Logo
image

২৮ ডিচেম্বৰৰ পৰা সুৰাপায়ীৰ বিৰুদ্ধে বিশেষ অভিযান

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ: বিগত দিনকেইটাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা পথ দুৰ্ঘটনা আৰু ইয়াৰে বহু চালক সুৰামত্ত হৈ বাহন চলোৱা ঘটনাক গুৰুত্বপূৰ্ণ সহকাৰে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত ব্যাপক জনসচেতনতা সৃষ্টিৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগক যৌথভাবে কাম  কৰিবলৈ নিৰ্দেশ দিছে৷ বিশেষকৈ ৰাজপথত কোনো চালকে যাতে সুৰাপান কৰি উদন্ত আৰু অনিয়ন্ত্ৰিতভাবে বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে৷ ইফালে আগন্তক ইংৰাজী নৱবৰ্ষক আদাৰাৰ নামত কোনোৱে যাতে সুৰাপান কৰি ৰাজপথত বাহন চলাব নোৱাৰে তাৰ বাবে ৰাজ্যজুৰি বিশেষ অভিযান চলাবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে আৰক্ষীৰ লগতে পৰিবহণ বিভাগেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷  অৱশ্যে মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে দুৰ্ঘটনা ৰোধ আৰু পথ সুৰক্ষা সজাগতাৰ বাবে দিয়া নিৰ্দেশনাৰ আধাৰত ৰাজ্যজুৰি চলি আছে অভিযান৷ এই সন্দৰ্ভত অসম চৰকাৰৰ সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে এতিয়া বনভোজৰ বতৰ, ৩১ডিচেম্বৰ, নৱবৰ্ষ আদৰণি আৰু মাঘবিহুৰ অপাৰ আনন্দ উপভোগৰ সময়৷ সেয়ে বনভোজৰ লগতে পুৰণি বছৰক বিদায় আৰু নৱবৰ্ষ উদযাপনৰ নামত আনন্দত মতলীয়া হৈ কোনোৱে যাতে অত্যধিক মদ্যপান কৰি তীব্ৰবেগত যানবাহন চলাই অনাকাংক্ষিত দুৰ্যোগ-দুৰ্ঘটনা মাতি আনিব নোৱাৰে তাৰবাবে সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীক সকিয়াই দি কেতবোৰ জনসচেতনতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ চলিত ডিচেম্বৰ মাহৰ আৰম্ভণিৰে পৰা বনভোজলৈ যোৱা বাহনৰ চালককে ধৰি আন বাহনৰ চালকে যাতে সুৰাপান কৰি বাহন চলাব নোৱাৰে তাৰ বাবে আৰক্ষী-পৰিবহণ বিভাগৰ ধাৰাবাহিক অভিযান চলি আছে৷ সমান্তৰালভাৱে নৱবৰ্ষক আদৰাৰ নামত সুৰাপান কেন্দ্ৰীক পথ দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত আৰু এই দিশত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ২৮ ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি চলোৱা হ’ব বিশেষ অভিযান৷ গৌতম দাসে সদৰি কৰা অনুসৰি বনভোজৰ আনন্দৰ নামত অত্যধিক মদ্যপান কৰি দুৰ্ঘটনাগ্ৰস্ত হ’বলগীয়া হ’লে বনভোজ দল, বাহনৰ চালক আৰু মালিক কাকো ৰেহাই দিয়া নহ’ব৷ চালকে অত্যধিক মদ্যপান কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ পালেই ততালিকে চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব, প্ৰয়োজনত বাহনৰ পঞ্জীয়নো বাতিল হ’ব৷ কিয়নো একাংশ বনভোজকাৰী দলৰ চালকে সুৰাপান কৰি বাহন সলাই দুৰ্ঘটনা সংঘটিত কৰা কেবাটাও ঘটনা সংঘটিত হৈছে৷ তেনেদৰে ইংৰাজী নৱবৰ্ষক আদৰাৰ নামতো একাংশ চালকে নিশাৰ ভাগত সুৰাপান কৰি অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই নিজৰ লগতে আনৰো সৰ্বনাশ মাতি আনে৷ এনে ঘটনা ৰোধ কৰিবলৈ সজাগতা সৃষ্টিৰ বাবে ২৮ ডিচেম্বৰৰ পৰা পহিলা জানুৱাৰীলৈ ৰাজপথত আৰক্ষী আৰু পৰিবহণ বিভাগে যৌথভাবে আৰু সুকীয়াকৈ বিশেষ অভিযান চলাব৷ ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া [প্ৰৱৰ্তক] হিমাংশু কুমাৰ দাসৰ নেতৃত্বত এটা প্ৰৱৰ্তক পৰিদৰ্শকৰ দলে চন্দ্ৰপুৰকে ধৰি কেতবোৰ বনভোজথলী পৰিদৰ্শন কৰি বাহন চালকে সুৰাপান কৰিছে নেকি তাক পৰীক্ষা কৰা পৰিলক্ষিত হৈছে৷ তেনেদৰে পৰৱৰ্তী পৰ্যায়ত ভোগালী বিহুৰ সময়তো তেনে বিশেষ অভিযান চলিব বুলি পৰিবহণ বিভাগৰ সূত্ৰত প্ৰকাশ৷ ইফালে দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে অসম আৰক্ষীয়ে ঠাইবিশেষে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত সংবাদ মাধ্যমক মাতি অনাৰ সলনি সুৰাপায়ী চালকক আটক কৰি লকআপত ৰাখিবলৈ নিৰ্দেশ দিছে৷