Logo
image

টিংখাঙত আঢ়ৈশ কোটি টকীয়া চিৰিয়াখানা ঘোষণা

ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ: ‘ডিব্ৰুগড়ৰ টিংখাঙত ২৫০ কোটি টকাৰে নিৰ্মাণ হ’ব চিৰিয়াখানা৷ পূৰ্বতে  চিৰিয়াখানা বুলি ক’লে কেৱল গুৱাহাটীৰ নাম আহিছিল, এইবাৰ অসমৰ মানুহে টিংখাঙলৈ আহিব চিৰিয়াখানা চাবলৈ’ আজি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া আৰু টিংখাঙৰ সীমাত অৱস্থিত কুঁৱৰী গাঁও উচ্ছ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম চৰকাৰৰ ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচীত বিশাল জনসভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে৷ সভাত মুখ্যমন্ত্ৰীৰ লগতে ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, উদ্যোগ আৰু বাণিজ্যমন্ত্ৰী বিমল বড়া, মাহমৰাৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ উপস্থিতিত থাকে৷ নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে আদৰণি ভাষণ দিয়াৰ পিছতেই মন্ত্ৰী বিমল বড়া আৰু সাংসদ তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিজৰ বক্তব্য প্ৰদান কৰে৷ ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুঠ ৯৭৩.৩৮ কোটি টকা ব্যয়সাপেক্ষে সৰ্বমুঠ ২২টা আঁচনিৰ ডিজিটেল প্ৰযুক্তিৰে শিলান্যস আৰু শুভ উদ্বোধন কৰে৷ এই কাৰ্যসূচীৰ পিছতেই ৬ জন ভূমিহীন লোকক ভূমিপত্তা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ এই কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীয়ে ৰাইজক উদ্দেশ্যি কয় যে, বিকাশৰ ভাগীৰথী পথেৰে ডিব্ৰুগড় জিলাৰ উন্নয়নৰ দায়িত্ব চৰকাৰে লৈছে৷ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় জিলাৰ উন্নয়ন আজিলৈকে যিটো হাৰত হ’ব লাগিছিল সেয়া নহ’ল৷ কিন্তু বৰ্তমানৰ চৰকাৰখনে ১৫,০০০ কোটি টকাৰে সমগ্ৰ অসমত উন্নয়নৰ এক নতুন দিগন্ত আনিছে৷ ইয়াৰে প্ৰায় ৯৭৩.৩৮ কোটি টকাৰে সমগ্ৰ ডিব্ৰুগড় জিলাত উন্নয়ন আৰু বিকাশৰ এটি নতুন যুগৰ সূচনা কৰা হৈছে৷ ইয়াৰে ভিতৰত আছে জিলাখনৰ টিংখাং, ৰাজগড়, লাহোৱাল, দুলীয়াজান আৰু নাহৰকটীয়াৰ নগাঁও ৰাজহুৱা খেলপথাৰত ৫০.৮৬ কোটি ব্যয়সাপেক্ষে এখনকৈ মিনি ষ্টেডিয়াম, ১২ কোটি ৩২ লাখ ১৬ হাজাৰ ৪০০ টকা ব্যয়সাপেক্ষে মৰাণ অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প, ১৬ কোটি ১০ লাখ ৯২ হাজাৰ টকা ব্যয়সাপেক্ষে ডিব্ৰুগড় চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, লাহোৱাল উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু লাহোৱালৰ ডিব্ৰুগড় পলিটেকনিক উৎকৰ্ষৰ কেন্দ্ৰৰূপে চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আই টি আইৰ উন্নীতকৰণ কৰ্মশালা-কাৰিকৰী গৱেষণাগাৰ নিৰ্মাণ, ৫ কোটি টকাৰে ডিব্ৰুগড় হনুমানব’ সূৰজমল কানৈ মহাবিদ্যালয় চৌহদত অত্যাধুনিক বাতানুকুল প্ৰেক্ষাগৃহ, ৪ কোটি ৩২ লাখ ৭২ হাজাৰ টকা ব্যয়সাপেক্ষে দুলীয়াজানত আই টি আই নিৰ্মাণ, প্ৰায় ৫৮ কোটি টকাৰে টিপাম হৈ ভাদৈ পাঁচ আলি জয়পুৰ খুনচা পথৰ বহলীকৰণ আৰু সবলীকৰণৰ কাম, ৪৫৯ কোটি ৭৯ লাখ টকাৰে মৰাণ নাহৰকটীয়া পথ নিৰ্মাণ, ১৩ কোটি ৪২ লাখ ৩ হাজাৰ টকাৰে মোহনাঘাটৰ পৰা ম’হমাৰী পথাৰলৈ ব্ৰহ্মপুত্ৰৰ বান্ধৰ মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণ, ১০ কোটি ৭৯ লাখ ৬০ হাজাৰ টকাৰে ম’হমাৰী পথাৰৰ পৰা মধুপুৰলৈ পথ আৰু মথাউৰি নিৰ্মাণ, ৯ কোটি ৩১ লাখ ৪০ হাজাৰ টকাৰে অ’কলেণ্ড পৰা মাইজান চাহ বাগিচালৈ পথ তথা মথাউৰি নিৰ্মাণ, ৪৭ কোটি ৪৬ লাখ টকাৰে মাধৱপুৰ টিপলিং পথৰ প্ৰথম ৰ কিঃমিত ৰে’লৱে লেভেল ক্ৰছিং গেটত আৰু অ’ বি, দুলীয়াজানৰ খেৰেমীয়াত এ আই আই বিৰ অধীনত অসম বিতৰণ ব্যৱস্থা সবলীকৰণ আৰু লোকচান হ্ৰাস আঁচনি, লাহোৱালৰ জাপিসজীয়াত এ আই আই বিৰ অধীনত অসম বিতৰণ ব্যবস্থা সৰলীকৰণ আৰু লোকচান হ্ৰাস আঁচনি, ৪৬ কোটি ৬৬ লাখ টকাৰে অ’কলেণ্ড বান্ধৰ নগাঘূলিৰ পৰা ফিলন’গুৰিলৈকে বানত হোৱা ক্ষতিৰ পুনৰ নিৰ্মাণৰ কাম, ১৮ কোটি ৭৫ লাখ টকাৰে পুখুৰীজানত ব্ৰক্ষপুত্ৰৰ বানৰ পৰা হোৱা ক্ষতিৰ পুনৰ নিৰ্মাণৰ কাম, ১৫ কোটি ৩৫ লাখ টকাৰে ৰহমৰীয়া ব্ৰহ্মপুত্ৰ পাৰত লকাচনিৰ পৰা লিটিঙা গাঁৱলৈ দ্বিতীয় আৰু তৃতীয় কিঃমিঃত হোৱা বান ক্ষতিৰ পুনৰ নিৰ্মাণৰ কাম আৰু ১২০ কোটি ১৭ লাখ টকা ব্যয়সাপেক্ষে ব্ৰহ্মপুত্ৰৰ পাৰত দিনজান আৰ্মী কেম্পৰ বাবে বান সুৰক্ষা আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়৷ আনহাতে, ৪০ কোটি ৭৭ লাখ ৪০ হাজাৰ টকা ব্যয়সাপেক্ষে নিৰ্মিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ১ কোটি ২৮ লাখ ৪২ হাজাৰ টকাৰে টিংখাঙত লোক নিৰ্মাণ বিভাগৰ দুমহলীয়া আৰ চি চি পৰিদৰ্শন বাংলো, মুঠ ২৮ কোটি ৭১ লাখ ৫৪ হাজাৰ টকাৰে জলজীৱন মিছন ডিব্ৰুগড়ৰ অধীনত ৬৩৪২টা কাৰ্যক্ষম ঘৰুৱা টেপ সংযোগৰে ২৪ খন পাইপ পানী যোগান আঁচনি, ৭ কোটি ৪৯ লাখ টকাৰে ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ প্ৰকল্প সহায়তা কেন্দ্ৰ আৰু অতিথিশালা আজি উদ্বোধন কৰা হয়৷ তদুপৰি, মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, ৫ ডিচেম্বৰৰ পৰা অসমৰ ১১খন জিলাত উন্নয়নৰ নদী বৈ গৈছে৷ এই বিকাশৰ এটা পষেকৰ উপৰিও আৰু বহু উন্নয়নৰ মুখ দেখিব ডিব্ৰুগড় জিলাৰ ৰাইজে৷ তেওঁ কয় যে, ডিব্ৰুগড় জিলাৰ টিংখাঙত ২৫০ কোটি টকাৰে নিৰ্মাণ হ’ব চিৰিয়াখানা৷ পূৰ্বতে চিৰিয়াখানা বুলি ক’লে কেৱল গুৱাহাটীৰ নাম আহিছিল, এইবাৰ অসমৰ মানুহে টিংখাঙলৈ আহিব চিৰিয়াখানা চাবলৈ৷ টিংখাং বিধানসভা সমষ্টিৰ চৰাইহাবিত নিৰ্মাণ কৰা হ’ব এই চিৰিয়াখানা৷ ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত ঘোষণা কৰে৷ তদুপৰি, এইবাৰ নাহৰকটীয়াৰ টিপামত কেন্দ্ৰীয়ভাৱে মে-ডাম-মেফি চৰকাৰৰ উদ্যোগত উদযাপন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে৷ দিহিং পাটকাই জয়পুৰ বৰ্ষাৰণ্যৰ মাজেৰে খুনচালৈ যোৱা পথ নিৰ্মাণ কৰি দিহিং পাটকাইৰ পৰ্যটন উন্নত কৰা হ’ব বুলিও তেওঁ ভাষণত উল্লেখ কৰে৷ তেওঁ লগতে কয় যে, অসমত আজি ৩টা দশক ধৰি কেৱল আন্দোলন, ধৰ্ণা আদি চলাৰ বাবে অসমৰ সমাজ জীৱনক পংকিলময় কৰি তুলিছিল৷ কিন্তু যোৱা ডেৰ বছৰে ৰাজ্যখনত আন্দোলন বন্ধ হৈ যোৱাৰ বাবে এতিয়া ৰাজ্যখনে উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্ত দেখিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে, অসমত আন্দোলনৰ প্ৰয়োজন আছে কিন্তু সেই আন্দোলন বন্ধ, ধৰ্ণা আদি নহয়৷ সেই আন্দোলন হ’ব লাগিব বৌদ্ধিক আন্দোলন, সাংস্কৃতিক আন্দোলন, কৃষিৰ আন্দোলন, ক্ৰীড়াৰ আন্দোলন, ভৱিষ্যত গঢ়াৰ আন্দোলন আৰু এনে বৌদ্ধিক, সাংস্কৃতিক, কৃষি, ক্ৰীড়া, অৰ্থনৈতিক আন্দোলনেৰেহে এক নৱজাগৰণৰ সৃষ্টি হ’ব আৰু অসমখন বিকাশ আৰু উন্নতিৰ পথত আগুৱাই যাব৷ এই সভাতেই নামৰূপ বিভিএফচিএল আৰু এপিডিচিএলৰ মাজত শক্তি ক্ৰয়-বিক্ৰয়ৰ এক চুক্তি স্বাক্ষৰ হয়৷