Logo
image

উদ্বেগজনকভাৱে বাঢ়িছে অপৰাধ, স্বীকাৰ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ:  নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাক লৈ চৰমভাৱে শংকিত হ’বলগীয়া হৈছে ৰাজ্যৰ অধিকাংশ লোক৷ আৰক্ষী আৰু চি আৰ পি বাহিনীৰ  সুৰক্ষা বেষ্টনিত থকা ভি আই পি আৰু ভি ভি আই পি সকলৰ বাহিৰে ৰাজ্যত যেন অন্য কোনো লোকেই আজি নিৰাপদ নহয়৷ বিশেষকৈ চুৰি-ডকাইতি, হত্যা, ধন লুট আৰু অপহৰণৰ ঘটনা প্ৰতিদিনে যিটো হাৰত বৃদ্ধি পাব ধৰিছে তাৰ ফলত চৰম নিৰাপত্তাহীনতাৰ মাজেদি দিন  অতিবাহিত কৰিবলৈ বাধ্য হৈছে ৰাজ্যবাসী৷ ৰাজ্যৰ অন্য প্ৰান্তৰ তুলনাত ৰাজধানী চহৰ গুৱাহাটীৰ পৰিস্থিতি যেন অধিক বিপৰ্যস্ত হৈ পৰিছে৷ বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে বিধায়ক আৱাসৰ চৌহদৰ পৰাই চুৰি হ’ল এখন চৰকাৰী বলেৰ’ গাড়ী৷ অথচ ২৪ ঘণ্টাই নিশ্ছিদ্ৰ নিৰাপত্তা ব্যহুৰ মাজত থাকে বিধায়ক আৱাসৰ চৌহদ৷ চোৰৰ দৌৰাত্ম্যৰ পৰা ৰক্ষা নাপালে সৰ্বাধিক নিৰাপদ স্থানৰূপে পৰিচিত বিধায়ক আৱাস চৌহদো৷ গুৱাহাটীৰ বাটে-ঘাটে দিনে-নিশাই চোৰ-ডকাইতৰ  মুকলি আৰু অবাধ বিচৰণ৷ অথচ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনত আছে ২০ খনকৈ থানা আৰু ১৭ খনকৈ আৰক্ষী চকী৷ আৰক্ষী-অদ্ধৰ্সামৰিক বাহিনীৰে গিজগিজাই থকা গুৱাহাটীৰ কোনো এটা অঞ্চলৰ বাট-পথে যেন আজি সৰ্বসাধাৰণ লোকৰ বাবে নিৰাপদ নহয়৷ ৰাজ্যৰ এনে পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও৷ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে নিজমুখে স্বীকাৰ কৰিছে গুৱাহাটীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ কথা৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– গুৱাহাটী মহানগৰীত যোৱা মাহটোত চুৰি-ডকাইতিৰ সংখ্যা অকমান বাঢ়িছে৷ যোৱা কেইদিনমানত আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে যথেষ্ট ব্যৱস্থা লৈছে৷ যোৱা নিশা ১০ খন চুৰি বাইক আৰক্ষীয়ে উদ্ধাৰ কৰিছে৷ এই বিষয়ত বহুত বেছি সাৱধান হ’বলৈ আৰক্ষীক নিৰ্দেশ দিছো৷ যেতিয়া ড্ৰাগছৰ বিৰুদ্ধে বহু বেছি ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়া ড্ৰাগছৰ মূল্য বজাৰত বাঢ়ি যায়৷ ড্ৰাগছ আসক্তসকলে বা ড্ৰাগছৰ ব্যৱসায় কৰা সকলে সৰু সৰু অপৰাধজনিত কাৰ্যৰ সৈতে জড়িত হৈ পৰে৷ এইটো সমগ্ৰ বিশ্বৰে অপৰাধজনিত ঘটনাৰ ধাৰা৷ দুয়োটা বস্তু আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰো সেই বিষয়ে চাবলৈ আৰক্ষীৰ কৈছো৷ এবাৰ যেতিয়া এজন লোকৰ পৰা সোণৰ চেইন কাঢ়ি লৈ যায়, এনেকুৱা বহু লোক আছে যি জীৱনত দ্বিতীয়বাৰৰ কাৰণে সোণৰ চেইন কিনিব নোৱাৰিব৷ সেয়ে ডাঙৰ কাম কৰোতে আমি সৰু কামবিলাকো হাতৰ পৰা ওলাই যাবলৈ দিব নালাগে৷ সৰু চুৰিৰ ঘটনা এটাও আৰক্ষীয়ে গুৰুত্ব সহকাৰে ল’ব লাগে৷ সাধাৰণ মানুহৰ যাতে আৰক্ষীৰ ওপৰত বিশ্বাস থাকে তাৰে ব্যৱস্থা কৰিব লাগে৷ যোৱা এটা সপ্তাহত আৰক্ষীয়ে যিমান পাৰে কাম কৰিছে৷ সমগ্ৰ অসমতে কটকটীয়া ব্যৱস্থা কৰা হৈছে৷ আমি তাৰ সুফল নিশ্চয় পাম৷ বীৰাংগনাসকল পথত থাকে৷ বয়োজ্যেষ্ঠ মহিলাসকলৰ পৰাই চেইন কাঢ়ি আছে৷ আৰক্ষী তৎপৰ হ’ব লাগিব৷