্ৰতি চীনৰ তেনে বিশেষ আকৰ্ষণ আৰু প্ৰয়োজনীয়তা নাই৷