Logo
image

সপ্তাহটোৰ বাবে ৰাজ্যৰ বাহিৰলৈ গ’ল মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ: দীঘলীয়া ব্যস্ততাৰ অন্তত দেওবাৰে ৰাজ্যৰ বাহিৰলৈ গ’ল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত গুণোৎসৱ ২০২২ ৰ বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড॰ শৰ্মা আজি দিল্লী অভিমুখে ৰাওনা হয়৷ দিল্লীত উপস্থিত হোৱাৰ পাছত তেওঁ নিজৰ বাসগৃহত কিছু সময় জিৰণি লৈ পাছতে উত্তৰাখণ্ড অভিমুখে ৰাওনা হয়৷ আগন্তুক ৫ দিন  মুখ্যমন্ত্ৰী উত্তৰাখণ্ডত থকাৰ কথা৷ মুখ্যমন্ত্ৰীৰ এইবাৰৰ ভ্ৰমণসূচী মুঠ জ্জ দিনৰ বুলি প্ৰকাশ৷ উল্লেখ্য যে বিকাশৰ বাবে এটা পষেকৰ প্ৰথম পৰ্যায়ৰ অন্তিমটো কাৰ্যসূচীত অংশ লৈ ডিব্ৰুগড়ৰ পৰা ৰাজধানী এক্সপ্ৰেছ ৰে’লযোগে আহি দেওবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ ৫ ডিচেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ৷ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ এই কাৰ্যসূচীত ৰাজ্যৰ ১১ খন জিলাক সামৰি লোৱা হয়৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মা ইয়াৰে প্ৰতিটো কাৰ্যসূচীত উপস্থিত থাকি প্ৰতিখন জিলাৰ বাবে বিশেষ পেকেজ ঘোষণাৰ লগতে একাধিক ৰাজহুৱা কাৰ্যসূচীত অংশ লয়৷ এই মাৰাথান কাৰ্যসূচীৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ব্যস্ত হৈ পৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনক লৈ৷ বিকাশৰ বাবে এটা পষেকৰ মূল কাৰ্যসূচীৰ উপৰিও মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট জিলা সমূহত ইটোৰ পিছত সিটোকৈ মাৰাথান কাৰ্যসূচীত অংশ লয়৷ বিগত ২০ দিনত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়, ধেমাজি, লক্ষীমপুৰ, যোৰহাট, মাজুলী, বিশ্বনাথ, গোলাঘাট, মৰিগাঁও, তামুলপুৰ, নলবাৰী, বঙাইগাঁও আদি জিলা ভ্ৰমণ কৰি মুঠ ১৫,০০০ কোটি টকাৰ আন্তঃগাথনিসমূহক প্ৰকল্পৰ শিলা ন্যাস আৰু শুভ উদ্বোধন কৰে৷ এই দীঘলীয়া ব্যস্ততাৰ পাছতে কিছু বিশ্ৰামৰ বাবে সম্পূৰ্ণ ব্যক্তিগত কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মা দেওবাৰে প্ৰথমে নতুন দিল্লী আৰু নতুন দিল্লীৰ পৰা ডেৰাদুনত  উপস্থিত হয়৷ ইংৰাজী নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত তেওঁ নিজৰ সপ্তাহজোৰা ভ্ৰমণ সামৰি ৰাজ্যখনত উপস্থিত হোৱাৰ কথা৷